প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজস্থানৰ ছিকাৰত আধাৰশিলা স্থাপন/বিভিন্ন প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 27 JUL 2023 2:36PM by PIB Guwahati

ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কলৰাজ মিশ্ৰ জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং জি তোমৰ, আন সকলো মন্ত্ৰী, সংসদত মোৰ সহযোগী, বিধায়ক,  সকলো গণ্যমান্য ব্যক্তি আৰু দেশৰ বিভিন্ন প্ৰান্তৰ কোটি কোটি কৃষক, যিসকলে  আমাৰ সৈতে এই অনুষ্ঠানত যোগদান কৰিছে! ৰাজস্থানৰ ভূমিৰ পৰা দেশৰ কোটি কোটি কৃষকলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ৰাজস্থানৰ পৰা অহা মোৰ মৰমৰ ভাই-ভনীসকলেও এই উল্লেখযোগ্য অনুষ্ঠানটোৰ সৌষ্ঠৱ  বৃদ্ধি কৰিছে।

খাতু শ্যাম জীৰ ভূমিৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলৰ মাজত আত্মবিশ্বাস আৰু আশাৰ বীজ অংকুৰিত হৈছে।  মই সৌভাগ্যৱান যে আজি যোদ্ধাৰ ভূমি শ্বেখাৱতীৰ পৰা দেশৰ বাবে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ সূচনা কৰাৰ সুযোগ পাইছো। আজি ইয়াৰ পৰাই প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অংশ হিচাপে লাখ লাখ কৃষকৰ বেংক একাউণ্টলৈ প্ৰায় ১৮ হাজাৰ কোটি টকা প্ৰেৰণ কৰা হৈছে। এই ধনৰাশি পোনপটীয়াকৈ তেওঁলোকৰ একাউণ্টত জমা কৰা হৈছে।

আজি দেশত ১.২৫ লাখ প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ আৰম্ভ কৰা হৈছে। গাঁও আৰু ব্লক পৰ্যায়ত স্থাপন কৰা এই পি এম কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহে কোটি কোটি কৃষকক পোনপটীয়াকৈ উপকৃত কৰিব। আজি ১৫০০ৰো অধিক কৃষক উৎপাদক সংস্থা (এফ পি অ’) আৰু আমাৰ কৃষকৰ বাবেও ‘ডিজিটেল কমাৰ্চৰ বাবে মুকলি নেটৱৰ্ক’ (ONDC) আৰম্ভ কৰা হৈছে। ইয়াৰ ফলত দেশৰ যিকোনো চুকত বহি কৃষকসকলে যিকোনো ঠাইতে বজাৰত নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰাত সহজ হ’ব।

আজি দেশৰ কৃষকসকলৰ বাবে এক নতুন ‘ইউৰিয়া গোল্ডো’ মুকলি কৰা হৈছে। ইয়াৰ উপৰি  ৰাজস্থানৰ বিভিন্ন চহৰে  নতুন চিকিৎসা মহাবিদ্যালয় আৰু একলব্য আদৰ্শ বিদ্যালয়ৰ উপহাৰ লাভ কৰিছে। দেশবাসী, ৰাজস্থানৰ জনসাধাৰণ, আৰু বিশেষকৈ মোৰ কৃষক ভাই-ভনীসকললৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

ৰাজস্থানৰ ছিকাৰ আৰু শ্বেখাৱতী অঞ্চল সঁচাকৈয়ে কৃষকৰ দুৰ্গ। ইয়াৰ কৃষকসকলে সদায় প্ৰমাণ কৰি আহিছে যে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাটত বাধাৰ সৃষ্টি কৰিব পৰা কোনো প্ৰাচীৰ নাই। পানীৰ অভাৱৰ মাজতো ইয়াৰ কৃষকসকলে মাটিৰ পৰা প্ৰচুৰ পৰিমাণে শস্য চপাইছে। কৃষকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমে মাটিৰ পৰা সোণ উলিয়াব পাৰে। সেইবাবেই আমাৰ চৰকাৰে দেশৰ কৃষকৰ লগত কান্ধত কান্ধ মিলাই থিয় দিছে।

বন্ধুসকল,

স্বাধীনতাৰ ইমান দশকৰ পাছত আজি আমাৰ দেশত এনে এখন চৰকাৰ আছে, যিয়ে কৃষকৰ যন্ত্ৰণা আৰু উদ্বেগ বুজি পায়। সেয়েহে বিগত ৯ বছৰত ভাৰত চৰকাৰে কৃষকৰ স্বাৰ্থত অবিৰতভাৱে সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। আমি কৃষকৰ বাবে বীজৰ পৰা বজাৰলৈকে নতুন ব্যৱস্থা স্থাপন কৰিছো। মনত পৰিছে, ২০১৫ চনত আমি ৰাজস্থানৰ চুৰাটগড়ৰ পৰা মাটি স্বাস্থ্য কাৰ্ড আঁচনিখন আৰম্ভ কৰিছিলো।এই আঁচনিৰ অধীনত আমি সমগ্ৰ দেশৰ কৃষকসকলক কোটি কোটি মাটি স্বাস্থ্য কাৰ্ড প্ৰদান কৰিছো। এই কাৰ্ডবোৰৰ বাবেই এতিয়া কৃষকসকলে নিজৰ মাটিৰ স্বাস্থ্যৰ কথা বুজি পাইছে আৰু সেই অনুসৰি তেওঁলোকে সাৰ ব্যৱহাৰ কৰি আছে।

মই আনন্দিত যে ৰাজস্থানৰ ভূমিৰ পৰা কৃষকৰ বাবে আন এক উল্লেখযোগ্য আঁচনি আৰম্ভ কৰা হৈছে। আজি ১.২৫ লাখৰো অধিক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ দেশৰ  বাবে উৎসৰ্গা কৰা হৈছে। এই সকলোবোৰ কেন্দ্ৰই সঁচা অৰ্থত কৃষকৰ সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিব। এক প্ৰকাৰে কৃষকৰ বাবে ৱান  ষ্টপ চেণ্টাৰ।

কৃষক ভাই-ভনীসকলে প্ৰায়ে কৃষি সম্পৰ্কীয় সামগ্ৰী ক্ৰয়ৰ বাবে আৰু অন্যান্য প্ৰয়োজনৰ বাবে বিভিন্ন ঠাইলৈ যাবলগীয়া হয়। এতিয়া,আপোনালোকে আৰু এনে অসুবিধাৰ সন্মুখীন হ'ব নালাগিব। প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰৰ জৰিয়তে কৃষকসকলক বীজ আৰু সাৰ যোগান ধৰা হ’ব। ইয়াৰ উপৰি এই কেন্দ্ৰসমূহত খেতিৰ সৈতে জড়িত সঁজুলি আৰু অন্যান্য যন্ত্ৰৰ ব্যৱস্থা কৰা হ’ব। এই কেন্দ্ৰসমূহে কৃষকসকলক খেতিৰ সৈতে জড়িত আধুনিক তথ্যও প্ৰদান কৰিব। মই দেখিছোঁ যে চৰকাৰী আঁচনিৰ সঠিক তথ্যৰ অভাৱৰ বাবে মোৰ কৃষক ভাই-ভনীসকলৰ যথেষ্ট লোকচান হৈছে। প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰসমূহে এতিয়া প্ৰতিখন আঁচনিৰ বিষয়ে সময়োপযোগী তথ্যৰ এক নিৰ্ভৰযোগ্য উৎস হিচাপে কাম কৰিব।

বন্ধুসকল,

এয়া মাত্ৰ আৰম্ভণিহে, মোৰ সতীৰ্থ কৃষকসকলকো এই অভ্যাস গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। খেতিৰ লগত জড়িত কোনো বস্তু কিনাৰ প্ৰয়োজন নহ’লেও, কিন্তু যদি আপুনি বজাৰলৈ গৈছে আৰু যদি চহৰত  প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ আছে তেন্তে সেয়া দৰ্শন কৰক। চাওক তাত কি হৈছে। আপোনালোকে নিশ্চয় পৰ্যবেক্ষণ কৰিছে যেতিয়া আমাৰ মা-ভনীসকলে   শাক-পাচলি কিনিবলৈ যায় , যদিও তেওঁলোকে আন বস্তু কিনাৰ প্ৰয়োজন নাই, তথাপিও তেওঁলোকে তালৈ যায়। তেওঁলোকে জানিব বিচাৰে যে কি নতুন, কি কি বৈচিত্ৰ্য উপলব্ধ হৈছে। মোৰ কৃষক ভাই-ভনীসকলেও অলপ সময় উলিয়াই এই অভ্যাস গঢ়ি তুলিব লাগে - যেতিয়াই আপুনি কোনো চহৰলৈ যায় আৰু তাত যদি  কিষাণ সমৃদ্ধি কেন্দ্ৰ থাকে, তেন্তে তালৈ যোৱাটো নিশ্চিত কৰক। প্ৰতিটো জাত চাওক, নতুন কি আছে চাওক। ইয়াৰ পৰা আপুনি অপৰিসীম লাভ অৰ্জন কৰিব। বন্ধুসকল, চলিত বৰ্ষৰ শেষৰ ফালে দেশত ১.৭৫ লাখৰো অধিক প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ স্থাপন হ’ব।

বন্ধুসকল,

কেন্দ্রৰ বর্তমান চৰকাৰে কৃষকৰ খৰচ ভাগ কৰি খৰচ কমাবলৈ সম্পূৰ্ণ সততাৰে কাম কৰি আছে৷ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ জৰিয়তে কৃষকৰ বেংক একাউণ্টলৈ প্ৰত্যক্ষ ধন ট্ৰেন্সফাৰ কৰা হয়। আজিৰ চতুৰ্দশ কিস্তি যোগ কৰিলে ২.৬ লাখ কোটিৰো অধিক টকা পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হৈছে। এই ধনৰাশিয়ে কৃষকসকলক বিভিন্ন সৰু সৰু খৰচ পৰিচালনা কৰাত যথেষ্ট সহায় কৰিছে।

আমাৰ চৰকাৰে আমাৰ কৃষক ভাইসকলৰ ধন কেনেদৰে ৰাহি কৰি আছে তাৰ উদাহৰণো ইউৰিয়াৰ দাম। আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কৃষক সকলে মোৰ কথা ভালদৰে শুনক। আপোনালোকে  জানে যে কেনেদৰে ক’ৰ’নাৰ বিধ্বংসী মহামাৰীয়ে আঘাত হানিছিল, তাৰ পিছত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধই বজাৰত উল্লেখযোগ্য প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত বিশেষকৈ সাৰ খণ্ডত তীব্ৰ বিঘিনি ঘটিছিল। কিন্তু আমাৰ চৰকাৰে এইবোৰৰ প্ৰভাৱ আমাৰ কৃষকৰ ওপৰত পৰিবলৈ নিদিলে।

সাৰৰ দাম সন্দৰ্ভত দেশৰ সকলো সহযোগী কৃষকৰ লগত ভাগ কৰিব বিচাৰিছো। আজি আমি ভাৰতৰ কৃষকক ২৬৬ টকাত একেটা ইউৰিয়াৰ বেগ দিছো, আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ কৃষকসকলে সেয়া ৮০০ টকাত  কিনি আছে। একেদৰে আমি ভাৰতৰ কৃষকক দিয়া ২৬৬ টকাৰ একেটা ইউৰিয়া বেগ বাংলাদেশৰ কৃষকসকলে প্ৰায় ৭২০ টকাত কিনিছে।  আমি ভাৰতৰ কৃষকক দিয়া একেটা বেগ ইউৰিয়াৰ চীনৰ কৃষকে  ২১০০ টকা কিনিছে । আৰু আজিকালি আমেৰিকাত এই ইউৰিয়াৰ বেগটোৰ দাম কিমান জানেনে? একেটা ইউৰিয়াৰ বেগ যাৰ বাবে আপুনি ৩০০ টকাতকৈ কম খৰচ কৰে সেয়া  আমেৰিকাৰ কৃষকক বিক্ৰী কৰা হৈছে ৩,০০০ টকাকৈ । পাৰ্থক্য চাব পাৰিব। ৩০০ আৰু ৩,০০০ টকা।

আমাৰ চৰকাৰে ইউৰিয়াৰ দামৰ বাবে ভাৰতীয় কৃষকক ক্ষতিগ্ৰস্ত হ’বলৈ নিদিয়ে। দেশৰ কৃষকসকলে প্ৰতিদিনে এই সত্যৰ সাক্ষী আৰু অনুভৱ কৰি আছে। যেতিয়া তেওঁলোকে ইউৰিয়া কিনিবলৈ যায় তেতিয়া তেওঁলোকৰ সম্পূৰ্ণ আস্থা থাকে যে এয়া মোদীৰ নিশ্চয়তা।

বন্ধুসকল,

ৰাজস্থানত আপোনালোক সকলো কৃষকে নিজৰ কষ্টৰে বাজৰাৰ দৰে শস্যৰ খেতি কৰে। আৰু আমাৰ দেশৰ বিভিন্ন কোণত বিভিন্ন ধৰণৰ খাদ্য শস্যৰ খেতি কৰা হৈছে। এতিয়া আমাৰ চৰকাৰে এই   শস্যবোৰক ‘শ্ৰী অন্ন’ৰ স্বীকৃতি দিছে। সকলো  শস্য ‘শ্ৰী অন্ন’ নামেৰে চিনাক্ত কৰা হ’ব, আৰু আমাৰ চৰকাৰে ভাৰতৰ এনে  শস্যক বিশ্বৰ বৃহৎ বজাৰলৈ লৈ গৈছে। চৰকাৰৰ প্ৰচেষ্টাৰ বাবেই দেশত ‘শ্ৰী অন্ন’ৰ  উৎপাদন, প্ৰক্ৰিয়াকৰণ, ৰপ্তানি বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাষ্ট্ৰপতি বাইডেনে আয়োজন কৰা নৈশ  আহাৰ গ্ৰহণৰ বাবে আমেৰিকাৰ হোৱাইট হাউছলৈ যোৱাৰ সুযোগ পাইছিলোঁ। তাতো প্লেটত আমাৰ এনে শস্যৰ উপকৰণ এটা থকা দেখি ভাল লাগিল।

বন্ধুসকল,

চলি থকা প্ৰচেষ্টাই আমাৰ দেশৰ লগতে  শস্য আৰু ‘শ্ৰী অন্ন’ৰ খেতিৰ লগত জড়িত আমাৰ ৰাজস্থানৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিছে। দেশত গ্ৰহণ কৰা অসংখ্য পদক্ষেপে কৃষকৰ জীৱনত উল্লেখযোগ্য ইতিবাচক পৰিৱৰ্তন আনিছে।

কৃষকবন্ধুসকল,

ভাৰতৰ উন্নয়ন তেতিয়াহে হ’ব পাৰে যেতিয়া ভাৰতৰ গাঁওবোৰ উন্নত হ’ব। ভাৰতৰ গাঁওসমূহ উন্নত হ’লেহে দেশ  উন্নত হ’ব পাৰে। সেইবাবেই আজি আমাৰ চৰকাৰে চহৰবোৰত পোৱাৰ দৰেই ভাৰতৰ গাঁওবোৰলৈ প্ৰতিটো সা-সুবিধা আনিবলৈ কাম কৰি আছে । আপোনালোক সকলোৱে জানে যে এটা সময় আছিল যেতিয়া দেশৰ এক উল্লেখযোগ্য জনসংখ্যা স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত হৈছিল। আগতে কোটি কোটি মানুহে ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো কটাবলগীয়া হৈছিল। ধাৰণা কৰা হৈছিল যে ভাল চিকিৎসালয় কেৱল দিল্লী, জয়পুৰ, বা আন ডাঙৰ চহৰতহে থাকে। আমিও এই পৰিস্থিতি সলনি কৰি আছো। আজি দেশৰ প্ৰতিটো প্ৰান্তত নতুন এইমছ (অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স) আৰু নতুন মেডিকেল কলেজ স্থাপন কৰা হৈছে।

এনে প্ৰচেষ্টাৰ ফলস্বৰূপে আজি দেশত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যাই ৭০০ খন অতিক্ৰম কৰিলে।৮-৯ বছৰ আগতে ৰাজস্থানত মাত্ৰ ১০ খন চিকিৎসা মহাবিদ্যালয় আছিল। আজি ৰাজস্থানৰ চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩৫ খনলৈ বৃদ্ধি পাইছে।ইয়াৰ দ্বাৰা আমাৰ নিজৰ জিলা আৰু ইয়াৰ আশে-পাশে উন্নত চিকিৎসা সা-সুবিধা পোৱাই নহয়, এই শিক্ষানুষ্ঠানসমূহৰ জৰিয়তেও বৃহৎ সংখ্যক চিকিৎসকৰ জন্ম হয়। এই চিকিৎসকসকল সৰু চহৰ আৰু গাঁৱত উন্নত স্বাস্থ্যসেৱাৰ ভেটি হৈ পৰিছে।

উদাহৰণ স্বৰূপে আজি মুকলি হোৱা নতুন চিকিৎসা মহাবিদ্যালয়সমূহে বৰাণ, বুণ্ডী, টংক, ছাৱাই মাধোপুৰ, কৰৌলী, ঝুনঝুনু, জয়ছলমেৰ, ঢোলপুৰ, চিত্তৰগড়, ছিৰোহী, ছিকাৰ আদি বহু অঞ্চলক উপকৃত কৰিব। মানুহে এতিয়া আৰু উন্নত  চিকিৎসাৰ বাবে জয়পুৰ বা দিল্লীলৈ যাব নালাগিব । আপোনালোকৰ ঘৰৰ ওচৰতে এতিয়া ভাল চিকিৎসালয় উপলব্ধ হ'ব আৰু দুখীয়াৰ পুত্ৰ-কন্যায়ো  এই চিকিৎসা মহাবিদ্যালয়বোৰত পঢ়ি ডাক্তৰ হোৱাৰ সুযোগ পাব। তদুপৰি আমাৰ চৰকাৰে চিকিৎসা শিক্ষা মাতৃভাষাত পঢ়োৱাৰ বাট মুকলি কৰিছে। এতিয়া ইংৰাজী নজনা বাবে কোনো দুখীয়া লোকৰ  কোনো পুত্ৰ-কন্যাই ডাক্তৰ হোৱাত কোনো বাধা নাথাকিব। আৰু এয়াও মোদীৰ নিশ্চয়তা।

ভাই-ভনীসকল,

দশক দশক ধৰি আমাৰ গাঁও আৰু অভাৱগ্ৰস্ত লোকসকলো মূলতঃ গ্ৰামাঞ্চলত ভাল স্কুল নথকাৰ বাবেই পিছ পৰি ৰৈছিল। পিছপৰা আৰু জনজাতীয় সম্প্ৰদায়ৰ ল’ৰা-ছোৱালীবোৰে আগতে ডাঙৰ ডাঙৰ সপোন দেখিছিল যদিও সেই সপোনবোৰ পূৰণ কৰাৰ কোনো উপায় নাছিল। আমি শিক্ষাৰ বাজেট যথেষ্ট বৃদ্ধি কৰিছো, সম্পদৰ উন্নতি কৰিছো, একলব্য আদৰ্শ জনজাতীয় বিদ্যালয় মুকলি কৰিছো। ইয়াৰ ফলত আমাৰ জনজাতীয় যুৱক-যুৱতীসকলৰ বাবে অপৰিসীম উপকাৰ হৈছে।

