আইএফএফআই ২০২৫: গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে এই উৎসৱৰ বিশ্বব্যাপী প্ৰসাৰ আৰু সাংস্কৃতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে
পাঁচ দিনৰ পাছত ৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হ’বলৈ ওলোৱাৰ সময়তে আজি পানাজীত গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগনে এই সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ ওপৰত এখন সংবাদমেল সম্বোধন কৰে।
সংবাদ মাধ্যমক সম্বোধন কৰি গোৱাৰ মুখ্যমন্ত্ৰী ড° প্ৰমোদ সাৱন্তে কয় যে এই মহোৎসৱৰ অংশ হিচাপে আইএনঅ’এক্স পানাজী, আইএনঅ’এক্স পৰভৰিম, মেকিনেজ পেলেচ পানাজী, ৰবীন্দ্ৰ ভৱন মাদগাঁও, মেজিক মুভিজ পণ্ডা, আশোকা আৰু সম্ৰাট স্ক্ৰীনছ পানাজীত ছবি প্ৰদৰ্শন কৰা হ’ব। “এইবাৰ মহোৎসৱৰ মুকলি অনুষ্ঠানত এক গ্ৰেণ্ড পেৰেড অনুষ্ঠিত হ’ব। ২০ নৱেম্বৰৰ আবেলি ০৩.৩০ বজাত গোৱা এণ্টাৰটেইনমেণ্ট ছ’চাইটিৰ কাৰ্যালয়ৰ পৰা কলা একাডেমীলৈ পেৰেড অনুষ্ঠিত হ’ব। প্ৰতিনিধিসকলৰ সুবিধাৰ্থে আমি সকলো স্থানলৈ বিনামূলীয়া যাতায়তৰ ব্যৱস্থাও কৰিছো। ইয়াৰ উপৰিও মিৰামাৰ বিচ, ৰবীন্দ্ৰ ভৱন মাদগাঁৱৰ মুকলি স্থান, আৰু বাগাটৰ বিচত মুকলি আকাশৰ তলত প্ৰদৰ্শনৰ আয়োজন কৰা হ’ব,” তেওঁ ক’লে।
কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে কয় যে ২০২৫ চনৰ ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া ৫৬ সংখ্যক ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত কেইবাটাও প্ৰথম প্ৰদৰ্শন কৰা হ’ব, যিয়ে মহোৎসৱৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী মৰ্যাদা, পৰিৱৰ্তনশীল পদক্ষেপ, আৰু ভাৰতীয় চিনেমাৰ প্ৰচাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক বিনিময় দুয়োটাতে ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকাক বৃদ্ধি কৰিব। তেওঁ আজি (১৫ নৱেম্বৰ, ২০২৫) পানাজীত গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তৰ সৈতে মহোৎসৱৰ প্ৰাকমুহূৰ্তত এখন সংবাদমেল সম্বোধন কৰে।
ড° মুৰুগানে কয় যে আইএফএফআই ২০২৫ত ১২৭খন দেশৰ পৰা অভূতপূৰ্ব ৩৪০০ খন ছবি দাখিল লাভ কৰা হৈছে, যাৰ ফলত এছিয়াৰ অন্যতম প্ৰিমিয়াৰ চলচ্চিত্ৰ মহোৎসৱ হিচাপে নিজৰ স্থান সুদৃঢ় হৈছে। তেওঁ কয়, “৮৪খন দেশৰ ২৭০খনতকৈও অধিক ছবি প্ৰদৰ্শিত হ’ব, য’ত আছে ২৬খন বিশ্ব প্ৰিমিয়াৰ, ৪৮খন এছিয়া প্ৰিমিয়াৰ, আৰু ভাৰতৰ পৰা ৯৯খন প্ৰিমিয়াৰ।”
স্পেইন আৰু অষ্ট্ৰেলিয়াৰ বিশেষ কিউৰেটেড পেকেজৰ সৈতে এই বছৰ আইএফএফআইৰ কান্ট্ৰী ফ’কাছ হৈছে জাপান। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় এই মহোৎসৱত ভাৰতীয় চিনেমাৰ কিংবদন্তি আইকন যেনে গুৰু দত্ত, ৰাজ খোছলা, ঋত্বিক ঘটক, পি ভানুমতী, ভূপেন হাজৰিকা, আৰু সলিল চৌধুৰীৰ প্ৰতি শতবাৰ্ষিকী শ্ৰদ্ধাঞ্জলিও উদযাপন কৰা হ’ব। ড° মুৰুগানে লগতে ঘোষণা কৰে যে অভিনেতা ৰজনীকান্তক চিনেমা জগতত ৫০ বছৰ সম্পূৰ্ণ কৰাৰ বাবে সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হ’ব। মহোৎসৱত তেওঁৰ চিনেমা লালা চালামো প্ৰদৰ্শিত হ’ব বুলিও তেওঁ কয়। শ্ৰী কে বৈকুণ্ঠ, গোৱাৰ বিখ্যাত চিনেমাট’গ্ৰাফাৰকো এই মহোৎসৱত সম্বৰ্ধনা জনোৱা হ’ব।
ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুম’ৰ’ৰ পদক্ষেপৰ বিষয়ে কোৱাৰ সময়ত মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰ ৭৯৯টা প্ৰৱেশৰ ভিতৰত ১২৪জন যুৱ সৃষ্টিকৰ্তাক অতি প্ৰতিযোগিতামূলক প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হৈছে। ড° মুৰুগানে লগতে কয় যে ৱেভছ ফিল্ম বজাৰৰ ১৯ সংখ্যক সংস্কৰণে ভাৰত আৰু বিদেশৰ শ শ প্ৰকল্পৰ সহ-প্ৰডাকচন আৰু বজাৰৰ সুযোগ মুকলি কৰিব, য’ত এআই, ভিএফএক্স, আৰু চিজিআইৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সন্ধানৰ বাবে এটা নিবেদিত টেক পেভিলিয়ন থাকিব।
ভাৰতৰ উন্নয়ন যাত্ৰাৰ কেন্দ্ৰবিন্দুত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নাৰী শক্তিৰ দৃষ্টিভংগীৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আইএফএফআই ২০২৫ত মহিলা পৰিচালকৰ ৫০খনতকৈও অধিক ছবি উপস্থাপন কৰা হ’ব। “মহোৎসৱত ২১খন অস্কাৰ প্ৰৱেশ আৰু আত্মপ্ৰকাশ কৰা চলচ্চিত্ৰ নিৰ্মাতাৰ ৫০ খনতকৈও অধিক কৰ্ম প্ৰদৰ্শিত হ’ব। বিশ্বৰ শীৰ্ষ চলচ্চিত্ৰ মহোৎসৱৰ শীৰ্ষ বঁটা বিজয়ী ছবিও ৫৬ সংখ্যক আইএফএফআইত প্ৰদৰ্শিত হ’ব।”
চিনেমাত সৃষ্টিশীলতা আৰু উদ্ভাৱনক লালন-পালনৰ দিশত চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি মন্ত্ৰীগৰাকীয়ে কয়, “চিনেমাএআই হেকাথনৰ দৰে পদক্ষেপ আৰু থিয়েটাৰত অভিগম্যতাৰ বৈশিষ্ট্যই চিনেমাক অধিক অন্তৰ্ভুক্ত, প্ৰযুক্তি-চালিত, আৰু বিশ্বব্যাপী সহযোগিতামূলক কৰি তোলাৰ আমাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।”
এই বছৰ আইএফএফআই আৰম্ভণি হ’ব পুৰণি জিএমচি বিল্ডিঙৰ বিপৰীত পথত ৰঙীন পেৰেডেৰে, য’ত প্ৰডাকচন হাউচ, বিভিন্ন ৰাজ্য আৰু সাংস্কৃতিক দলৰ প্ৰতীকপদে ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু নীতি-নিয়ম প্ৰদৰ্শন আৰু ৰক্ষা কৰিব। পেৰেডত ৩৪টা ফ্ল’ট থাকিব যাৰ ভিতৰত ১২টা গোৱা চৰকাৰে ব্যৱস্থা কৰিছে।

******
Dharmendra Tewari/ Mahesh Kumar/ Navin Sreejith/ Priti Malandkar/AA
Release ID:
2190644
| Visitor Counter:
5