প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাণী লক্ষ্মীবাইৰ জয়ন্তীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

प्रविष्टि तिथि: 19 NOV 2025 7:51AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাণী লক্ষ্মীবাইৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

শ্ৰী মোদীয়ে কয় যে প্ৰথম স্বাধীনতা সংগ্ৰামৰ সময়ত তেওঁৰ সাহসিকতা আৰু বীৰত্বৰ কাহিনীয়ে ভাৰতীয়সকলক উৎসাহ আৰু আৱেগৰে ভৰাই ৰাখিছে। তেওঁ লগতে কয় যে কৃতজ্ঞ ৰাষ্ট্ৰই মাতৃভূমিৰ সন্মান সুৰক্ষিত কৰাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কেতিয়াও পাহৰিব নোৱাৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

‘মা ভাৰতীৰ অমৰ বীৰাংগনা ৰাণী লক্ষ্মীবাইৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। স্বাধীনতাৰ প্ৰথম যুদ্ধত তেওঁৰ বীৰত্ব আৰু সাহসিকতাৰ কাহিনীয়ে আজিও দেশবাসীক উৎসাহ আৰু আৱেগৰে ভৰাই তোলে। মাতৃভূমিৰ সন্মান ৰক্ষাৰ বাবে তেওঁৰ ত্যাগ আৰু সংগ্ৰামক কৃতজ্ঞ ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নোৱাৰে।’

***

MJPS/ST/HS


(रिलीज़ आईडी: 2191580) आगंतुक पटल : 31
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam