প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে কুৰুক্ষেত্ৰ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে

পোষ্ট কৰা হৈছে: 25 NOV 2025 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ কুৰুক্ষেত্ৰ ভ্ৰমণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ শংখৰ সন্মানাৰ্থে নিৰ্মাণ কৰা নৱনিৰ্মিত ‘পাঞ্চজন্য’ উদ্বোধন কৰে। ইয়াৰ পিছত তেওঁ মহাভাৰত অনুভৱ কেন্দ্ৰ পৰিদৰ্শন কৰে। ইয়াত মহাভাৰতৰ উল্লেখযোগ্য খণ্ডসমূহক চিত্ৰিত কৰি ইয়াৰ চিৰস্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্য্যক উজ্জ্বল কৰি তোলা হৈছে। প্ৰধানমন্ত্ৰীয়ে শ্ৰদ্ধাৰ নৱম শিখ গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ স্মৃতিত এক বিশেষ কাৰ্যসূচীতো অংশগ্ৰহণ কৰি ভাষণ দিয়ে। ইয়াৰ পিছত ভাৰতৰ অন্যতম পবিত্ৰ তীৰ্থস্থান ব্ৰহ্ম সৰোৱৰ দৰ্শন আৰু পূজা-অৰ্চনা কৰে।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

"৩৫০ সংখ্যক শ্বহীদ দিৱসত আমি শ্ৰী গুৰু টেগ বাহাদুৰ জীক প্ৰণাম জনাইছো। তেওঁৰ অতুলনীয় সাহস আৰু পৰম ত্যাগে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।"

“৩৫০ সংখ্যক শ্বহীদ দিৱসত আমি শ্ৰী গুৰু টেগ বাহাদুৰ জীক প্ৰণাম জনাইছো। তেওঁৰ অতুলনীয় সাহস আৰু পৰম ত্যাগে লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।”

"ভগৱান কৃষ্ণৰ ঐশ্বৰিক শংখ পাঞ্চজন্যৰ সন্মানাৰ্থে নিৰ্মিত কুৰুক্ষেত্ৰৰ পাঞ্চজন্য স্মৃতিসৌধ ন্যায় আৰু সত্যৰ জয়ৰ প্ৰতীক। ই ভৱিষ্যত প্ৰজন্মক সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰি যাব।"

"কুৰুক্ষেত্ৰৰ 'মহাভাৰত অনুভৱ কেন্দ্ৰ' আমাৰ সাংস্কৃতিক ঐতিহ্যৰ এক আচৰিত আৰু শক্তিশালী প্ৰকাশ। ইয়াত সকলোৱে মহাভাৰতৰ পৰিঘটনাসমূহ বিশদভাৱে অনুভৱ কৰিব।"

“নৱম শিখ গুৰু শ্ৰী টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসত তেওঁৰ সন্মানত বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰি গৌৰৱ অনুভৱ কৰিছো।”

“কুৰুক্ষেত্ৰ প্ৰদৰ্শনীত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ অদম্য সাহস, ত্যাগ আৰু আমাৰ সাংস্কৃতিক ঐতিহ্যৰ সাক্ষী হোৱাৰ সুযোগ পাইছিলো।”

“কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ লগত জড়িত অনুষ্ঠানলৈ অহা সংগতলৈ মোৰ আন্তৰিক প্ৰণাম!”

“আজিৰ ভাৰতৰ শক্তিশালী ৰূপত শ্ৰী গুৰু টেগ বাহাদুৰ চাহিবৰ দৰে মহাপুৰুষৰ ত্যাগ আৰু সমৰ্পণো সন্নিবিষ্ট হৈছে।”

“মই সন্তুষ্ট যে যোৱা ১১ বছৰত আমাৰ চৰকাৰে আমাৰ গুৰু আৰু শিখ সম্প্ৰদায়ৰ লগত জড়িত পবিত্ৰ পৰম্পৰাক জাতীয় উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰিছে।”

"পবিত্ৰ 'যোদা চাহিব'ৰ সৈতে জড়িত সকলো তথ্য বিবেচনা কৰি আমি সামূহিকভাৱে ইয়াক তখত শ্ৰী পাটনা চাহিবৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ দ্বাৰা এই পবিত্ৰ ঐতিহ্য আগন্তুক প্ৰজন্মলৈ সংৰক্ষিত হ'ব।"

"গুৰু চাহিবৰ পৰা প্ৰেৰণা লৈ আজিৰ ভাৰত অদম্য সাহস আৰু পূৰ্ণ শক্তিৰে আগবাঢ়িছে। ইয়াৰ এক প্ৰধান উদাহৰণ অপাৰেচন সিন্দূৰ।"

“গুৰু চাহিবৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মোৰ সমাজ আৰু যুৱ বন্ধু-বান্ধৱীলৈ মোৰ বিশেষ অনুৰোধ...”

“শিখসকলৰ নৱম গুৰু শ্ৰী টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ বাৰ্ষিকীত এক “বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰি মই অতি গৌৰৱ অনুভৱ কৰিছো।”

“কুৰুক্ষেত্ৰ প্ৰদৰ্শনীত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ অবিশ্বাস্য সাহস, ত্যাগ আৰু সাংস্কৃতিক উৎকৰ্ষতা প্ৰত্যক্ষ কৰো।”

“কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰ জীৰ ৩৫০ সংখ্যক শ্বহীদ বৰ্ষপূৰ্তিৰ লগত জড়িত অনুষ্ঠানটোলৈ অহা সকলোকে মই প্ৰণাম জনাও!”

“শ্রীগুৰু টেগ বাহাদুৰ চাহিবৰ দৰে এই যুগৰ মহাপুৰুষসকলৰ বাবেই আজি ভাৰতৰ সবল ৰূপ প্ৰত্যক্ষ হৈছে।”

“মই সন্তুষ্ট যে যোৱা ১১ বছৰত আমাৰ চৰকাৰে আমাৰ গুৰু আৰু শিখ সম্প্ৰদায়ৰ লগত জড়িত পবিত্ৰ পৰম্পৰাক জাতীয় উৎসৱ হিচাপে প্ৰতিষ্ঠা কৰিছে।”

“পবিত্ৰ 'যোদা চাহিব'ৰ সৈতে জড়িত সকলো তথ্য বিবেচনা কৰি আমি সামূহিকভাৱে ইয়াক তখত শ্ৰী পাটনা চাহিবৰ বাবে উৎসৰ্গা কৰাৰ সিদ্ধান্ত লৈছো। ইয়াৰ দ্বাৰা এই পবিত্ৰ ঐতিহ্য আগন্তুক প্ৰজন্মলৈ সংৰক্ষিত হ'ব। লগতে এয়া সংৰক্ষিত হৈ থাকিব।”

“গুৰু চাহিবৰ পৰা প্ৰেৰণা লৈ আজিৰ ভাৰত অদম্য সাহস আৰু পূৰ্ণ শক্তিৰে আগবাঢ়িছে। ইয়াৰ এক প্ৰধান উদাহৰণ অপাৰেচন সিন্দূৰ।”

“গুৰু চাহিবৰ সৈতে জড়িত এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত মোৰ সমাজ আৰু যুৱ বন্ধু-বান্ধৱীলৈ মোৰ বিশেষ অনুৰোধ...”

"কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা উৎসৱৰ সময়ত মই পবিত্ৰ ব্ৰহ্ম সৰোৱৰ দৰ্শন আৰু পূজা কৰাৰ সৌভাগ্য লাভ কৰিলো। ইয়াত মহা আৰতিত অংশগ্ৰহণ কৰি সকলো দেশবাসীৰ বাবে সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে প্ৰাৰ্থনা কৰিলো।"

***

MJPS/SR/SB
 


(ৰিলিজ আই ডি : 2194521) অতিথি কক্ষ : 15