পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

ঐতিহাসিক মাইলৰ খুঁটি: ভাৰতীয় বংশোদ্ভৱ চিতাবাঘ মুখিয়ে জন্ম দিলে ৫টা পোৱালি

ভাৰতে আত্মনিৰ্ভৰশীল আৰু আনুবংশিকভাৱে বৈচিত্ৰ্যপূৰ্ণ চিতাবাঘৰ সংখ্যা বৃদ্ধি কৰাৰ আশাবাদক শক্তিশালী কৰিছে: শ্ৰী ভূপেন্দ্ৰ যাদৱ

प्रविष्टि तिथि: 20 NOV 2025 4:22PM by PIB Guwahati

কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰজেক্ট চিতাৰ অধীনত এক ঐতিহাসিক অগ্ৰগতিৰ কথা ঘোষণা কৰে। শ্ৰী যাদৱে ছ'চিয়েল মিডিয়াৰ এটা প'ষ্টত উল্লেখ কৰে যে ৩৩ মাহ বয়সৰ মুখিয়ে পাঁচটা পোৱালি জন্ম দিছে, এয়া ভাৰতৰ চিতাবাঘ পুনৰ প্ৰৱৰ্তন প্ৰচেষ্টাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত।

শ্ৰী যাদৱে উল্লেখ কৰে যে ভাৰতত জন্মগ্ৰহণ কৰা চিতাবাঘৰ সফলতাৰে প্ৰজননৰ শেহতীয়া ইতিহাসৰ এয়া প্ৰথম ঘটনা। তেওঁ উল্লেখ কৰে যে এই পৰিঘটনাই ভাৰতীয় বিচৰণভূমিত প্ৰজাতিটোৰ অভিযোজন, স্বাস্থ্য আৰু দীৰ্ঘকালীন সক্ৰিয়তাৰ প্ৰৱল লক্ষণক প্ৰতিফলিত কৰিছে।

এই গুৰুত্বপূৰ্ণ অগ্ৰগতিয়ে ভাৰতত এক আত্ম-বহনক্ষম আৰু আনুবংশিকভাৱে বৈচিত্ৰপূৰ্ণ চিতাবাঘৰ সংখ্যা বৃদ্ধিৰ আশাবাদক শক্তিশালী কৰিছে, মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে মাতৃ আৰু পোৱালিৰ স্বাস্থ্য এতিয়া ভাল।

শ্ৰী যাদৱে সন্তোষেৰে কয় যে এই সাফল্যই ভাৰতৰ অব্যাহত সংৰক্ষণৰ প্ৰচেষ্টা আৰু প্ৰজেক্ট চিতাৰ ভৱিষ্যৎ সম্ভাৱনাৰ প্ৰতি আস্থা বৃদ্ধি কৰিছে।

 

VM/SK/SB


(रिलीज़ आईडी: 2192177) आगंतुक पटल : 30
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada