গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
ই-জাগৃতিয়ে ২০২৫ চনত গ্ৰাহকৰ বাবে ন্যায় লাভত বৈপ্লৱিক পৰিৱৰ্তন আনিছে: দ্ৰুত প্ৰতিকাৰ প্ৰদান কৰা আৰু ২০২৪ চনৰ বিধানসমূহ সঠিকৰূপত সম্পন্ন কৰিছে
১৩৮৮ জন প্ৰবাসী ভাৰতীয়কে ধৰি ২.৭৫ লাখতকৈ অধিক ব্যৱহাৰকাৰীয়ে ইয়াত পঞ্জীয়ন কৰিছে, বিশ্বজোৰা প্ৰৱেশ আৰু নিৰৱচ্ছিন্ন গ্ৰাহকৰ অভিযোগ নিৰাময় সক্ষম কৰি তুলিছে
এআই -চালিত, বহুভাষিক, অভিগম্য আন্তঃপৃষ্ঠই গ্ৰাহকৰ বাবে ফাইলিং, ভাৰ্চুৱেল শুনানি আৰু বাস্তৱ সময়ৰ অনুসৰণ সহজ কৰি তোলাটো নিশ্চিত কৰিছে
Posted On:
16 NOV 2025 4:40PM by PIB Guwahati
গ্ৰাহকৰ অধিকাৰৰ ক্ষেত্ৰত এক বৃহৎ সকাহ দিবলৈ গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত ২০২৫ চনৰ ১ জানুৱাৰীত ই-জাগৃতি মঞ্চ আৰম্ভ হোৱাৰে পৰা দুইলাখৰো অধিক ব্যৱহাৰকাৰীয়ে ইয়াত পঞ্জীয়ন কৰিছে আৰু এক পৰিৱৰ্তনশীল ডিজিটেল অভিযোগ নিৰাময় ব্যৱস্থা হিচাপে ইয়াক ব্যৱহাৰ কৰিছে। ইয়াৰ উপৰি ভৌগোলিক বাধাসমূহ আঁতৰাই প্ৰবাসী ভাৰতীয়সকলক বহিঃদেশৰ পৰা গ্ৰাহকৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ সুবিধা প্ৰদান কৰি ই প্ৰৱেশৰ সুবিধাক সুদৃঢ় কৰিছে।

২০২৫ চনৰ ১৩ নৱেম্বৰলৈকে এই ঐক্যবদ্ধ পৰ্টেলে ১,৩০,৫৫০টা গোচৰ দাখিলৰ সুবিধা প্ৰদান কৰিছে আৰু ১,২৭,০৫৮টা গোচৰৰ নিষ্পত্তি নিশ্চিত কৰিছে, যিয়ে সমগ্ৰ দেশতে গ্ৰাহক সুৰক্ষাৰ দিশটো শক্তিশালী কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছে। ইয়াৰ সহজ অ’টিপি ভিত্তিক পঞ্জীয়নৰ জৰিয়তে ই-জাগৃতিয়ে প্ৰবাসী ভাৰতীয়সকলক অভিযোগ দাখিল কৰিবলৈ, ডিজিটেল বা অফলাইন মাচুল পৰিশোধ কৰিবলৈ, ভাৰ্চুৱেল শুনানিত অংশগ্ৰহণ কৰিবলৈ, অনলাইনত নথিপত্ৰ বিনিময় কৰিবলৈ আৰু বাস্তৱ সময়ত গোচৰসমূহ অনুসৰণ কৰিবলৈ সক্ষম কৰি তুলিছে , যাৰ ফলত তেওঁলোকে ভাৰতত কায়িকভাবে উপস্থিতিৰ প্ৰয়োজনীয়তা নাইকিয়া হৈ পৰিছে।
