স্মৃতি, স্থিতিস্থাপকতা আৰু জীয়াই থকাৰ কাহিনীয়ে আইএফএফআই-ৰ কেন্দ্ৰীয় মঞ্চ গ্ৰহণ কৰিছে
নোহোৱা হোৱাসকলক স্মৰণঃ ‘ফৰেনছিক’ত ব্যক্তিগত যন্ত্ৰণা ৰাজনৈতিক হৈ পৰে
‘কু হাণ্ডজা’ত মোজাম্বিকৰ বাস্তৱ কাহিনীসমূহ সজীৱ হৈ উঠে
আজি আইএফএফআই-ত দৰ্শকসকলক কলম্বিয়া আৰু মোজাম্বিকৰ চিনেমাৰ দৃষ্টিকোণেৰে প্ৰায়ে উপেক্ষিত লোকসকলৰ জীৱনৰ এক বিৰল আভাস দাঙি ধৰা হয়। ‘ফৰেনছিক’ আৰু ‘কু হাণ্ডজা’ৰ নিৰ্মাতাসকলৰ সৈতে হোৱা সংবাদমেল কাহিনী কথনৰ এক মাষ্টাৰক্লাছ হৈ পৰে। কাহিনী কথন যে স্মৃতি আৰু স্থিতিস্থাপকতাৰ সমান্তৰালকৈ এক কলা, সেই কথাত আলোকপাত কৰা হয়।
ফেডেৰিকো আটেহ’ৰ্টুৱা আৰ্টেগাৰ ‘ফৰেনছিক’ এখন সাহসী, পৰীক্ষামূলক ছবি যিয়ে তিনিটা আখ্যানক ঐক্যবদ্ধ কৰিছে। যথাঃ এগৰাকী মহিলা পৰিচালকে এগৰাকী মৃত তৃতীয় লিংগৰ লোকক জীয়াই তুলিছে, চলচ্চিত্ৰ নিৰ্মাতাৰ পৰিয়ালে নিৰুদ্দেশ হোৱা আত্মীয়ৰ সৈতে যুঁজি আছে আৰু ফৰেনছিক পেথ’লজিষ্ট কেৰেন কুইন্টেৰোৰ সাক্ষ্য প্ৰদান কাৰ্য্য। ফলত ব্যক্তিগত যন্ত্ৰণা ৰাজনৈতিক হৈ পৰে। ইয়াত কলম্বিয়াৰ অশান্ত অতীত আৰু নিৰুদ্দেশৰ ফলত ৰৈ যোৱা দাগবোৰক অন্বেষণ কৰা হয়।

ফেডেৰিকোয়ে তেওঁৰ কামক পৰিচালিত কৰা বাস্তৱ জীৱনৰ সংযোগৰ বিষয়ে আবেগিকভাৱে কয়। "এয়া কলম্বিয়াৰ বহুতৰে কাহিনী। দেশখনৰ সকলোৱে জানিছিল যে কোনোবা এজন নিৰুদ্দেশ হৈছে। এই চিনেমাখন প্ৰদৰ্শনৰ পিছত দৰ্শকে হাত দাঙি কৈছিল, 'মোৰ ককা, মোৰ ভাই...' আনকি কিছুমানে কান্দিছিল", এইবুলি উল্লেখেৰে তেওঁ আৰু কয়, “এটা কাহিনী ইমান গভীৰভাৱে মানুহৰ মাজলৈ যোৱা দেখিবলৈ পাই পুলকিত হৈছো। স্মৃতি অতি প্ৰয়োজনীয়, ই নৱ-প্ৰজন্মক সংঘাতৰ মানৱীয় ব্যয়ৰ বিষয়ে শিকাই দিয়ে।” ফেডেৰিকোৰ বাবে ছবিখনৰ গৱেষণা যিমানেই প্ৰত্যাহ্বানমূলক আছিল, সিমানেই গুৰুত্বপূৰ্ণও আছিল। ছবিখন হৈ পৰে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিওৱাসকলৰ বাবে সংহতিৰ ভাৱ বিচাৰি উলিওৱাৰ এক মঞ্চ।

সমগ্ৰ বিশ্বতে জেচিন্টা মাৰিয়া ডি বাৰ’ছ দা মোটা পিন্টো আৰু ৰুই চেজাৰ ডি অলিভেইৰা চিম’ছে প্ৰযোজনা কৰা ‘কু হাণ্ডজা’ই বাস্তৱৰ এক বেলেগ সোৱাদ প্ৰদান কৰিছে। মোজাম্বিকত পৰিবেশিত এই ছবিখনে সাধাৰণ মানুহে অসাধাৰণ পৰিস্থিতিত কৰা আচৰণক প্ৰতিফলিত কৰিছে। বেঞ্জামিনে নিজৰ পুত্ৰৰ জন্মদিনৰ বাবে ধন বিচাৰি হাবাথুৰি খাইছে, ফিলিমোনে পৰিয়াল আৰু যুদ্ধকালীন কৰ্তব্যৰ মাজত ভাৰসাম্য ৰক্ষা কৰিছে তথা ইউলালিয়াই জন্ম দিয়াৰ মাত্ৰ কেইদিনমানৰ পিছতে লেণ্ডফিলত কামলৈ উভতি আহিছে। জেচিন্টাই বুজাই দিয়ে যে ছবিখনৰ প্ৰামাণ্যতা ইয়াৰ মানুহৰ পৰাই আহিছে, কিয়নো তেওঁলোক অভিনেতা নহয় বৰঞ্চ চিনেমাৰ কাহিনীৰ বাস্তৱ জীৱনৰেই অংশ। মোজাম্বিক পৰিচালকজনৰ বাবে দ্বিতীয় ঘৰ হৈ পৰিছিল।

দুয়োখন ছবি যদিও সুকীয়া বাস্তৱৰে বদ্ধমূল, তথাপিও ইয়াত বাধা দূৰ কৰি সকলোকে একত্ৰিত কৰা হৈছে। ‘ফৰেনছিক’-এ কলম্বিয়াৰ শোক আৰু ৰাজনৈতিক অস্থিৰতাক উন্মোচন কৰে, আনহাতে ‘কু হাণ্ডজা’-ই মোজাম্বিকৰ জীৱনৰ স্থিতিস্থাপকতা আৰু দৈনন্দিন জীৱন-যাত্ৰাক ধৰি ৰাখিছে। ছবি দুখনে একেলগে দৰ্শকক সোঁৱৰাই দিয়ে যে চিনেমা কেৱল মনোৰঞ্জনৰ মাধ্যমেই নহয়, বৰঞ্চ ইয়াৰ সীমান্তৰ সিপাৰৰ মানৱ অভিজ্ঞতাক অন্তৰ্ভুক্ত, সংযোগ আৰু আলোকিত কৰাৰ ক্ষমতা আছে।
ইয়াত স্পষ্ট হৈ পৰে যে এই ছবিসমূহে কাহিনী কথনতকৈয়ো বেছি কাম কৰে। যিয়ে জগতসমূহৰ মাজত এখন সেতু গঢ়ে, দৰ্শকক সংগ্ৰাম কৰা, জীয়াই থকা আৰু আশাবাদী হোৱাৰ সুযোগ প্ৰদান কৰে। যিসমূহ ঠাইলৈ তেওঁলোক হয়তো কেতিয়াও নাযায়, তথাপিও তাৰ বেদনাক গভীৰভাৱে অনুভৱ কৰিব পাৰে।
পিচি লিংকঃ
আইএফএফআই সম্পৰ্কে
১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।
অধিক তথ্যৰ বাবে ইয়াত ক্লিক কৰকঃ
আইএফএফআই ৱেবচাইটঃ https://www.iffigoa.org/
পিআইবি-ৰ আইএফএফআই মাইক্ৰ’চাইটঃ https://www.pib.gov.in/iffi/56/
পিআইবি আইএফএফআইউড ব্ৰডকাষ্ট চেনেলঃ https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
এক্স হেণ্ডেলঃ @IFFIGoa, @PIB_India, @PIB_Panaji
* * *
PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Nikhitha A S/Darshana Rane | IFFI 56 - 089 |SB
Release ID:
2195410
| Visitor Counter:
4