গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীৰ বিস্ফোৰণ সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ নিৰাপত্তা পৰ্য্যালোচনা বৈঠক সম্পন্ন
প্ৰতিটো অপৰাধীক কঠোৰ হাতেৰে দমন কৰা হ’বঃ অমিত শ্বাহ
प्रविष्टि तिथि:
11 NOV 2025 6:57PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত নতুন দিল্লীত নিৰাপত্তা সংস্থা আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে দিল্লীৰ গাড়ী বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্য্যায়ৰ নিৰাপত্তা পৰ্য্যালোচনা বৈঠক সম্পন্ন হয়।
প্ৰথমখন বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ সঞ্চালক প্ৰধান আৰু দিল্লীৰ আৰক্ষী আয়ুক্ত উপস্থিত থাকে। জম্মু-কাশ্মীৰৰ সঞ্চালক প্ৰধানে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰে এই বৈঠকত যোগদান কৰে। দ্বিতীয়খন বৈঠকত কেন্দ্ৰীয় গৃহ সচিব, ইন্টেলিজেন্স ব্যুৰ’ৰ সঞ্চালক, নেচনেল চিকিউৰিটি গাৰ্ডৰ (NSG) সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ (NIA) সঞ্চালক প্ৰধান, ফৰেনছিক বিজ্ঞান সেৱাৰ সঞ্চালক, ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ-দিল্লীৰ মুখ্য সঞ্চালককে প্ৰমুখ্য কৰি আন-আন জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
বৈঠকৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ‘এক্স’-ৰ এটা প’ষ্টত কয়, “দিল্লীৰ গাড়ী বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্য্যালোচনা বৈঠকত মিলিত হওঁ। তেওঁলোকক এই ঘটনাৰ আঁৰৰ প্ৰতিটো অপৰাধীকে কঠোৰ হাতেৰে দমন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। এই দুষ্কাৰ্য্যৰ সৈতে জড়িত প্ৰত্যেকেই আমাৰ সংস্থাসমূহৰ পৰা কঠোৰ পৰিণাম ভোগ কৰিব লাগিব।”
*****
RK/RR/PS/SB
(रिलीज़ आईडी: 2189086)
आगंतुक पटल : 20