‘লালা এণ্ড পপি’য়ে মূলসুঁতিক আগুৱাই অহাৰ উদগণি দিছে: সীমাৰ পৰিধি ভঙা এখন ছবি নিৰ্মাণৰ অংশীদাৰ হৈছে অভিনেতা-অভিনেত্ৰী আৰু কলা-কুশলীসকল
বীৰ আৰু সুৰুজে প্ৰামাণীকতা আৰু প্ৰতিনিধিত্বৰ এক শক্তিশালী কাহিনীৰে মঞ্চত ছাপ ৰাখি থৈ যায়
সীমা নেওচি, পৰিচিতি আৰু গ্ৰহণযোগ্যতাক আঁকোৱালি লোৱা এক কথোপকথন
আজি আই এফ এফ আই-ত অনুষ্ঠিত এক উদ্দীপক সংবাদমেলত মুম্বাইৰ স্পন্দনৰে নিৰ্মিত কোমল, লিংগ-পৰিৱৰ্তনশীল প্ৰেম কাহিনী ‘লালা এণ্ড পপি’ৰ নেপথ্যৰ দলটোৱে ছবিখনৰ যাত্ৰা, ইয়াৰ সামাজিক অনুৰণন আৰু সৎ প্ৰতিনিধিত্বৰ প্ৰতি ইয়াৰ গভীৰ দায়বদ্ধতা সন্দৰ্ভত মুকলিকৈ কয়। পৰিচালক কাইজাদ গুস্তাদ, প্ৰযোজক ববী বেদী, অভিনেতা বীৰ সিং আৰু সুৰুজ ৰাজখোৱাই তথাকথিত পৰিচয়ৰ উৰ্ধ্বত প্ৰেম, যুগ্মতাৰ উৰ্ধ্বত মানৱতা আৰু দৰ্শনৰ উৰ্ধ্বত প্ৰামাণীকতাক কেন্দ্ৰ কৰি লোৱাৰ সাহস কৰা এখন ছবিৰ বিষয়ে আলোচনা কৰে।
এটা সৎ কাহিনীৰ আলাপ: প্ৰথমে মানুহ, লিংগ পিছত
বহু দশক ধৰি বৃহত্ বৃহত্ ছবি নিৰ্মাণ কৰাৰ পিছত তেওঁ কিয় এই প্ৰকল্পটোক সমৰ্থন কৰিবলৈ বাছি লৈছিল সেই বিষয়ে অভিমত ব্যক্ত কৰি প্ৰযোজক ববী বেদীয়ে আৰম্ভণিতে সুৰ নিৰ্ধাৰণ কৰিছিল। ‘লালা এণ্ড পপি’ও একে দিশতে আগবাঢ়িছে, আন্তৰিকতা আৰু সংযোগ ইয়াৰো মূলতে আছে বুলি জোৰ দি তেওঁ কয়, ‘প্ৰতিখন বৃহত্ ছবিয়েই বৃহত্ হৈ উঠে কাৰণ দৰ্শকে ইয়াক আঁকোৱালি লয়। যোৱা বছৰ গোৱাত অনুষ্ঠিত হোৱা আই এফ এফ আই-ত ছবিখন চূড়ান্ত কৰা হৈছিল বুলি স্মৰণ কৰি তেওঁ ভাৰতৰ বিকশিত সামাজিক পৰিৱেশটোৰ কথা উল্লেখ কৰে: আইনখনে এতিয়া টেন্সজেণ্ডাৰসকলৰ পৰিচয়ক স্বীকৃতি দিলেও সাধাৰণ সামাজিক গ্ৰহণযোগ্যতাত এতিয়াও পিছ পৰি আছে। তেওঁৰ বাবে, ছবিখনৰ আৰম্ভণি হৈছে এটা সাধাৰণ বিশ্বাসেৰে: “প্ৰথমে মানুহ, লিংগ পিছত।” তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰতিগৰাকী মানুহেই মুক্ত হোৱাৰ, প্ৰেম কৰাৰ আৰু ভয় নোহোৱাকৈ জীয়াই থকাৰ অধিকাৰ পোৱোৰ যোগ্য।
পৰিচালক কাইজাদ গুস্তাদে নিৰ্মাণ সন্দৰ্ভত মন্তব্য কৰি কয় যে তেওঁ এখন সৎ ছবি নিৰ্মাণ কৰি উলিয়াইছে, যিয়ে সমগ্ৰ বিশ্বৰ সৈতে কথা পাতিব। “এটা বিচিত্ৰ প্ৰেম কাহিনী” সৃষ্টি কৰাৰ পৰিৱৰ্তে তেওঁ ৰোমাঞ্চকৰ এটা সম্পৰ্কৰ কাহিনী ক’ব বিচাৰিছে, যিটো কেৱল দুগৰাকী তৃতীয় লিংগৰ নায়কৰ মাজত সংঘটিত হয়। তেওঁ যিহেতু আৰম্ভণিতে কম জনা পৃথিৱী এখনৰ বিষয়ে লিখিবলৈ ওলাইছিল সেয়ে কেবা বছৰ ধৰি গৱেষণা কৰা, ক্লীৱ লিংগৰ সম্প্ৰদায়ৰ সৈতে ঘনিষ্ঠভাৱে জড়িত হোৱা আৰু সূক্ষ্মতাবোৰ সঠিকভাৱে লক্ষ্য কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মুকলিকৈ কয়।
বীৰ আৰু সুৰুজে নিজৰ যাত্ৰাক চৰ্চালৈ আনে
অভিনেতা বীৰ সিং আৰু সুৰুজ ৰাজখোৱা দুয়োগৰাকী তৃতীয়-লিংগৰ অভিনেতাই কথোপকথনক এক অন্তৰংগ, ব্যক্তিগত পৰ্যায়লৈ লৈ আহিছিল। বীৰে বয়স বঢ়াৰ লগে লগে তেওঁলোকৰ দৰে মানুহৰ উপস্থিতি পৰ্দাত নেদেখা আৰু আজি আন কাৰোবাৰ বাবে প্ৰতিনিধিত্ব আগবঢ়োৱাৰ ইচ্ছাৰ কথা প্ৰকট কৰিছিল। বীৰে কয়, ‘মই বিচাৰো যে মোৰ দৰে মানুহে মোক পৰ্দাত দেখি ভাবিব, যদি এই ব্যক্তিগৰাকীয়ে কৰিব পাৰিছে, তেন্তে ময়ো কৰিব পাৰিম। সুৰুজে লগতে কয় যে যদিও ভাৰতীয় চিনেমাত ক্লীৱ-লিংগৰ চৰিত্ৰবোৰ বহুদিনৰ পৰাই প্ৰদৰ্শিত হৈ আহিছে, তথাপিও সেইবোৰক প্ৰায়ে কেৰিকেচাৰ বা কমিক ৰিলিফ হিচাপেহে ব্যৱহাৰ কৰা হৈছিল। সুৰুজে কয়, ‘লালা এণ্ড পপি’য়ে তেওঁলোকক প্ৰথমে মানুহ হিচাপে পৰ্দাত অস্তিত্ব লাভ কৰাৰ সুযোগ দিছে। “সেয়া আক্ষৰিক অৰ্থতে পট-পৰিৱৰ্তনকাৰী অনুভৱ।”
.