১৩৮৮ গৰাকী প্ৰবাসী ভাৰতকে ধৰি ২.৭৫ লাখতকৈ অধিক ব্যৱহাৰকাৰীয়ে ইয়াত পঞ্জীয়ন কৰিছে , গোলকীয় প্ৰৱেশ আৰু নিৰৱচ্ছিন্ন গ্ৰাহক অভিযোগ নিৰাময়ৰ এই প্লেটফৰ্মে বিদেশৰ পৰা অভিযোগ দাখিল, ভাৰ্চুৱেল শুনানি আৰু বাস্তৱ সময়ৰ অনুসৰণ, সকলোৰে বাবে সুলভ কৰি তুলিছে । ই-জাগৃতিয়ে নাগৰিককেন্দ্ৰিক, প্ৰযুক্তি-চালিত শাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে আৰু কাগজবিহীন, তথা দক্ষ অভিযোগ নিৰাময়ৰে গ্ৰাহকক শক্তিশালী কৰিছে। এআই -চালিত, বহুভাষিক, অভিগম্য আন্তঃপৃষ্ঠই গ্ৰাহকৰ বাবে ফাইলিং, ভাৰ্চুৱেল শুনানি আৰু বাস্তৱ সময়ৰ অনুসৰণ সহজ কৰি তোলাটো নিশ্চিত কৰিছে। ইয়াৰ উপৰি ভইচ-টু-টেক্সট কাৰ্য্যকৰীতা, চেটবট আৰু সংহত ডেচব'ৰ্ডে বিশেষভাৱে সক্ষম গ্ৰাহকৰ বাবে অভিগম্যতা বৃদ্ধি কৰিছে ।
এইবাৰ এই প্লেটফৰ্মৰ জৰিয়তে ৪৬৬গৰাকী প্ৰবাসী ভাৰতীয়ই অভিযোগ দাখিল কৰিছে , য’ত আমেৰিকা (১৪৬), যুক্তৰাজ্য (৫২), ইউ এ ই (৪৭), কানাডা (৩৯), অষ্ট্ৰেলিয়া (২৬) আৰু জাৰ্মানী (১৮) আদি দেশৰ পৰা বহু লোকে অংশগ্ৰহণ কৰিছে । এই প্লেটফৰ্মৰ অন্তৰ্ভুক্ত বৈশিষ্ট্যসমূহৰ ভিতৰত আছে বহুভাষিক আন্তঃপৃষ্ঠ, চেটবট সহায়, দৃষ্টিহীন আৰু বৃদ্ধ ব্যৱহাৰকাৰীসকলৰ বাবে ভয়েচ-টু-টেক্সট সমৰ্থন, আৰু এণ্ড-টু-এণ্ড এনক্ৰিপচন যিয়ে অভিগম্যতা, স্বচ্ছতা, আৰু ব্যৱহাৰকাৰী সুৰক্ষা বৃদ্ধি কৰে৷
ভাৰতত থকা নাগৰিকসকলৰ বাবে ই-জাগৃতিয়ে অ’চিএমএছ, ই-দাখিল, এনচিডিআৰচি চিএমএছ আৰু কনফ’নেটৰ দৰে লিগেচি ব্যৱস্থাসমূহক এক একক তথা নিৰৱচ্ছিন্ন আন্তঃপৃষ্ঠত একত্ৰিত কৰিছে। এই ডিজিটেলাইজেশ্যনে বিষয়সমূহৰ খণ্ডিতকৰণ হ্ৰাস কৰিছে, স্বচ্ছতাক প্ৰসাৰিত কৰিছে আৰু গোচৰ নিষ্পত্তি ত্বৰান্বিত কৰিছে। ২০২৫ চনৰ ১৩ নৱেম্বৰলৈকে দেশজুৰি মুঠ ১,৩০,৫৫০ টা অভিযোগ দাখিল কৰা হৈছে, যিবোৰ গুজৰাট (১৪, ৭৫৮ টা গোচৰ), উত্তৰ প্ৰদেশ (১৪,০৫০ গোচৰ) আৰু মহাৰাষ্ট্ৰ (১২,৪৮৪ গোচৰ) আদি ৰাজ্যত গ্ৰহণ কৰা হৈছে। প্লেটফৰ্মৰ সংহত ডেচব’ৰ্ডে অধিবক্তাসকলক গোচৰসমূহ অনুসৰণ কৰিবলৈ, নথিপত্ৰ আপলোড কৰিবলৈ আৰু সতৰ্কবাণী লাভ কৰিবলৈ সুবিধা প্ৰদান কৰিছে, আনহাতে বিচাৰকসকলৰ সুবিধাৰ বাবেও শুনানিৰ সময়ত ডিজিটেল ফাইল বিশ্লেষণ তথা ভাৰ্চুৱেল আদালতৰ ব্যৱস্থা নিশ্চিত কৰিছে।
ই-জাগৃতিৰ মূল সুবিধাসমূহ হ’ল-
• বিশ্বব্যাপী অভিগম্যতা: প্ৰবাসী ভাৰতীয় আৰু দেশৰ নাগৰিকে যিকোনো স্থানৰ পৰা গোচৰ দাখিল আৰু পৰিচালনা কৰিব পাৰে, সুৰক্ষিত এণ্ড-টু-এণ্ড এনক্ৰিপচন আৰু ভূমিকা-ভিত্তিক অনুমতিৰ সৈতে।
