প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন তথা জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 15 NOV 2025 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত ধৰতী আবা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জয়ন্তী উদযাপন তথা জনজাতীয় গৌৰৱ দিৱসৰ কাৰ্য্যসূচীৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়;

“আজি গুজৰাটৰ ডেদিয়াপাড়াত ভগৱান বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ লোকসকলক সম্ভাষণ জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ।”

“জনজাতীয় গৌৰৱ দিৱসৰ পবিত্ৰ উপলক্ষত দেশৰ ভিন্ন প্ৰান্তৰ জনজাতীয় ঐতিহ্যক প্ৰদৰ্শন কৰা স্পন্দনশীল সাংস্কৃতিক অনুষ্ঠানে গুজৰাটৰ সকলোকে মোহিত কৰে।”

“আজি ডেদিয়াপাড়াত জনজাতীয় সমাজৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুলভ আৰু সুৰক্ষিত শিক্ষা গ্ৰহণৰ বাবে ভগৱান বীৰছা মুণ্ডা জনজাতীয় পৰিবহণ বাছসমূহৰ ফ্লেগ-অফৰ সৌভাগ্য লাভ কৰোঁ।”

“গুজৰাটৰ ডেদিয়াপাড়াত আয়োজিত কাৰ্য্যসূচীলৈ ভাই-ভনীসকলৰ উৎসাহ আৰু উদ্যমে তেওঁলোক জনজাতীয় সমাজৰ বাবে আমাৰ কল্যাণমূলক আঁচনিসমূহক লৈ কিমান সুখী, সেই মনোভাৱকে প্ৰদৰ্শন কৰিছে।”

"ভগৱান ৰামৰে সম্পৰ্কীয় আমাৰ জনজাতীয় সমাজখনক কংগ্ৰেছ দলে পৰিত্যাগ কৰিছিল। ইয়াৰ বিপৰীতে এনডিএ চৰকাৰে শিক্ষা, স্বাস্থ্য, গৃহ নিৰ্মাণ, যোগাযোগ ব্যৱস্থাৰ দৰে সুবিধাৰে তেওঁলোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিবলৈ অহৰহভাৱে কাম কৰি আছে।"

"মই ভগৱান বীৰছা মুণ্ডাৰ গাঁৱৰ মাটি শিৰত লৈ মোৰ জনজাতীয় ভাই-ভনীসকলৰ কল্যাণ নিশ্চিতকৰণৰ সংকল্প গ্ৰহণ কৰিছোঁ। পি এম-জনমান যোজনা আৰু ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানৰ দৰে পদক্ষেপৰাজিয়ে এই সংকল্পক বাস্তৱত পৰিণত কৰিছে।"

"আমি আমাৰ জনজাতীয় ভাই-ভনীসকলৰ জীৱনৰ প্ৰতিটো দিশৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ডৰ অগ্ৰগতি সাধনৰ বাবে কাম কৰি আছোঁ। ইয়াৰ একাধিক উদাহৰণ আছে..."

***

MJPS/ST/SB
 


(रिलीज़ आईडी: 2190652) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Telugu , Kannada