কাহিনীটোক মূলসুঁতিলৈ লৈ যোৱা
ছবিখন বিচিত্ৰ ৰুচীৰ দৰ্শকক লক্ষ্য কৰি নিৰ্মাণ কৰা হৈছে নে মূলসুঁতিৰ দৰ্শকক লক্ষ্য কৰি লোৱা হৈছে বুলি সোধাত ববি বেদীয়ে স্পষ্টকৈ কয় যে, “এইখন ছবি মানুহৰ বাবে নিৰ্মাণ কৰা ছবি, উৎসৱৰ বাবে কৰা ছবি নহয়।” তেওঁ ছবিখনক মূলসুঁতিৰ উৎসৱ, চিনেমা হল, আৰু অ’টিটি প্লেটফৰ্মলৈ লৈ যোৱাৰ কথা কয়, কাৰণ ইয়াৰ মূলতে হৈছে ছবিখন সামগ্ৰিকভাৱে জনসাধাৰণৰ।
কাইজাদে পুনৰ কয় যে ‘লালা এণ্ড পপি’ কোনো “মেছেজ চিনেমা” নহয়। তেওঁ প্ৰকাশ্য নৈতিকতাবাদৰ পৰা আঁতৰি থাকে আৰু তাৰ পৰিৱৰ্তে আশা কৰে যে ছবিখনৰ আৱেগিক সত্যই নিজৰ নিজেই কথা ক’ব। "এটা কাহিনীয়ে নিজৰ দৰ্শকসকলক আকৰ্ষিত কৰিব পাৰিব লাগিব। প্ৰেমে লিংগক অতিক্ৰম কৰে, আৰু সেই বাৰ্তাটো চিঞৰি কোৱাৰ প্ৰয়োজন নাই; ইয়াক অনুভৱ কৰাৰহে প্ৰয়োজন।"
দুয়োগৰাকী অভিনেতাৰ বাবে ছবিখনে দৃশ্যমানতা, মৰ্যাদা আৰু ট্ৰেন্সজেণ্ডাৰসকলক কেৱল মানুহ হিচাপে গণ্য কৰা চিনেমাৰ পৰিৱেশৰ আৰম্ভণিৰ আশাক প্ৰতিনিধিত্ব কৰে। সুৰুজে কয়, “ইয়াক ইতিহাসৰ দৰে অনুভৱ কৰা হৈছে।”
অধিৱেশনৰ অন্ত পৰাৰ পিছত যিটো বাকী ৰৈ গৈছিল সেয়া আছিল এটা অনুৰণিত বাৰ্তা: ‘লালা এণ্ড পপি’ কেৱল লিংগ পৰিৱৰ্তনৰ ছবিয়েই নহয়, ই প্ৰেম, সাহস আৰু অস্তিত্বৰ অধিকাৰৰো ছবি। এতিয়াও তৰল পৰিচয় গ্ৰহণ কৰিবলৈ শিকি থকা পৃথিৱীখনত ছবিখনে এক উজ্জ্বল সোঁৱৰণী হিচাপে থিয় দিছে যে প্ৰেম সকলো ৰূপতে প্ৰস্ফুতিত হ’ব পৰাকৈ ঠাই পোৱাৰ যোগ্য।
আই এফ এফ আই-ৰ বিষয়ে
১৯৫২ চনত শুভাৰম্ভ কৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-য়ে দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চিনেমা উদযাপন হিচাপে প্ৰসিদ্ধি লাভ কৰিছে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (এন এফ ডি চি), ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, গোৱা ৰাজ্য চৰকাৰৰ বিনোদন সমিতি (ই এছ জি) তথা গোৱা চৰকাৰে যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱখন এক গোলকীয় চলচ্চিত্ৰৰ শক্তিকেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে—য’ত পুনৰুদ্ধাৰ কৰা ক্লাছিকসমূহে সাহসী সম্পৰীক্ষাৰ সন্মুখীন হয়, আৰু কিংবদন্তি শিল্পীসকলে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা নিৰ্ভীকসকলৰ সৈতে একেটা স্থানতে সমবেত হয়। আইএফএফআই-ক সঁচাকৈয়ে জিলিকাই তোলা কথাটো হ’ল ইয়াৰ সৈতে অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি, আৰু উচ্চ শক্তিসমৃদ্ধ WAVES ফিল্ম বজাৰ, য’ত ধাৰণা, চুক্তি তথা সহযোগিতাসমূহে ডেউকা মেলে। ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ অতুলনীয় উপকূলীয় পটভূমিত অনুষ্ঠিত ৫৬ সংখ্যক সংস্কৰণে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাৰ এক নিমজ্জিত উদযাপন হিচাপে চমক সৃষ্টি কৰিব পৰা— ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰ এক বৰ্ণালীৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
For more information, click on:
IFFI Website: https://www.iffigoa.org/
PIB’s IFFI Microsite: https://www.pib.gov.in/iffi/56/
PIB IFFIWood Broadcast Channel: https://whatsapp.com/channel/0029VaEiBaML2AU6gnzWOm3F
X Handles: @IFFIGoa, @PIB_India, @PIB_Panaji
* * *

PIB IFFI CAST AND CREW | Ritu Shukla/Nikita Joshi/ Sreeshma K/Darshana Rane | IFFI 56 – 056/KB
रिलीज़ आईडी:
2194447
| Visitor Counter:
16