প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দিল্লীৰ ভাৰত মণ্ডপমত অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন প্ৰধানমন্ত্ৰীৰ
মুকলি কৰিলে পিএম শ্ৰী আঁচনিৰ অধীনত পুঁজিৰ প্ৰথম কিস্তি
শিক্ষা আৰু দক্ষতা পাঠ্যক্ৰমৰ ১২টা ভাৰতীয় ভাষালৈ অনুদিত কিতাপ মুকলি
"একবিংশ শতিকাৰ ভাৰতে যি লক্ষ্যৰে আগবাঢ়িছে সেই লক্ষ্যত উপনীত হোৱাত আমাৰ শিক্ষা ব্যৱস্থাৰ এক বৃহৎ ভূমিকা আছে"
"এনইপিত পৰম্পৰাগত জ্ঞান আৰু ভৱিষ্যতৰ প্ৰযুক্তিক সমানে গুৰুত্ব দিয়া হৈছে"
"মাতৃভাষাৰ শিক্ষাই ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে এক নতুন ধৰণৰ ন্যায়ৰ সূচনা কৰিছে। এইটোও সামাজিক ন্যায়ৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ"
"যেতিয়া শিক্ষাৰ্থীসকল ভাষাক লৈ আত্মবিশ্বাসী হয়, তেতিয়া তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা কোনো সীমাবদ্ধতা অবিহনে উজলি উঠে"
"আমি অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰত এক উদ্যমী নতুন প্ৰজন্ম সৃষ্টি কৰিব লাগিব, দাসত্বৰ মানসিকতাৰ পৰা মুক্ত, উদ্ভাৱনৰ বাবে আগ্ৰহী আৰু কৰ্তব্যবোধৰে পৰিপূৰ্ণ এক প্ৰজন্ম"
"শিক্ষাৰ ক্ষেত্ৰত সমতাৰ অৰ্থ হ’ল কোনো শিশুৱে স্থান, শ্ৰেণী বা অঞ্চলৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহয়"
"৫জিৰ যুগত পিএম-শ্ৰী বিদ্যালয়সমূহ আধুনিক শিক্ষাৰ মাধ্যম হ’ব"
"জাঞ্জিবাৰ আৰু আবু ধাবিত আই আই টিৰ চৌহদসমূহ মুকলি কৰা হৈছে। আন বহু দেশেও আমাক তেওঁলোকৰ দেশত আই আই টি চৌহদত খুলিবলৈ আহ্বান জনাইছে"
प्रविष्टि तिथि:
29 JUL 2023 12:37PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ ভাৰত মণ্ডপমত অখিল ভাৰতীয় শিক্ষা সমাগম উদ্বোধন কৰে। এই দিনটো ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ তৃতীয় বাৰ্ষিকী উপলক্ষে পালন কৰা হয়। তেওঁ পিএম শ্ৰী আঁচনিৰ অধীনত পুঁজিৰ প্ৰথম কিস্তিও মুকলি কৰে। ৬২০৭ খন বিদ্যালয়ে মুঠ ৬৩০ কোটি টকাৰ প্ৰথম কিস্তি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ১২টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা শিক্ষা আৰু দক্ষতা পাঠ্যক্ৰমৰ কিতাপ মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনী এখনো পৰিদৰ্শন কৰে।
সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ ভাগ্য সলনি কৰিব পৰা কাৰকসমূহৰ ভিতৰত শিক্ষাৰ প্ৰাথমিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "একবিংশ শতিকাৰ ভাৰতে যি লক্ষ্যৰে আগবাঢ়িছে সেই লক্ষ্যত উপনীত হ’বলৈ আমাৰ শিক্ষা ব্যৱস্থাৰ এক বৃহৎ ভূমিকা আছে", তেওঁ কয়। অখিল ভাৰতীয় শিক্ষা সমাগমত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শিক্ষাৰ বাবে আলোচনা আৰু বুজাবুজি গুৰুত্বপূৰ্ণ। