প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
18 NOV 2025 9:15AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত আয়োজিত ষষ্ঠ ৰামনাথ গোৱেংকা বক্তৃতা অনুষ্ঠানত প্ৰদান কৰা ভাষণৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে।
এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;
“শ্ৰী ৰামনাথ গোৱেংকা জীৰ বাবে সদায় ৰাষ্ট্ৰ প্ৰথম আছিল। তেওঁ সঠিক আৰু সত্য পথৰ পথিক আছিল। তেওঁ কৰ্তব্যক সৰ্বোচ্চ স্থান প্ৰদান কৰিছিল।”
“অধিক লোকে অংশগ্ৰহণ কৰা মাত্ৰেকে গণতন্ত্ৰ অধিক শক্তিশালী হৈ উঠে। শেহতীয়াকৈ বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটদান সম্পন্ন হৈছে, মহিলা ভোটাৰৰ আধিক্যই ইয়াক অধিক বিশেষ কৰি তুলিছে।”
“ভাৰতৰ বিকাশৰ আৰ্হি বিশ্বৰ আশাৰ আৰ্হি হিচাপে পৰিগণিত হৈছে।”
“নিৰ্বাচনত জয়ী হ’বলৈ ২৪/৭ নিৰ্বাচন ম’ডত থাকিব নালাগে। বৰঞ্চ ‘আৱেগিক ম’ড’ত থাকি জনসাধাৰণৰ প্ৰয়োজনীয়তাসমূহক হৃদয়ংগম কৰিব লাগিব।”
“মাওবাদৰ প্ৰভাৱ হ্ৰাস পাইছে। আৰু, ভাৰতৰ উন্নয়নৰ বাবে এয়া আশাৰ বতৰা।”
“আহক, আমি সামূহিকভাৱে ঔপনিৱেশিক মানসিকতাৰ পৰা মুক্ত হোৱাৰ সংকল্প গ্ৰহণ কৰোঁ, যি দাসত্বৰ মানসিকতাৰ বাহিৰে আন একো নাছিল।”
“মই দেশবাসীক অহা ১০ বছৰত দাসত্বৰ মানসিকতাৰ পৰা সম্পূৰ্ণৰূপে মুক্তিৰ বাবে বিশেষভাৱে আহ্বান জনাইছোঁ...”
****
MJPS/ST/SB
(ৰিলিজ আই ডি : 2191115)
অতিথি কক্ষ : 28
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam