প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কয় যে সমবায় সমিতি দেশৰ সামাজিক অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ

সমবায়সমূহক শক্তিশালী কৰা, আধুনিকীকৰণ কৰা আৰু দেশৰ প্ৰতিটো প্ৰান্তত গণতন্ত্ৰৰ সৰ্ববৃহৎ গোটক শক্তিশালী কৰাৰ বাবে এখন পৃথক সমবায় মন্ত্ৰালয় স্থাপন কৰা হৈছে।

সমবায় মন্ত্ৰালয়ে দেশত সমবায়ৰ এক নেটৱৰ্ক প্ৰসাৰিত কৰিছে, যাতে দৰিদ্ৰতম ব্যক্তিসকলৰো কণ্ঠস্বৰ শুনা যায়, তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ হয় আৰু তেওঁলোকে ৰাষ্ট্ৰৰ উন্নয়নত অৱদান আগবঢ়াব পাৰে।

प्रविष्टि तिथि: 15 AUG 2023 1:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৭সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি কয় যে সমবায় সমিতি দেশৰ সামাজিক অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। তেওঁ কয় যে সমবায়সমূহক শক্তিশালী কৰা, আধুনিকীকৰণ কৰা আৰু দেশৰ প্ৰতিটো প্ৰান্তত গণতন্ত্ৰৰ সৰ্ববৃহৎ এককটোক শক্তিশালী কৰিবলৈ এখন পৃথক সমবায় মন্ত্ৰালয় গঠন কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সমবায় মন্ত্ৰালয়ে দেশত সমবায়ৰ এক নেটৱৰ্ক প্ৰসাৰিত কৰিছে, যাতে দৰিদ্ৰতম ব্যক্তিৰ কথাও শুনা যায়, তেওঁলোকৰ প্ৰয়োজনীয়তা পূৰণ হয় আৰু তেওঁলোকে ৰাষ্ট্ৰৰ উন্নয়নত অৱদান আগবঢ়াব পাৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে 'সহকৰ সে সমৃদ্ধি'ৰ পথ বাচি লৈছে।


(रिलीज़ आईडी: 2190726) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Telugu , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Kannada , Malayalam