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ নৱনিৰ্মিত ৰুদ্ৰাক্ষ সন্মিলন কেন্দ্ৰত অনুষ্ঠিত হোৱা অন্তিম অখিল ভাৰতীয় শিক্ষা সমাগম আৰু এই বছৰৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা অখিল ভাৰতীয় শিক্ষা সমাগমৰ কাকতালীয় ঘটনাৰ কথা উল্লেখ কৰে। আনুষ্ঠানিক উদ্বোধনৰ পিছত মণ্ডপমত এইটো প্ৰথম অনুষ্ঠান।
কাশীৰ ৰুদ্ৰাক্ষৰ পৰা আধুনিক ভাৰত মণ্ডপমলৈ, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰাচীন আৰু আধুনিকৰ সংমিশ্ৰণৰ অখিল ভাৰতীয় শিক্ষা সমাগমৰ যাত্ৰাত এক অন্তৰ্নিহিত বাৰ্তা আছে। তেওঁ কয় যে এফালে ভাৰতৰ শিক্ষা ব্যৱস্থাই দেশৰ প্ৰাচীন পৰম্পৰা সংৰক্ষণ কৰি আছে আনহাতে আনটো ফালে ৰাষ্ট্ৰই বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে শিক্ষা খণ্ডত এতিয়ালৈকে হোৱা অগ্ৰগতিৰ বাবে যিসকলে অৰিহণা যোগাইছে তেওঁলোকক অভিনন্দন জনায়। আজি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বাৰ্ষিকী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক এক অভিযান হিচাপে গ্ৰহণ কৰা আৰু অপৰিসীম প্ৰগতিৰ দিশত অৰিহণা যোগোৱাৰ বাবে বুদ্ধিজীৱী, শিক্ষাবিদ আৰু শিক্ষকসকলক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত আয়োজিত প্ৰদৰ্শনী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে দক্ষতা আৰু শিক্ষা তথা উদ্ভাৱনীমূলক কৌশলৰ প্ৰদৰ্শনৰ ওপৰত আলোকপাত কৰে। তেওঁ দেশত শিক্ষা আৰু বিদ্যালয়ৰ পৰিৱৰ্তনশীল ৰূপৰ কথা উল্লেখ কৰে য’ত সৰু ল’ৰা-ছোৱালীবোৰে খেলা-ধূলাৰ মাজেৰে শিকি আছে আৰু এই ক্ষেত্ৰত নিজৰ আশা ব্যক্ত কৰে। তেওঁ অতিথিসকলক এই প্ৰদৰ্শনীখন চাবলৈও আহ্বান জনায়।
প্ৰধানমন্ত্ৰীয়ে কয় যে যুগান্তকাৰী পৰিৱৰ্তনৰ বাবে কিছু সময় লাগে। এনইপি উদ্বোধনৰ সময়ত সামৰি লোৱা বিশাল কেনভাছৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সকলো অংশীদাৰৰ নতুন ধাৰণাসমূহক গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি আৰু ইচ্ছাক প্ৰশংসা কৰে। তেওঁ কয় যে এনইপিত পৰম্পৰাগত জ্ঞান আৰু ভৱিষ্যতৰ প্ৰযুক্তিক একে গুৰুত্ব দিয়া হৈছে। তেওঁ প্ৰাথমিক শিক্ষাৰ নতুন পাঠ্যক্ৰম, আঞ্চলিক ভাষাত কিতাপ, উচ্চ শিক্ষাৰ বাবে আৰু দেশত গৱেষণা পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰাৰ বাবে শিক্ষা জগতৰ অংশীদাৰসকলৰ কঠোৰ পৰিশ্ৰমৰ কথা উল্লেখ কৰে। তেওঁ কয় যে শিক্ষাৰ্থীসকলে এতিয়া বুজি পাইছে যে ১০+২ ব্যৱস্থাৰ ঠাইত এতিয়া ৫ + ৩ + ৩ + ৪ ব্যৱস্থাটো কাৰ্যক্ষম হৈ আছে। ৩ বছৰ বয়সৰ পৰাই শিক্ষা আৰম্ভ হ’ব যাৰ ফলত সমগ্ৰ দেশতে একাত্মতা আহিব। তেওঁ লগতে অৱগত কৰে যে সংসদত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেচন বিধেয়ক উত্থাপন কৰাৰ বাবে কেবিনেটত অনুমোদন জনোৱা হৈছে। এনইপিৰ অধীনত ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ পৰিকাঠামো অতি সোনকালেই আহিব। ৩-৮ বছৰ বয়সৰ শিক্ষাৰ্থীসকলৰ বাবে পৰিকাঠামো সাজু হৈছে। সমগ্ৰ দেশতে একেধৰণৰ পাঠ্যক্ৰম থাকিব আৰু এনচিইআৰটি-য়ে ইয়াৰ বাবে নতুন পাঠ্যক্ৰমৰ কিতাপ প্ৰস্তুত কৰি আছে। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে আঞ্চলিক ভাষাত শিক্ষা প্ৰদান কৰাৰ ফলস্বৰূপে ২২টা ভিন্ন ভাষাত তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে প্ৰায় ১৩০ টা বিভিন্ন বিষয়ৰ নতুন কিতাপ আহি আছে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে যিকোনো শিক্ষাৰ্থীৰ প্ৰতি আটাইতকৈ ডাঙৰ অন্যায় হৈছে তেওঁলোকক তেওঁলোকৰ সামৰ্থ্যৰ পৰিৱৰ্তে তেওঁলোকৰ ভাষাৰ ভিত্তিত বিচাৰ কৰা। "মাতৃভাষাৰ শিক্ষাই ভাৰতৰ শিক্ষাৰ্থীসকলৰ বাবে এক নতুন ধৰণৰ ন্যায়ৰ সূচনা কৰিছে। ই সামাজিক ন্যায়ৰ দিশতও এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ", প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিশ্বৰ বহু ভাষা আৰু সেইবোৰৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিশ্বৰ বহু উন্নত ৰাষ্ট্ৰই তেওঁলোকৰ স্থানীয় ভাষাৰ বাবে অগ্ৰগতি লাভ কৰিছে। ইউৰোপৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বেছিভাগ দেশেই তেওঁলোকৰ নিজৰ স্থানীয় ভাষা ব্যৱহাৰ কৰে। তেওঁ দুখ প্ৰকাশ কৰি কয় যে যদিও ভাৰতত বহু প্ৰতিষ্ঠিত ভাষা আছে, তথাপি সেইবোৰক পিছপৰি থকাৰ লক্ষণ হিচাপে উপস্থাপন কৰা হৈছিল, আৰু যিসকলে ইংৰাজী ক'ব নোৱাৰিছিল তেওঁলোকক অৱহেলা কৰা হৈছিল আৰু তেওঁলোকৰ প্ৰতিভা চিনাক্ত কৰা হোৱা নাছিল। ফলস্বৰূপে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, গ্ৰাম্য অঞ্চলৰ শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈ আছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ আগমনৰ লগে লগে দেশে এতিয়া এই বিশ্বাস ত্যাগ কৰিবলৈ আৰম্ভ কৰিছে। "আনকি ৰাষ্ট্ৰসংঘতো মই ভাৰতীয় ভাষাত কথা কওঁ", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সমাজ বিজ্ঞানৰ পৰা অভিযান্ত্ৰিকলৈকে বিষয়সমূহ এতিয়া ভাৰতীয় ভাষাত শিকোৱা হ’ব। "যেতিয়া শিক্ষাৰ্থীসকল এটা ভাষাৰ ওপৰত আত্মবিশ্বাসী হয়, তেতিয়া তেওঁলোকৰ দক্ষতা আৰু প্ৰতিভা কোনো বাধা নোহোৱাকৈ উদ্ভৱ হ’ব", মোদীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে যে যিসকলে নিজৰ স্বাৰ্থৰ বাবে ভাষাক ৰাজনৈতিক ৰূপ দিবলৈ চেষ্টা কৰে তেওঁলোকে এতিয়া তেওঁলোকৰ দোকান বন্ধ কৰিব লাগিব। "ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ প্ৰতিটো ভাষাক উপযুক্ত সন্মান আৰু স্বীকৃতি প্ৰদান কৰিব", তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে অমৃত কালৰ পৰৱৰ্তী ২৫ বছৰত আমি এক উদ্যমী নতুন প্ৰজন্মৰ সৃষ্টি কৰিব লাগিব। দাসত্বৰ মানসিকতাৰ পৰা মুক্ত এক প্ৰজন্ম, উদ্ভাৱনৰ বাবে আগ্ৰহী আৰু বিজ্ঞানৰ পৰা ক্ৰীড়ালৈকে ক্ষেত্ৰত গৌৰৱ অৰ্জন কৰিবলৈ সাজু, একবিংশ শতিকাৰ প্ৰয়োজনীয়তা অনুসৰি নিজকে দক্ষতা প্ৰদান কৰিবলৈ ইচ্ছুক, কৰ্তব্যবোধৰে ভৰা এক প্ৰজন্ম। "এনইপিয়ে ইয়াত এক ডাঙৰ ভূমিকা পালন কৰিব", তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে কয় যে গুণগত শিক্ষাৰ বিভিন্ন মাপকাঠীৰ ভিতৰত ভাৰতৰ বৃহৎ প্ৰচেষ্টা হৈছে সমতাৰ বাবে। "এনইপিৰ অগ্ৰাধিকাৰ হৈছে যে ভাৰতৰ প্ৰতিজন যুৱক-যুৱতীয়ে একেধৰণৰ শিক্ষা লাভ কৰা উচিত আৰু শিক্ষাৰ বাবে একে সুযোগ লাভ কৰা উচিত", তেওঁ কয় যে ই কেৱল বিদ্যালয় খোলাৰ মাজতে সীমাবদ্ধ নহয়। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে শিক্ষাৰ লগতে সম্পদসমূহলৈও সমতা সম্প্ৰসাৰিত কৰিব লাগে। তেওঁ কয় যে ইয়াৰ অৰ্থ হৈছে যে প্ৰতিটো শিশুৱে পছন্দ আৰু ক্ষমতা অনুসৰি বিকল্প লাভ কৰা উচিত। "শিক্ষাৰ ক্ষেত্ৰত সমতাৰ অৰ্থ হ’ল কোনো শিশুৱে স্থান, শ্ৰেণী, অঞ্চলৰ বাবে শিক্ষাৰ পৰা বঞ্চিত নহয়", তেওঁ কয়। তেওঁ উল্লেখ কৰে যে পিএম শ্ৰী আঁচনিৰ অধীনত হাজাৰ হাজাৰ বিদ্যালয় উন্নীত কৰা হৈছে। "৫জিৰ যুগত এই আধুনিক বিদ্যালয়সমূহ আধুনিক শিক্ষাৰ এক মাধ্যম হ’ব", তেওঁ লগতে কয়। তেওঁ জনজাতীয় গাঁৱত একলব্য বিদ্যালয়, গাঁৱত ইণ্টাৰনেট সুবিধা আৰু দীক্ষা, স্বয়ম আৰু স্বয়মপ্ৰভাৰ দৰে পদ্ধতিৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলৰ কথা উল্লেখ কৰে। "এতিয়া ভাৰতত শিক্ষাৰ বাবে প্ৰয়োজনীয় সম্পদৰ ব্যৱধান দ্ৰুতগতিত সামৰি লোৱা হৈছে", তেওঁ কয়।
প্ৰধানমন্ত্ৰীয়ে বৃত্তিমূলক শিক্ষাক সাধাৰণ শিক্ষাৰ সৈতে একত্ৰিত কৰাৰ পদক্ষেপ আৰু শিক্ষাক অধিক আকৰ্ষণীয় আৰু পাৰস্পৰিক কৰি তোলাৰ উপায়সমূহৰ ওপৰত আলোকপাত কৰে। পৰীক্ষাগাৰ আৰু ব্যৱহাৰিকৰ সুবিধা পূৰ্বতে মাত্ৰ কেইখনমান বিদ্যালয়তে সীমাবদ্ধ আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অটল টিংকাৰিং লেবৰ ওপৰত আলোকপাত কৰে য’ত ৭৫ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে বিজ্ঞান আৰু উদ্ভাৱনৰ বিষয়ে শিকি আছে। "বিজ্ঞানে সকলোৰে বাবে নিজকে সৰল কৰি তুলিছে। এই যুৱ বিজ্ঞানীসকলেই গুৰুত্বপূৰ্ণ প্ৰকল্পৰ নেতৃত্ব দি দেশৰ ভৱিষ্যত গঠন কৰিব আৰু ভাৰতক বিশ্বৰ গৱেষণা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব", তেওঁ কয়।
"যিকোনো সংস্কাৰৰ বাবে সাহসৰ প্ৰয়োজন হয়, আৰু সাহসৰ উপস্থিতিয়ে নতুন সম্ভাৱনাৰ জন্ম দিয়ে", বিশ্বই ভাৰতক নতুন সম্ভাৱনাৰ পাঠশালা হিচাপে চাই আছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে ছফ্টৱেৰ প্ৰযুক্তি আৰু মহাকাশ প্ৰযুক্তিৰ উদাহৰণ দি কয় যে ভাৰতৰ সামৰ্থ্যৰ সৈতে প্ৰতিযোগিতা কৰাটো সহজ নহয়। প্ৰতিৰক্ষা প্ৰযুক্তিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ 'কম খৰচী' আৰু 'সৰ্বশ্ৰেষ্ঠ মানদণ্ডৰ' আৰ্হি নিশ্চিতভাৱে সফল হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ ঔদ্যোগিক সুনাম আৰু ষ্টাৰ্টআপ বিকাশৰ পৰিৱেশ তন্ত্ৰ সম্প্ৰসাৰণৰ লগে লগে বিশ্বত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি সন্মান যথেষ্ট বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে সকলো গৌলকীয় ৰেংকিঙত ভাৰতীয় প্ৰতিষ্ঠানৰ সংখ্যা বৃদ্ধি পাইছে আৰু জাঞ্জিবাৰ আৰু আবু ধাবিত দুখন আই আই টি চৌহদ মুকলি হোৱাৰ বিষয়ে অৱগত কৰে। "আন বহুতো দেশেও আমাক তেওঁলোকৰ নিজৰ দেশত আই আই টি চৌহদ মুকলি কৰিবলৈ আহ্বান জনাইছে", তেওঁ কয়। শিক্ষা পৰিৱেশতন্ত্ৰত অহা ইতিবাচক পৰিৱৰ্তনৰ বাবে ভাৰতত নিজৰ প্ৰাংগনসমূহ মুকলি কৰিবলৈ ইচ্ছুক বহু বিশ্ব বিশ্ববিদ্যালয়ৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ অৱগত কৰে যে অষ্ট্ৰেলিয়াৰ দুখন বিশ্ববিদ্যালয়ে গুজৰাটৰ জি আই এফ টি চহৰত তেওঁলোকৰ চৌহদ মুকলি কৰিবলৈ আগবাঢ়িছে। শ্ৰী মোদীয়ে শিক্ষা প্ৰতিষ্ঠানসমূহক নিৰন্তৰভাৱে শক্তিশালী কৰা আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তোলাৰ দিশত কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ প্ৰতিষ্ঠান, বিশ্ববিদ্যালয়, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহক এই বিপ্লৱৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে "সক্ষম যুৱক-যুৱতী গঢ়ি তোলা হৈছে এখন শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ আটাইতকৈ ডাঙৰ নিশ্চয়তা" আৰু পিতৃ-মাতৃ আৰু শিক্ষকসকলে ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ শিক্ষক আৰু অভিভাৱকসকলক ছাত্ৰ-ছাত্ৰীসকলক আত্মবিশ্বাসী, কৌতূহলী আৰু কল্পনাৰ জগতত উৰণৰ বাবে সাজু কৰিবলৈ আহ্বান জনায়। "আমি ভৱিষ্যতৰ ওপৰত চকু ৰাখিব লাগিব আৰু ভৱিষ্যতমুখী মানসিকতাৰে চিন্তা কৰিব লাগিব। আমি শিশুক কিতাপৰ চাপৰ পৰা মুক্ত কৰিব লাগিব", তেওঁ কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক শক্তিশালী ভাৰতত বৰ্ধিত গোলকীয় কৌতূহলে আমাৰ ওপৰত আৰোপ কৰা দায়িত্বৰ কথা উল্লেখ কৰে। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক যোগ, আয়ুৰ্বেদ, কলা আৰু সাহিত্যৰ গুৰুত্বৰ বিষয়ে অৱগত কৰোৱাৰ কথা মনত পেলাই দিয়ে। সামৰণিত তেওঁ শিক্ষকসকলক ভাৰতৰ বৰ্তমান প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ ২০৪৭ চনলৈ 'বিকশিত ভাৰত'ৰ যাত্ৰাৰ গুৰুত্বৰ বিষয়ে মনত পেলাই দিয়ে।
