গ্ৰেণ্ড পেৰেড আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰে আইএফএফআই, ২০২৫-ৰ শুভাৰম্ভ হ'ব
আইএফএফআই-ত চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যসূচী আৰু উদ্যোগ প্ৰদৰ্শনীৰ বাবে সাজু গোৱা
২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI)-ৰ ৫৬ সংখ্যক সংস্কৰণৰ বাবে গোৱা সাজু হৈছে। ন-দিনীয়া এই মহোৎসৱত চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যসূচী আৰু উদ্যোগ-সম্পৰ্কীয় কাৰ্য্যসূচীসমূহ অনুষ্ঠিত হ'ব। এই মহোৎসৱ কাইলৈ অন্ধ্ৰ প্ৰদেশ, হাৰিয়ানা আৰু গোৱাৰ প্ৰতীকপট প্ৰদৰ্শিত এক গ্ৰেণ্ড অপেনিং পেৰেডেৰে আৰম্ভ হ'ব, লগতে ফিল্ম ষ্টুডিঅ'ৰ প্ৰদৰ্শন আৰু এনএফডিচি-এ এক বিশেষ ৫০-বছৰীয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। দেশৰ ভিন্ন প্ৰান্তৰ লোকশিল্পীসকলেও এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব।
এই বৰ্ষৰ মহোৎসৱৰ ন দিন ধৰি চলচ্চিত্ৰ প্ৰদৰ্শন, সাংস্কৃতিক কাৰ্যসূচী আৰু উদ্যোগ-সম্পৰ্কীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। প্ৰতিনিধি, অংশগ্ৰহণকাৰী আৰু দৰ্শনাৰ্থীসকলৰ এক সুচল আৰু আনন্দদায়ক অভিজ্ঞতা নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু লজিষ্টিকেল ব্যৱস্থাৰে সমগ্ৰ গোৱাত পূৰ্ণ গতিত প্ৰস্তুতি অব্যাহত আছে।
আইএফএফআই সম্পৰ্কে
১৯৫২ ত প্ৰৱৰ্তিত ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (IFFI) দক্ষিণ এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ চলচ্চিত্ৰ উদযাপনৰ কাৰ্য্যসূচী হিচাপে পৰিগণিত হৈছে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম (NFDC) আৰু গোৱা ৰাজ্য চৰকাৰৰ এন্টাৰটেইনমেন্ট ছ'চাইটি অৱ গোৱা (ESG) ই যুটীয়াভাৱে আয়োজন কৰা এই মহোৎসৱ এক বিশ্বব্যাপী চিনেমাৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। আইএফএফআই-ক প্ৰকৃততে উজ্জ্বল কৰি তোলা কাৰকসমূহ হৈছে— আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰদৰ্শনী, মাষ্টাৰক্লাছ, শ্ৰদ্ধাঞ্জলি আৰু ৱেভছ ফিল্ম বজাৰ। ইয়াত চিন্তা আৰু চুক্তিৰ আদান-প্ৰদান তথা সহযোগিতা স্থাপিত হয়। ২০-২৮ নৱেম্বৰত গোৱাৰ আকৰ্ষণীয় উপকূলীয় পটভূমিত অনুষ্ঠিতব্য ৫৬ সংখ্যক সংস্কৰণে ভাষা, ধাৰা, উদ্ভাৱন আৰু কণ্ঠৰে বিশ্ব মঞ্চত ভাৰতৰ সৃষ্টিশীল উজ্জ্বলতাক উদযাপন কৰিব।
रिलीज़ आईडी:
2192290
| Visitor Counter:
26