গৃহ মন্ত্ৰালয়
লাচিত বৰফুকনৰ জয়ন্তীত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
আমাৰ ইতিহাসৰ অন্যতম সৰ্বশ্ৰেষ্ঠ যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো
অটল দেশপ্ৰেম, অদম্য বীৰত্ব আৰু অতুলনীয় সামৰিক নেতৃত্বৰে তেওঁ কেৱল অসম আৰু উত্তৰ-পূবৰ বাকী অংশক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই নহয়, অঞ্চলটোৰ মূল্যৱান সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত কৰিছিল
লাচিত বৰফুকনৰ জীৱন দেশপ্ৰেমিকসকলৰ বাবে চিৰদিনলৈ অনুপ্ৰেৰণাৰ আলোকস্তম্ভ হৈ থাকিব
Posted On:
24 NOV 2025 1:02PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আমাৰ ইতিহাসৰ অন্যতম মহান যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকনক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীগৰাকীয়ে 'এক্স'ত এটা পোষ্টত কয়, "আমাৰ ইতিহাসৰ অন্যতম মহান যোদ্ধা আহোম সেনাপতি লাচিত বৰফুকন জীলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। অটল দেশপ্ৰেম, অদম্য বীৰত্ব আৰু অতুলনীয় সামৰিক নেতৃত্বৰে তেওঁ কেৱল অসম তথা উত্তৰ-পূবৰ বাকী অংশক মোগলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰায়েই নহয়, অঞ্চলটোৰ মূল্যৱান সাংস্কৃতিক ঐতিহ্যও সুৰক্ষিত কৰিছিল। তেওঁৰ জীৱন দেশপ্ৰেমীসকলৰ বাবে চিৰদিনলৈ অনুপ্ৰেৰণাৰ আলোকস্তম্ভ হৈ থাকিব।"
***
RK/RR/PS/DD
(Release ID: 2193501)
Visitor Counter : 22