আই এফ এফ আইত দুখন শক্তিশালী ছবিৰ জৰিয়তে কৰিলে মাতৃত্ব, পৰিচয় আৰু ইতিহাস অন্বেষণৰ গোলকীয় কণ্ঠস্বৰ অনুৰণিত
আকিনোলাৰ ‘মাই ফাদাৰছ শ্বেড’ৱে জীৱন আৰু ৰাজনীতিৰ স্পন্দনক প্ৰতিফলিত কৰিছে
‘মাদাৰ’ছ বেবী’ য়ে আবেগ বিজড়িত মাতৃত্বৰ কথা ফুটাই তুলিছে
‘মাদাৰ’ছ বেবী’ আৰু ‘মাই ফাদাৰছ শ্বেড’’ ছবি দুখনৰ জড়িয়তে শিল্পকলা, স্মৃতিশক্তি আৰু চিনেমাই জীৱিত বাস্তৱতাক প্ৰতিফলিত কৰাৰ অন্তৰংগ উপায়সমূহৰ বিষয়ত গভীৰভাবে আলোকপাত কৰা পৰিলক্ষিত হৈছে। আজি আই এফ এফ আইত দুখন বহু পৰিমাণে পৃথক অথচ আবেগিকভাৱে একেধৰণে অনুৰণিত জগতখন একত্ৰিত কৰে । এই অধিৱেশনত ‘মাদাৰ’ছ বেবী’ৰ চিনেমাট’গ্ৰাফাৰ ৰবাৰ্ট অ’ব্ৰেইনাৰ আৰু প্ৰডাকচন ডিজাইনাৰ জোহানেছ চালাটৰ সৈতে ‘মাই ফাদাৰছ শ্বেড’’ৰ পৰিচালক আকিনোলা অগুনমেড ডেভিছে মত-বিনিময় কৰে। যি ছবিয়ে ব্ৰিটেইনৰ অফিচিয়েল অস্কাৰত প্ৰৱেশ আৰু কানত প্ৰদৰ্শিত হোৱা প্ৰথমখন নাইজেৰিয়ান ছবি হিচাপে বিশ্বজুৰি ঢৌ তুলিছিল।

জীৱনজোৰা এটা সাধনা: আকিনোলাৰ চলচ্চিত্ৰ নিৰ্মাণ যাত্ৰা
আলোচনাৰ আৰম্ভণিতে আকিনোলাই ‘মাই ফাদাৰ’ছ শ্বেড’ৰ সৃষ্টিৰ বিষয়ে কয়। ছবিখনৰ সূত্ৰপাত ঘটাইছিল তেওঁৰ ভাতৃয়ে লিখা এখন প্ৰাৰম্ভিক চুটি ছবিৰ পৰা।
১৯৯৩ চনৰ নাইজেৰিয়াৰ নিৰ্বাচনৰ পটভূমিত নিৰ্মিত এই ছবিখনে তেওঁলোকৰ নিজৰ শৈশৱৰ ৰাজনৈতিক উত্তেজনাৰ স্মৃতি প্ৰতিফলিত কৰিছে।
আকিনোলাই কয় যে তেওঁৰ সৃষ্টিশীল প্ৰক্ৰিয়াৰ বহুখিনি প্ৰবৃত্তিই পথ প্ৰদৰ্শন কৰিছিল। "ক্ষুদ্ৰ' কাহিনীটো হৈছে পিতৃ আৰু তেওঁৰ ল'ৰাকেইটাকলৈ । বিস্তৃত কাহিনীটোত নিৰ্বাচন আৰু সকলোবোৰ মিহলি হৈ পৰিছে।" ছবিখনৰ কাহিনী এটা এদিনতে ঘটা কাহিনী।

"ই আমাক স্বাভাৱিকভাৱে উত্তেজনা গঢ়ি তুলিবলৈ প্ৰেৰণা দিলে আৰু সকলো এদিনতে ঘটাৰ বাবে আমি ধাৰাবাহিকতাৰ দ্বাৰা বান্ধ খাই থকা নাছিলো। আমি আবেগৰ বিষয়ত গুৰুত্ব দিব পাৰিলোঁ।"
শ্বুটিঙৰ আবেগিক আৰু কাৰিকৰী বাধাসমূহৰ বিষয়ে বাখ্যা কৰি ছবি নিৰ্মাতাগৰাকীয়ে, বিশেষকৈ বিচ্ছুৰিত দৃশ্যসমূহৰ বিষয়ে কয়- য’ত ১৬ মিমি ছবিয়ে নানান কাৰকৰ বিৰুদ্ধে যুঁজিছিল।
এটা অন্ত্যেষ্টিক্ৰিয়াৰ দৃশ্যই তেওঁক আবেগিক কৰি পেলালে: “মই দুদিন বিচনাত থাকি কান্দিলোঁ,” এনে মুহূৰ্তক “শক্তিশালী চলচ্চিত্ৰ নিৰ্মাণৰ সাক্ষ্য” বুলি তেওঁ স্বীকাৰ কৰে।
আকিনোলাই দৰ্শকক নাইজেৰিয়াৰ বিষয়েও আভাস দিয়ে । তেওঁ নাইজেৰিয়াৰ ৰাজনৈতিক পৰিৱেশ, ভাষিক বৈচিত্ৰ্য, আনকি ঐতিহাসিক শিক্ষাৰ ব্যৱধানৰ বিষয়েও উল্লেখ কৰে।
ইংৰাজী, ক্ৰিয়েল আৰু ৰাজপথৰ স্থানীয় ভাষাই তেওঁৰ ছবিখনত স্থান লাভ কৰিছে আৰু আকিনোলাৰ বাবে এই ভাষিক বৈচিত্ৰ্যতাই নাইজেৰিয়াক সংজ্ঞায়িত কৰা সামাজিক তথা সাংস্কৃতিক মিশ্ৰণক প্ৰতিফলিত কৰিব পাৰিছে।
এনে প্ৰতিফলনে সমসাময়িক চিনেমাৰ ইতিহাসত অপ্ৰতিনিধিত্বশীল দেশৰ এক প্ৰাঞ্জল ছবি অংকন কৰিছে ।

‘মাদাৰ’ছ বেবী’ত মাতৃত্বৰ অকথিত, অস্থিৰ স্তৰসমূহক উদ্ভাসিত কৰা হৈছে।
‘মাদাৰ’ছ বেবী’ৰ সৈতে জড়িত দলটোৰ বাবে ছবিখনৰ আবেগিক ইঞ্জিন আছিল প্ৰসৱৰ পিছৰ দিশহাৰা পৰিস্থিতি পাৰ কৰা কৰা এগৰাকী মহিলাৰ যাত্ৰা।
চিনেমাটোগ্ৰাফাৰ ৰবাৰ্ট অ’ব্ৰেইনাৰে কয় যে তেওঁলোকৰ প্ৰধান উদ্দেশ্য আছিল “প্ৰসৱৰ সময়ত এগৰাকী মহিলাৰ ক্ষেত্ৰত হোৱা প্ৰকৃত পৰিৱৰ্তনসমূহ” চিত্ৰিত কৰা।
ছবিখনত জুলিয়া নামৰ এগৰাকী বিখ্যাত অৰ্কেষ্ট্ৰা পৰিচালকক দাঙি ধৰা হৈছে, যাৰ পৰীক্ষামূলক প্ৰজনন প্ৰক্ৰিয়াৰ জৰিয়তে গৰ্ভধাৰণ কৰা কেঁচুৱাটোৱে অচিনাকি পৰিবেশ অনুভৱ কৰে।
ৰবাৰ্টে কয় যে তেওঁলোকৰ দৃশ্যগত পদ্ধতিটো এনেদৰে ডিজাইন কৰা হৈছিল যাতে দৰ্শকে “তেওঁৰ সৈতে খোজ মিলাই আগুৱাই যাব পাৰে তাকো এক অস্থিৰ মানসিক ভূখণ্ডৰ মাজৰে ।”
প্ৰডাকচন ডিজাইনাৰ জোহানেছ চালাটে কাহিনীটোৰ বিষয়বস্তুৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয় যে, “মহিলাৰ বাবে ই এক গভীৰভাৱে গুৰুত্বপূৰ্ণ বিষয়,” তেওঁ ছবিখনৰ কাহিনী “যিকোনো ঠাইতে ঘটিব পৰা” এক সাৰ্বজনীন আখ্যান বুলি অভিহিত কৰে।ছবিখনৰ জগতখন সৃষ্টি কৰাটো তেওঁৰ বাবে প্ৰত্যাহ্বানমূলক আছিল আৰু অৱশেষত তেওঁলোকে বাছি লোৱা স্থান “কাহিনীৰ অন্তৰ্গত যেন অনুভৱ হৈছিল।”
ছবিখনৰ উত্তেজনা নিৰৱে বাঢ়ি যায়: কেঁচুৱাটোৰ প্ৰতি আনৰ প্ৰতিক্ৰিয়া আৰু মাকে কেনেদৰে কৰে তাৰ মাজত সূক্ষ্ম মিল নোহোৱা কথাবোৰ বিচাৰি পাইছিল সেয়া ফুটি উঠে। “তাৰ পৰাই ছাচপেন্স আৰম্ভ হয়,” ৰবাৰ্টে কয় ।
তেওঁ ছবিখনৰ মুকলি ক্লাইমেক্সৰ বিষয়েও আলোচনা কৰি ইয়াক দৰ্শকে নিজৰ বাবে উপলব্ধি কৰিবলগীয়া প্ৰহেলিকা বুলিও অভিহিত কৰে।
গতি পৰিৱৰ্তনৰ কলা: পুনৰ উদ্ভাৱন হিচাপে চলচ্চিত্ৰ নিৰ্মাণ
দুয়োটা দলে চলচ্চিত্ৰ নিৰ্মাণক এক অহৰহ বিকশিত প্ৰক্ৰিয়া হিচাপে গণ্য কৰিছিল।
ৰবাৰ্টে কয় যে ‘মাদাৰ’ছ বেবী’ত ছবিখনৰ পিছৰ অংশৰ বাবে কৰা শ্বটবোৰে কেতিয়াবা আৰম্ভণিতে স্থান লাভ কৰিছিল।
তেওঁ কয় যে এইবোৰ সিদ্ধান্ত তেওঁ চিনেমাটোগ্ৰাফাৰ হিচাপে প্ৰথমতে লৈছিল, পৰিচালকেও তেওঁক সোঁৱৰাই দিয়া নাছিল যে “ধাৰাবাহিকতা নহয়, আবেগহে প্ৰথম কথা।”
জোহানেছে এই কথাত সন্মতি দিছিল আৰু লক্ষ্য কৰিছিল যে চলচ্চিত্ৰ নিৰ্মাণে প্ৰায়ে অভাৱনীয় গন্তব্যস্থানলৈ গতি কৰে : “কেতিয়াবা আপুনি য’লৈ যাব বুলি ভাবিছিল সেই ঠাইতকৈ ভাল ঠাইত উপনীত হয়।”

আকিনোলাই এই আবেগক প্ৰতিধ্বনিত কৰি কয় : “আপুনি ছবি এখন তিনিবাৰ নিৰ্মাণ কৰে—লিখাৰ সময়ত, শ্বুটিং কৰাৰ সময়ত আৰু সম্পাদনা কৰাৰ সময়ত।” তেওঁ কয়, এয়া কেৱল ভ্ৰমণ নহয়, আৱিষ্কাৰহে৷
অধিৱেশনৰ শেষলৈকে যিখিনি বাকী আছিল সেয়া আছিল অভিজ্ঞতাৰ এক সজীৱ ক্ৰছ-কাৰেণ্ট দাঙি ধৰা :
দুখন ছবি বিপৰীতমুখী প্ৰাকৃতিক দৃশ্যৰ আধাৰত নিৰ্মিত , কিন্তু জীয়া প্ৰবৃত্তি, কলাত্মক সত্য আৰু গল্প কথনৰ ধৰণ দুযোখন ছবিৰ ক্ষেত্ৰতে যেন সংযুক্ত হৈ আছে।
আই এফ এফ আইৰ বিষয়ে
১৯৫২ চনত আৰম্ভ হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমাৰ উদযাপন হিচাপে থিয় দিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু গোৱা ৰাজ্য চৰকাৰৰ এণ্টাৰটেইনমেণ্ট ছ’চাইটি অৱ গোৱা (ই এছ জি), গোৱা চৰকাৰৰ যৌথভাৱে আয়োজন কৰা এই উৎসৱটো এক বিশ্বব্যাপী চিনেমাৰ শক্তিশালী স্থানলৈ পৰিণত হৈছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী ব্যক্তিত্ব, পটভূমিৰ সৈতে সংযোগ হোৱাৰ সুযোগ পায়। আইএফএফআইক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ বৈদ্যুতিক মিশ্ৰণ—আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিৰ ৱেভছ ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি আৰু সহযোগিতাই উৰণ লয়। ২০–২৮ নৱেম্বৰৰ পৰা গোৱাৰ সুন্দৰ উপকূলীয় পটভূমিত মঞ্চস্থ কৰা ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক চকু থৰ লগাব পৰা বৰ্ণালীৰ প্ৰতিশ্ৰুতি দিছে— এয়া হৈছে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

PIB IFFI CAST AND CREW | Ritu Shukla/Sangeeta Godbole/Sreeshma K/Darshana Rane | IFFI 56 - 070
रिलीज़ आईडी:
2195190
| Visitor Counter:
22