প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
লাচিত দিৱস উপলক্ষে লাচিত বৰফুকনৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Posted On:
24 NOV 2025 11:31AM by PIB Guwahati
লাচিত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাচিত বৰফুকনক স্মৰণ কৰি তেওঁক সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ প্ৰতীক বুলি অভিহিত কৰে।
শ্ৰী মোদীয়ে কয় যে লাচিত বৰফুকনৰ বীৰত্বই সমগ্ৰ দেশৰ প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি আহিছে। তেওঁ অসমৰ দৃষ্টান্তমূলক সংস্কৃতি সুৰক্ষিত কৰা আৰু একতা তথা স্থিতিস্থাপকতাৰ মূল্যবোধ বজাই ৰখাত লাচিত বৰফুকনৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে।
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“লাচিত দিৱসৰ দিনা আমি সাহস, দেশপ্ৰেম আৰু প্ৰকৃত নেতৃত্বৰ প্ৰতীক লাচিত বৰফুকনক স্মৰণ কৰিছো। তেওঁৰ বীৰত্বই প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। অসমৰ অনন্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।”
***
MJPS/SR/DD
(Release ID: 2193419)
Visitor Counter : 9