এই অনুষ্ঠানত অন্যান্যসকলৰ লগতে কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান উপস্থিত আছিল।
পটভূমি
প্ৰধানমন্ত্ৰীৰ ভৱিষ্য-দৃষ্টিৰ দ্বাৰা পৰিচালিত হৈ, যুৱপ্ৰজন্মক প্ৰস্তুত কৰা আৰু অমৃত কালত দেশক নেতৃত্ব দিয়াৰ বাবে তেওঁলোকক প্ৰস্তুত কৰাৰ লক্ষ্যৰে এনইপি ২০২০ আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে তেওঁলোকক ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবে প্ৰস্তুত কৰাৰ লগতে মৌলিক মানৱীয় মূল্যবোধৰ ওপৰতো সমানে গুৰুত্ব দিয়া। ইয়াৰ ৰূপায়ণৰ তিনি বছৰত এই নীতিয়ে বিদ্যালয়, উচ্চ আৰু দক্ষতা শিক্ষাৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন সাধন কৰিছে। ২৯ আৰু ৩০ জুলাইত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীয়ে শিক্ষাবিদ, খণ্ড বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, উদ্যোগৰ প্ৰতিনিধি, শিক্ষক আৰু বিদ্যালয়, উচ্চ শিক্ষা আৰু দক্ষতা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অন্যান্যসকলক এনইপি ২০২০ৰ ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকৰ অন্তৰ্দৃষ্টি, সফলতাৰ কাহিনী আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনসমূহ ভাগ বাটোৱাৰা কৰিবলৈ আৰু ইয়াক আৰু আগুৱাই নিয়াৰ বাবে কৌশল প্ৰস্তুত কৰিবলৈ এক মঞ্চ প্ৰদান কৰিব।
অখিল ভাৰতীয় শিক্ষা সমাগমত ষোল্লখন সত্ৰ অন্তৰ্ভুক্ত থাকিব, য’ত মানসম্পন্ন শিক্ষা আৰু প্ৰশাসনৰ প্ৰৱেশাধিকাৰ, সমতাপূৰ্ণ আৰু অন্তৰ্ভুক্তিমূলক শিক্ষা, সামাজিক-অৰ্থনৈতিকভাৱে বঞ্চিত গোটৰ বিষয়, ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ ৰেংকিং ফ্ৰেমৱৰ্ক, ভাৰতীয় জ্ঞান ব্যৱস্থা, শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয়কৰণ আদি বিষয়ত আলোচনা অনুষ্ঠিত হ’ব।
কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পিএম শ্ৰী আঁচনিৰ অধীনত পুঁজিৰ প্ৰথম কিস্তি মুকলি কৰে। এই বিদ্যালয়সমূহে ছাত্ৰ-ছাত্ৰীসকলক এনে ধৰণে গঢ়ি তুলিব যাতে তেওঁলোক ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) ২০২০ৰ ধাৰণা অনুসৰি এক ন্যায়সংগত, সামগ্ৰিক আৰু বহুত্ববাদী সমাজ গঢ়ি তোলাৰ বাবে নিয়োজিত, উৎপাদনশীল আৰু অৰিহণা যোগোৱা নাগৰিক হয়। প্ৰধানমন্ত্ৰীয়ে ১২টা ভাৰতীয় ভাষালৈ অনুবাদ কৰা শিক্ষা আৰু দক্ষতা পাঠ্যক্ৰমৰ কিতাপো উন্মোচন কৰে।
***
DS/TS/HS
(रिलीज़ आईडी: 2190812)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Bengali
,
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada