কেবিনেট
azadi ka amrit mahotsav

চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট (আৰ ই পি এম) উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে ৭,২৮০ কোটি টকাৰ আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

ভাৰত চৰকাৰে আৰ ই পি এম পৰিৱেশতন্ত্ৰক প্ৰসাৰিত কৰাৰ বাবে, আত্মনিৰ্ভৰশীলতা বৃদ্ধি আৰু বিশ্বৰ আৰ ই পি এম বজাৰত ভাৰতক আগৰণুৱা হিচাপে স্থান দিয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে

এই আঁচনিখনে ৬,০০০ এমটিপিএৰ চিণ্টাৰড আৰইপিএমৰ ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰিব, অটোমোটিভ, প্ৰতিৰক্ষা, আৰু মহাকাশ খণ্ডৰ বাবে যোগান শৃংখল শক্তিশালী কৰিব আৰু আত্মনিৰ্ভৰ ভাৰত অভিযান তথা ভাৰতৰ নেট জিৰ’ ২০৭০ প্ৰতিশ্ৰুতিক সমৰ্থন কৰিব

प्रविष्टि तिथि: 26 NOV 2025 4:03PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ৭২৮০ কোটি টকাৰ আৰ্থিক ব্যয়ৰে ‘চিণ্টাৰেড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেটৰ উৎপাদনক প্ৰসাৰিত কৰাৰ আঁচনি’ত অনুমোদন জনায়। এই প্ৰথমটো পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতত বছৰি ৬,০০০ মেট্ৰিক টন (এমটিপিএ) চিণ্টাৰড ৰেয়াৰ আৰ্থ পাৰ্মানেণ্ট মেগনেট(আৰইপিএম) উৎপাদনৰ  বাট প্ৰশস্ত কৰা। যাৰ ফলত আত্মনিৰ্ভৰশীলতা বৃদ্ধি পাব আৰু বিশ্বৰ আৰইপিএম বজাৰত ভাৰতক অগ্ৰণী দেশ হিচাপে স্থান দিব।

আৰ ই পি এম হৈছে অন্যতম শক্তিশালী স্থায়ী চুম্বক আৰু ই বৈদ্যুতিক বাহন, নবীকৰণযোগ্য শক্তি, ইলেক্ট্ৰনিকছ, মহাকাশ আৰু প্ৰতিৰক্ষা প্ৰয়োগৰ বাবে অতি প্ৰয়োজনীয়। এই আঁচনিখনে সংহত আৰ ই পি এম উৎপাদন সুবিধা সৃষ্টিত সহায় কৰিব, য’ত আপুৰুগীয়া  অক্সাইডক ধাতুলৈ, ধাতুক মিশ্ৰণলৈ  আৰু এনে  মিশ্ৰণক  আৰ ই পি এমলৈ ৰূপান্তৰ কৰা হ’ব।

বৈদ্যুতিক বাহন, নবীকৰণযোগ্য শক্তি, ঔদ্যোগিক প্ৰয়োগ  আৰু  ইলেক্ট্ৰনিকছৰ পৰা আৰম্ভ কৰি  দ্ৰুতগতিত বৃদ্ধি পোৱা এনেবোৰ সামগ্ৰীৰ  চাহিদা পূৰণ কৰিব পাৰিব।  এনে পৰিস্থিতিত  ২০২৫ চনৰ তুলনাত ২০৩০ চনৰ ভিতৰত ভাৰতৰ আৰ ই পি এমৰ ব্যৱহাৰ দুগুণ হোৱাৰ আশা কৰা হৈছে।বৰ্তমান ভাৰতৰ আৰ ই পি এমৰ চাহিদা মূলতঃ আমদানিৰ জৰিয়তে পূৰণ কৰা হয়। কিন্তু শেহতীয়া এই পদক্ষেপৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে সংহত আৰ ই পি এম উৎপাদন সুবিধা স্থাপন কৰিব, কৰ্মসংস্থাপন সৃষ্টি কৰিব, আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰিব আৰু ২০৭০ চনৰ ভিতৰত নেট জিৰ’ লক্ষ্য লাভৰ দিশৰ  দেশৰ দায়বদ্ধতাক আগুৱাই নিব।

আঁচনিখনৰ বাবে ধাৰ্য কৰা  হৈছে মুঠ বিত্তীয় ব্যয় ৭২৮০ কোটি টকা। আঁচনিখনৰ মুঠ আৰ্থিক ব্যয় হৈছে ৭২৮০ কোটি টকা,পাঁচ বছৰৰ বাবে আৰ ই পি এম বিক্ৰীৰ ওপৰত ৬৪৫০ কোটি টকা আৰু আৰ ই পি এমৰ উৎপাদন সুবিধাৰ মুঠ ৬,০০০ এম টি পি এ স্থাপনৰ বাবে ৭৫০ কোটি টকাৰ মূলধনী ৰাজসাহায্য।

আঁচনিখনে বিশ্বব্যাপী প্ৰতিযোগিতামূলক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ক্ষমতা পাঁচগৰাকী  হিতাধিকাৰীক আবণ্টন দিয়াৰ পৰিকল্পনা কৰিছে। প্ৰতিজন হিতাধিকাৰীক ১২০০ এমটিপিএ পৰ্যন্ত ক্ষমতা আবণ্টন দিয়া হ’ব।

আঁচনিখনৰ মুঠ সময়সীমা আৰম্ভৰ তাৰিখৰ পৰা ৭ বছৰ হ’ব, য’ত থাকিব  সংহত আৰ ই পি এম উৎপাদন সুবিধা স্থাপনৰ বাবে ২ বছৰৰ প্ৰথমাৱস্থা  আৰু আৰ ই পি এম বিক্ৰীৰ বিষয়ত  উদগনিমূলক ধন  বিতৰণৰ বাবে ৫ বছৰ।

ভাৰত চৰকাৰৰ এই পদক্ষেপ ঘৰুৱা আৰ ই পি এম উৎপাদন পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ দিশত আৰু বিশ্বৰ বজাৰত প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। আৰ ই পি এম উৎপাদনত থলুৱা সামৰ্থ্যক লালন-পালন কৰি এই আঁচনিখনে ঘৰুৱা উদ্যোগসমূহৰ বাবে আৰ ই পি এম যোগান শৃংখল সুৰক্ষিত কৰাই নহয়, দেশৰ নেট জিৰ’ ২০৭০ প্ৰতিশ্ৰুতিকো সমৰ্থন কৰিব। ইয়াত বিকশিত  ভাৰত ২০৪৭ৰ কল্পদৃষ্টিৰ  সৈতে সংগতি ৰাখি প্ৰযুক্তিগতভাৱে আত্মনিৰ্ভৰশীল, বিশ্বব্যাপী প্ৰতিযোগিতামূলক আৰু বহনক্ষম ঔদ্যোগিক ভিত্তি গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰৰ  অটল প্ৰতিশ্ৰুতিকে পুনৰ দৃঢ় কৰিছে। 

 

 MJPS/DM


(रिलीज़ आईडी: 2195104) आगंतुक पटल : 28
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Odia , English , Urdu , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Tamil , Kannada , Malayalam