• দক্ষতা আৰু গতি: স্বয়ংক্ৰিয় কাৰ্য্যপ্ৰবাহ, এছএমএছ/ইমেইল আৰু ভাৰ্চুৱেল শুনানিৰ জৰিয়তে বাস্তৱ সময়ৰ আপডেটে শেহতীয়াকৈ ১০খন ৰাজ্য আৰু এনচিডিআৰচিত নিষ্কাশনৰ হাৰ ১০০%তকৈ অধিক হোৱাত অৰিহণা যোগাইছে।
• অন্তৰ্ভুক্তি: বহুভাষিক আন্তঃপৃষ্ঠ আৰু অভিগম্যতাৰ সঁজুলিৰ দৰে বৈশিষ্ট্যসমূহে ইয়াক বিভিন্ন লোকৰ বাবে সহজে ব্যৱহাৰ কৰিব পৰা কৰি তুলিছে।
• নিৰাপদ লেনদেন: ভাৰত কোষ আৰু পেগভ গেটৱেৰ সৈতে একত্ৰীকৰণে সহজে মাচুল পৰিশোধ নিশ্চিত কৰিছে।
এই প্লেটফৰ্মে ২ লাখতকৈ অধিক এছএমএছ সতৰ্কবাণী আৰু ১২ লাখৰো অধিক ইমেইল জাননী প্ৰেৰণ কৰিছে, য’ত পঞ্জীয়ন আৰু ৰিজ’ইণ্ডাৰ জমা দিয়াৰ বাবে অ’টিপি পৰীক্ষণ, কেছ অনুমোদন বা ৰিভাৰ্ছন নিশ্চিতকৰণ, সফল ই-ফাইলিং স্বীকৃতি, প্ৰফাইল সুৰক্ষা সতৰ্কবাণী আৰু জাৰি কৰা জাননীসমূহৰ ওপৰত বাস্তৱ সময়ৰ আপডেট আদি মূল পৰিঘটনাসমূহ সামৰি লোৱা হৈছে। সংহত এছএমএছ আৰু ইমেইল গেটৱেৰ জৰিয়তে তৎক্ষণাত প্ৰদান কৰা এই স্বয়ংক্ৰিয়, বহুভাষিক যোগাযোগসমূহে নিশ্চিত কৰিছে যে প্ৰবাসী ভাৰতীয়সকলকে ধৰি ব্যৱহাৰকাৰীসকলে কেতিয়াও সময়সীমা বা উন্নয়নসমূহৰ পৰা বাদ পৰি নাযায় , যাৰ ফলত পদ্ধতিগত বিলম্ব হ্ৰাস পাইছে আৰু ডিজিটেল প্ৰতিকাৰ প্ৰক্ৰিয়াৰ ওপৰত মানুহৰ আস্থা বৃদ্ধি পাইছে ।
২০২৫ চনৰ জুলাই–আগষ্টৰ ভিতৰত ২৭,০৮০টা গোচৰৰ বিপৰীতে ২৭,৫৪৫টা গোচৰ নিষ্পত্তি কৰা হৈছে আৰু ছেপ্টেম্বৰ–অক্টোবৰ মাহত ২১,৫৯২টা গোচৰৰ বিপৰীতে ২৪,৫০৪টা গোচৰ নিষ্পত্তি কৰা হৈছে , যিয়ে ২০২৪ চনত প্ৰদৰ্শন কৰা কাৰ্যক অতিক্ৰম কৰিছে।
প্ৰক্ৰিয়াসমূহ অধিক সুশৃংখলিত কৰিবলৈ এনচিডিআৰচিয়ে অতিৰিক্ত নথি-পত্ৰ দাখিল হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা বিবেচনা কৰিছে, বিবাদীসকলৰ বাবে অনুসৰণ সহজ কৰি তুলিছে আৰু প্ৰায় কাগজবিহীন কাৰ্য্যবিধিৰ দিশত আগবাঢ়িছে। ভাৰতলৈ অহাৰ প্ৰয়োজন নোহোৱাকৈ বীমাৰ দাবী আৰু সামগ্ৰীৰ বিসংগতিৰ দৰে বিবাদ সফলতাৰে নিষ্পত্তি কৰাৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ বাবেও এই প্লেটফৰ্মে সময়মতে সমাধান আগবঢ়াই আহিছে।
ই-জাগৃতি পৰ্টেলৰ ফলপ্ৰসূতা প্ৰদৰ্শন কৰা কেইটামান সফলতাৰ কাহিনী আগবঢ়ালোঁ:
• অনলাইন পাঠ্যক্ৰম কেলেংকাৰীৰ বাবে ২৫ দিনত গ্ৰাহকে ৩.০৫ লাখ টকা লাভ কৰিবলৈ সক্ষম হৈছে।
আয়োগঃ অসম (মৰিগাঁও)
গোচৰৰ সময়সীমা: ২৫ দিন (কেছ নম্বৰ: ডিচি/২৯৬/চিচি/৩/২০২৫)
এজন অভিভাৱকে মাছুল আদায় দিয়াৰ পিছতো নিম্নমানৰ অনলাইন ক্লাছৰ নামত ৫৪,৯৮৭ টকা ভৰিবলগীয়া হৈছিল । আয়োগে এইক্ষেত্ৰত সঠিক সেৱাৰ অভাৱ আৰু অন্যায়ভাবে ব্যৱসায় কৰাৰ বিৰুদ্ধে ৰায় প্ৰদান কৰি অভিভাৱকজনক সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ লগতে আৰ্থিক লোকচানৰ বাবে ২.৫ লাখ টকা ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে।
প্ৰভাৱঃ এনে ৰায়ে উত্তৰ-পূৰ্বাঞ্চলত এনে সমস্যাৰ ক্ষিপ্ৰ সমাধান; এড-টেক প্লেটফৰ্মৰ দ্বাৰা অকৰ্তৃত্বশীল ডিজিটেল কৰ্তন আৰু ভুৱা নিশ্চয়তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নজিৰ স্থাপন কৰে।
• ত্ৰিপুৰাত ৮ বছৰীয়া ত্ৰুটিপূৰ্ণ এল জি ফ্ৰীজৰ বাবে গ্ৰাহকক ১.৬৭ লাখ+টকাৰ ক্ষতিপূৰণ
আয়োগঃ ত্ৰিপুৰা (পশ্চিম ত্ৰিপুৰা)
গোচৰৰ সময়সীমা: ৫ মাহ (কেছ নম্বৰ: ডিচি/২৭২/চিচি/৩৩/২০২৫)
৮৫,০০০ টকীয়া এল জি ছাইড বাই ছাইড ফ্ৰীজ এটাত পানী লিক হৈ ২০১৭ চনত বাৰে বাৰে ইয়াক মেৰামতি কৰাৰ পিছতো খাদ্য নষ্ট হৈ পৰে। সেৱাৰ অভাৱ আৰু অন্যায়ভাবে বাণিজ্য চলোৱাৰ বাবে এল জি চাৰ্ভিচ চেণ্টাৰ আৰু এল জি ইণ্ডিয়াক যৌথভাৱে জগৰীয়া কৰা হৈছিল। আয়োগে ৭.৫% সূতৰ সৈতে সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ নিৰ্দেশ দিছিল। সুত, ১২,০০০ টকা, মেৰামতিৰ খৰচ, ৫০,০০০ টকা, মানসিক যন্ত্ৰণা দিয়া বাবে আৰু গোচৰৰ খৰচৰ নামত ২০,০০০ টকা, ৩০ দিনৰ ভিতৰত আদায় দিবলৈ নিৰ্দেশ দিছিল।
প্ৰভাৱ: এনে ৰায়ে প্ৰমাণ কৰে যে ই-জাগৃতিয়ে সামগ্ৰী ক্ৰয়ৰ বছৰৰ পিছত বছৰৰ পিছতো গ্ৰাহকক সুৰক্ষা দিয়ে; ব্ৰেণ্ডসমূহক দীৰ্ঘম্যাদী সেৱাৰ প্ৰতিশ্ৰুতিক সন্মান কৰিবলৈ বাধ্য কৰে।
গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰবাসী ভাৰতীয়কে ধৰি সকলো গ্ৰাহকক অভিযোগ নিৰাময়ৰ বাবে ই-জাগৃতিৰ সহায় ল’বলৈ আহ্বান জনাইছে। সমগ্ৰ দেশতে কাৰ্যক্ষম হৈ থকা এই পৰ্টেলে ডিজিটেলভাৱে সবল ভাৰতৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি হিচাবে পৰিগণিত হৈছে।
RT/ ARC/DM
(Release ID: 2191078)
Visitor Counter : 5