বন্ধুসকল,

সপোনবোৰ যেতিয়া অভিলাষী হয় তেতিয়া সফলতাও তাৎপৰ্যপূৰ্ণ হৈ পৰে। ৰাজস্থান এনে এখন ৰাজ্য যিয়ে যুগ যুগ ধৰি নিজৰ কৰ্মৰে বিশ্ববাসীক আচৰিত কৰি তুলিছে। সেই ঐতিহ্যক সংৰক্ষণ কৰি ৰাজস্থানক আধুনিক উন্নয়নৰ দিশত আগুৱাই নিয়াটো আমাৰ দায়িত্ব। গতিকে আমাৰ অগ্ৰাধিকাৰ ৰাজস্থানত আধুনিক আন্তঃগাঁথনি সৃষ্টি কৰা। শেহতীয়াকৈ ৰাজ্যখনত দুটা হাই-টেক এক্সপ্ৰেছৱে উদ্বোধন কৰা হৈছে - দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ এটা গুৰুত্বপূৰ্ণ অংশ আৰু অমৃতসৰ-জামনগৰ এক্সপ্ৰেছৱে, দুয়োটাই ৰাজস্থানৰ উন্নয়নৰ কাহিনীত নতুন অধ্যায় সংযোজন কৰিছে। ৰাজস্থানৰ জনসাধাৰণকো উপহাৰ দিয়া হৈছে বন্দে ভাৰত ৰে'ল।

বৰ্তমান ভাৰত চৰকাৰে আন্তঃগাঁথনি আৰু পৰ্যটনৰ সৈতে জড়িত সা-সুবিধাৰ বিকাশৰ ক্ষেত্ৰত বিনিয়োগ কৰি আছে, যাৰ ফলত ৰাজস্থানৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ’ব। ‘পধৰো হাৰে দেশ’ শ্লোগানেৰে যেতিয়া পৰ্যটকক নিমন্ত্ৰণ কৰিব তেতিয়া এক্সপ্ৰেছৱে আৰু ভাল ৰে’লৰ সুবিধাই তেওঁলোকক আদৰি ল’ব।

আমাৰ চৰকাৰে স্বদেশ দৰ্শন যোজনাৰ অধীনত খাতুশ্যাম জী মন্দিৰত সা-সুবিধা সম্প্ৰসাৰণ কৰিছে। শ্ৰী খাতুশ্যামৰ আশীৰ্বাদত ৰাজস্থানৰ উন্নয়নে আৰু অধিক গতি লাভ কৰিব বুলি মোৰ বিশ্বাস। আমি সকলোৱে সমগ্ৰ বিশ্বতে ৰাজস্থানৰ গৌৰৱ আৰু ঐতিহ্যক এক নতুন পৰিচয় দিম।

বন্ধুসকল,

ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰীযুত অশোক গেহলট জীয়ে বিগত কিছুদিন ধৰি অসুস্থ হৈ আছে, ভৰিৰ অসুস্থতাৰ বাবে  অস্বস্তিৰ সন্মুখীন হৈছে। আজি তেওঁ এই অনুষ্ঠানত উপস্থিত হোৱাৰ কথা আছিল, কিন্তু সেই সমস্যাৰ বাবে তেওঁ  আহিব নোৱাৰিলে। তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। এই সকলোবোৰ গুৰুত্বপূৰ্ণ উন্নয়ন আৰু পদক্ষেপ ৰাজস্থানৰ কৃষক আৰু জনসাধাৰণৰ কল্যাণৰ বাবে উৎসৰ্গা কৰি আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছো। এনেদৰেই মই মোৰ ভাষণৰ সামৰণি মাৰিছো।

বহুত বহুত ধন্যবাদ!

বিঃদ্ৰ : এয়া  প্ৰধানমন্ত্ৰীৰ ভাষণৰ ভাবানুবাদ। । মূল ভাষণটো তেওঁ হিন্দী ভাষাত  আগবঢ়াইছিল ।

 

***

 

DS/VK/AK/DM


(रिलीज़ आईडी: 2190874) आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam