iffi banner

সমতা, দৃশ্যমানতা আৰু সৃষ্টিশীল স্বাধীনতাৰ আহ্বান স্বতন্ত্ৰ চিনেমাৰ মহিলাসকলৰ

পেনেলে মহিলাৰ চলচ্চিত্ৰ নিৰ্মাণৰ এক সংজ্ঞায়িত উপাদান হিচাপে পৰ্যবেক্ষণ কৰে

পেনেলে সহযোগিতা বৃদ্ধিৰ আহ্বান জনায়, যিয়ে মহিলা সৃষ্টিকৰ্তাসকলৰ বাবে অনুকূল পৰিৱেশ প্ৰদান কৰিব

৫৬সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ অংগ হিচাপে স্বাধীন চলচ্চিত্ৰৰ জৰিয়তে বিশ্বব্যাপী ভাৰত শীৰ্ষক বিষযত কেইগৰাকীমান মহিলাৰ এক পেনেলত অংশগ্ৰহণ কৰে অভিনেত্ৰী তথা চলচ্চিত্ৰ নিৰ্মাতা ৰজনী বসুমতাৰী, ৰেচেল গ্ৰীফিথছ, চিনেমাটোগ্ৰাফাৰ ফৌজিয়া ফাতিমা, অভিনেত্ৰী মীনাক্ষী জায়েয়ানৰ দৰে কুশলীসকলে। স্বাধীন চিন্তা প্ৰসূত চলচ্চিত্ৰ নিৰ্মাণত মহিলাসকলৰ সৃজনশীলতা আৰু ব্যক্তিগত অভিজ্ঞতাই কিদৰে প্ৰভাৱ পেলাইছে সেই বিষয়ে পেনেলত বিস্তৃত মত বিনিময় কৰে।

ফৌজিয়াৰ ভাষণত স্থানীয় প্রেক্ষাপটক আন্তৰ্জাতিক পৰিসৰত প্রাসংগিক কৰি তোলাত চলচ্চিত্ৰ শিল্পৰ ভূমিকা উত্থাপিত হয়। এই সমীক্ষাত মহিলাসকলৰ বিশেষ পাৰদৰ্শিতাৰ কথা উল্লেখ কৰিছে ৰজনী বসুমতাৰীয়ে।

পেনেলিষ্টসকলে আধুনিক চলচ্চিত্ৰত মহিলাৰ কণ্ঠস্বৰ কিমান শক্তিশালী হৈ পৰিছে সেই বিষয়েও মত বিনিময় কৰে। এই সন্দৰ্ভত ফৌজিয়াই ২০১৭ চনত আৰম্ভ হোৱা ভাৰতীয় মহিলা চিনেমাটোগ্ৰাফাৰসকলৰ সামগ্ৰিক প্ৰচেষ্টাৱলীৰ কথা উল্লেখ কৰে। তেওঁ এই উদ্যোগৰ প্ৰতি চলচ্চিত্ৰ শিল্পীসকলৰ আগ্ৰহৰ কথাও উল্লেখ কৰে। আলোচনাত শ্বেলী শৰ্মাৰ 'বিমুক্তি' আৰু অর্চনা ঘাংৰেকৰ 'শেপ অফ ম’ম'ৰ দৰে ছবিৰ অন্তর্ভুক্তি বিশেষ তাৎপর্যপূর্ণ বুলি তেওঁৰ মন্তব্য।

ৰজনীয়ে স্মৰণ কৰে যে দুবছৰ পূৰ্বে, তেওঁক এজন চলচ্চিত্ৰ নিৰ্মাতাজনৰ ওচৰলৈ নিজৰ প্ৰকল্পৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু তেওঁ এই নেটৱৰ্কৰ প্ৰভাৱৰ কথা স্বীকাৰ কৰে। মহিলাসকলে নিৰ্মাণ কৰা চলচ্চিত্ৰৰ বাবে পুঁজি যোগান ধৰাৰ বাবে কেৰালা ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি মীনাক্ষীয়ে কয় যে তেওঁৰ ছবি ভিক্টোৰিয়াই এই সুযোগৰ পৰা লাভান্বিত হৈছে। মহিলা নেতৃত্বাধীন চলচ্চিত্ৰক সমৰ্থন কৰা কেৰালা ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ প্ৰথম নিৰ্বাচন সমিতিৰ সদস্য ফৌজিয়াই মহিলাৰ নামত প্ৰকল্প দাখিল কৰা পুৰুষসকলৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰে আৰু সতৰ্কতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চলচ্চিত্ৰ নিৰ্মাণ আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষাৰ বিভিন্ন প্ৰত্যাহ্বানৰ কথা উত্থাপিত হয়। তেওঁলোকে কয় যে অ'টিটিআইৰ বিভিন্ন মঞ্চই মহিলাসকলৰ বাবে সুযোগৰ পৰিসৰ বৃদ্ধি কৰিছে। তেওঁলোকে মজুৰিৰ ক্ষেত্রত সমতাৰ পক্ষত মাত মাতে।

For more information, click on:

IFFI Website: https://www.iffigoa.org/

PIB’s IFFI Microsite: hhttps://www.pib.gov.in/iffi/56/

PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F

X Post Link: https://x.com/PIB_Panaji/status/1991438887512850647?s=20

X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji

* * *

https://static.pib.gov.in/WriteReadData/specificdocs/photo/2024/oct/ph20241021420201.pngPIB IFFI CAST AND CREW | Sangeeta Godbole/Nikhitha A S/Darshana Rane | IFFI 56 – 050/DB


Great films resonate through passionate voices. Share your love for cinema with #IFFI2025, #AnythingForFilms and #FilmsKeLiyeKuchBhi. Tag us @pib_goa on Instagram, and we'll help spread your passion! For journalists, bloggers, and vloggers wanting to connect with filmmakers for interviews/interactions, reach out to us at iffi.mediadesk@pib.gov.in with the subject line: Take One with PIB.


Release ID: 2194773   |   Visitor Counter: 5