তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘চিবিএফচি’-য়ে চলচ্চিত্ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়া সুশৃংখলিত কৰিবলৈ ‘ই-চিনেপ্ৰমাণ পৰ্টেল’-ত বহুভাষিক মডিউল-ৰ প্ৰৱৰ্তন কৰিছে

Posted On: 14 NOV 2025 4:51PM by PIB Guwahati

 

‘কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড’ (চিবিএফচি)-য়ে‘ই-চিনেপ্ৰমাণ পৰ্টেল’-ত বহুভাষিক মডিউল প্ৰৱৰ্তনৰ ব্যৱস্থা কৰিছে। মডিউল-টো এতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰি কৰা হৈছে আৰু ৰাজহুৱা ব্যৱহাৰৰ বাবে ‘লাইভ’ কৰা হৈছে। এই পদক্ষেপ হৈছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বাবে চলচ্চিত্ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াক ডিজিটেলাইজ আৰু সৰল কৰাৰ বাবে চিবিএফচি-য়ে গ্ৰহণ কৰা দৃষ্টিভংগীৰ অংশ।

চিবিএফচি-ৰ অধ্যক্ষ শ্ৰী প্ৰসূন যোশীৰ মতে, বৰ্তমানৰ প্ৰক্ৰিয়াৰ উপৰিও প্ৰৱৰ্তিত এই বৈকল্পিক সুবিধা একাধিক ভাৰতীয় ভাষাত মুক্তিৰ উদ্দেশ্যেৰে নিৰ্মিত ছবিসমূহৰ প্ৰমাণপত্ৰ প্ৰদানৰ ব্যৱস্থা সুশৃংখলিত আৰু সৰল কৰিব পৰাকৈ আৰ্হি কৰা হৈছে। এই সুবিধাৰ সহায়ত এতিয়া আবেদনকাৰীয়ে একক, ঐক্যবদ্ধ আবেদনৰ জৰিয়তে বিভিন্ন ভাষাত ছবি দাখিল কৰিব পাৰিব, যাৰ ফলত পদ্ধতিগত পুনৰাবৃত্তিৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পাব।

এই মডিউল-ৰ অধীনত বহুভাষিক মুক্তিৰ বাবে প্ৰমাণিত প্ৰতিখন ছবিয়ে বহুভাষিক প্ৰমাণপত্ৰ লাভ কৰিব, য’ত ছবিখন অনুমোদিত হোৱা সকলো ভাষাৰ বিষয়ে তথ্য স্পষ্টকৈ তালিকাভুক্ত কৰা হ’ব। বহুভাষিক চলচ্চিত্ৰ প্ৰমাণীকৰণৰ পদক্ষেপে সমগ্ৰ ভাৰতীয় চিনেমাৰ ক্ৰমবৰ্ধমান ধাৰাটোক স্বীকাৰ কৰে আৰু সমগ্ৰ দেশৰ বিভিন্ন ভাষিক দৰ্শকক সেৱা আগবঢ়াব পৰাকৈ চলচ্চিত্ৰ নিৰ্মাতাসকলক এক নিৰৱচ্ছিন্ন ব্যৱস্থা প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰে।

বহুভাষিক চলচ্চিত্ৰ প্ৰমাণীকৰণৰ মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে:

একক আবেদন: আবেদনকাৰীয়ে ‘ই-চিনেপ্ৰমাণ পৰ্টেল’-ৰ জৰিয়তে একেলগে সকলো ভাষাৰ সংস্কৰণ আপলোড আৰু জমা দিব পাৰিব।

একত্ৰিত প্ৰমাণপত্ৰ: বহুভাষিক স্থিতি প্ৰদান কৰি আৰু সকলো প্ৰমাণীকৃত ভাষাৰ তথ্য উল্লেখ কৰি এখন প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব।

সুশৃংখলিত প্ৰক্ৰিয়াকৰণ: দক্ষতা আৰু একৰূপতা নিশ্চিত কৰাৰ বাবে এটা আঞ্চলিক কাৰ্যালয়ে আবেদনখনৰ সমগ্ৰিক প্ৰক্ৰিয়া আগবঢ়াব।

ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বিকশিত প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি চলচ্চিত্ৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়াত স্বচ্ছতা, দক্ষতা, আৰু সহজলভ্যতা বৃদ্ধিৰ বাবে ‘কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ড’ প্ৰতিশ্ৰুতিবদ্ধ হৈ আহিছে।

 

***

Saurabh Khekde/Parshuram Kor/KB


(Release ID: 2190204) Visitor Counter : 5