প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে প'ৰ্ট ব্লেয়াৰৰ বীৰ সাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰে

প'ৰ্ট ব্লেয়াৰৰ নতুন টাৰ্মিনেল ভৱনে যাত্ৰা সহজ কৰা, ব্যৱসায় কৰাৰ সহজতা আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব

ভাৰতত দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰিসৰ বৃহৎ চহৰসমূহতে সীমাবদ্ধ হৈ আছিল

ভাৰতত অন্তৰ্ভুক্তিমূলক উন্নয়নৰ এক নতুন মডেলৰ উদ্ভৱ হৈছে। ইয়াৰ মডেল হ'ল 'সবকা সাথ, সবকা বিকাশ'

আন্দামান হৈছে বিকাশ আৰু ঐতিহ্যৰ সমন্বয়ৰ এক জীৱন্ত উদাহৰণ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ বিকাশ দেশৰ যুৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে

प्रविष्टि तिथि: 18 JUL 2023 12:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প'ৰ্ট ব্লেয়াৰৰ বীৰ সাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন ইণ্টিগ্ৰেটেড টাৰ্মিনেল বিল্ডিং উদ্বোধন কৰে। প্ৰায় ৭১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেল ভৱনত বছৰি প্ৰায় ৫০ লাখ যাত্ৰীয়ে যাত্ৰা কৰিব পাৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যদিও আজিৰ কাৰ্যসূচী প'ৰ্ট ব্লেয়াৰত অনুষ্ঠিত হৈছে, তথাপিও সমগ্ৰ দেশবাসীয়ে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ প্ৰতি লক্ষ্য ৰাখিছে, কিয়নো বীৰ সাভাৰকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ যাত্ৰীবাহী ক্ষমতা বৃদ্ধিৰ দাবী পূৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানত উপস্থিত থকাৰ ইচ্ছা প্ৰকাশ কৰে, কিয়নো তেওঁ আনন্দময় পৰিৱেশ আৰু নাগৰিকসকলৰ সুখী মুখৰ অনুভৱ কৰিব পাৰিব। তেওঁ লগতে কয় যে আন্দামান ভ্ৰমণ কৰিব বিচৰাসকলে অধিক ক্ষমতাসম্পন্ন বিমান বন্দৰৰো দাবী জনাইছিল।

প'ৰ্ট ব্লেয়াৰ বিমানবন্দৰৰ সুবিধা সম্প্ৰসাৰণৰ অৰ্থে বৃদ্ধি পোৱা ইচছাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানে থকা টাৰ্মিনেলত ৪০০০ পৰ্যটকক সামৰাৰ ক্ষমতা আছে আৰু নতুন টাৰ্মিনেলত এই সংখ্যা ১১০০০ লৈ বৃদ্ধি পাইছে আৰু ১০খন বিমান যিকোনো সময়তে বিমানবন্দৰত ৰখাব পৰা যাব। তেওঁ কয় যে অধিক বিমান আৰু পৰ্যটকে এই অঞ্চললৈ অধিক নিয়োগৰ সুবিধা কঢ়িয়াই আনিব। প'ৰ্ট ব্লেয়াৰৰ নতুন টাৰ্মিনেল ভৱনে যাতায়াতৰ সহজতা, ব্যৱসায় কৰাৰ সহজতা আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতত দীৰ্ঘদিন ধৰি উন্নয়নৰ পৰিসৰ বৃহৎ চহৰসমূহতে সীমাবদ্ধ হৈ আছিল"। তেওঁ কয় যে দীৰ্ঘদিন ধৰি দেশৰ আদিৱাসী আৰু দ্বীপপুঞ্জৰ অঞ্চলসমূহ উন্নয়নৰ পৰা বঞ্চিত হৈ আছিল। তেওঁ কয় যে বিগত ৯ বছৰত বৰ্তমানৰ চৰকাৰে কেৱল অতীতৰ চৰকাৰৰ ভুলবোৰ দূৰ কৰাই নহয়, বৰঞ্চ এক নতুন ব্যৱস্থাৰে আগবাঢ়িছে। ভাৰতত অন্তৰ্ভুক্তিমূলক উন্নয়নৰ এক নতুন মডেলৰ উদ্ভৱ হৈছে। এই মডেল হৈছে 'সবকা সাথ, সবকা বিকাশ'। তেওঁ ব্যাখ্যা কৰে যে উন্নয়নৰ এই মডেল অতি ব্যাপক আৰু ইয়াত প্ৰতিটো অঞ্চল আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ বিকাশ আৰু জীৱনৰ প্ৰতিটো দিশ যেনে শিক্ষা, স্বাস্থ্য আৰু যোগাযোগ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত আন্দামানৰ বিকাশৰ এক নতুন কাহিনী লিখা হৈছে। পূৰ্বৰ চৰকাৰৰ ৯ বছৰত আন্দামান আৰু নিকোবৰত ২৩,০০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছিল। বর্তমানৰ চৰকাৰৰ ৯ বছৰত আন্দামান আৰু নিকোবৰত ৪৮,০০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। একেদৰে পূৰ্বৰ চৰকাৰৰ ৯ বছৰত ২৮ হাজাৰ পৰিয়াললৈ পাইপেৰে পানী যোগান ধৰা হৈছিল, বিগত ৯ বছৰত এই সংখ্যা ৫০ হাজাৰ হৈছে। আজি আন্দামান আৰু নিকোবৰৰ প্ৰতিজন লোকৰ এটা বেংক একাউণ্ট আৰু এক ৰাষ্ট্ৰ এক ৰেচন কাৰ্ডৰ সুবিধা আছে। বৰ্তমানৰ চৰকাৰ পোর্ট ব্লেয়াৰৰ চিকিৎসা মহাবিদ্যালয়ৰ বাবেও দায়বদ্ধ যদিও ইয়াৰ পূৰ্বে কেন্দ্ৰীয় শাসিত অঞ্চলত কোনো চিকিৎসা মহাবিদ্যালয় নাছিল। তেওঁ কয় যে পূৰ্বে ইণ্টাৰনেট কেৱল ছেটেলাইটৰ ওপৰত নিৰ্ভৰশীল আছিল, কিন্তু এতিয়া বর্তমানৰ চৰকাৰে শত শত কিলোমিটাৰ দীঘল সাগৰৰ তললৈ অপ্টিকেল ফাইবাৰ সংযোগ কৰাৰ উদ্যোগ লৈছে।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে দেশৰ উন্নয়নৰ বাবে নিজকে উৎসৰ্গা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বীপপুঞ্জ আৰু সৰু উপকূলীয় দেশসমূহৰ এনে বহু উদাহৰণ আছে যিয়ে আজি বিশ্বত অভূতপূৰ্ব প্ৰগতি লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে যদিও প্ৰগতিৰ পথ প্ৰত্যাহ্বানেৰে ভৰি আছে, তথাপি উন্নয়নে সকলো ধৰণৰ সমাধানৰ সৈতে আহে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত চলি থকা উন্নয়নমূলক কাম-কাজে সমগ্ৰ অঞ্চলটোক আৰু অধিক শক্তিশালী কৰিব। 
 


(रिलीज़ आईडी: 2190855) आगंतुक पटल : 8
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Marathi , Punjabi , English , Urdu , हिन्दी , Bengali , Manipuri , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam