তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
‘ৱেভ বাজাৰ’ আৰু ‘আহা’-ৰ দ্বাৰা সঞ্চালিত, ‘প্ৰডিউচাৰ বাজাৰ’ আৰু ‘ইণ্ডিয়াজয়’-ৰ দ্বাৰা আয়োজিত ‘ইণ্ডিয়াজয় বি টু বি ২০২৫’-য়ে ভাৰতৰ সৃষ্টিশীল অৰ্থনীতিক শক্তিসমৃদ্ধ কৰিছে
‘ইণ্ডিয়াজয় বি টু বি ২০২৫’-য়ে ‘এভিজিচি-এক্সআৰ’ আৰু চলচ্চিত্ৰ উদ্যোগৰ বাবে অগ্ৰণী অভিকেন্দ্ৰ হিচাপে হায়দৰাবাদৰ স্থান সুদৃঢ় কৰিছে
Posted On:
11 NOV 2025 4:50PM by PIB Guwahati
ভাৰতীয় চলচ্চিত্ৰ বজাৰ আৰু ‘ৱেভছ এনিমেশ্যন বজাৰ’-ৰ সৈতে জড়িত ‘ইণ্ডিয়াজয় বি টু বি ২০২৫’ পদক্ষেপটো ‘ৱেভছ বাজাৰ’, ‘প্ৰডিউচাৰবাজাৰ’ আৰু ‘আহা’-ৰ সহযোগত ‘ইণ্ডিয়াজয়’ অনুষ্ঠানত সফলতাৰে আয়োজন কৰা হয়, যিয়ে এভিজিচি-এক্সআৰ (এনিমেশ্যন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটী) আৰু চলচ্চিত্ৰ উদ্যোগৰ ‘কন্টেন্ট ক্ৰিয়েটৰ’সকলৰ বাবে এক অগ্ৰণী মঞ্চ হিচাপে ৱেভছ বজাৰৰ স্থান আৰু অধিক সুদৃঢ় কৰি তুলিছে।
এই বছৰৰ সংস্কৰণটোত সমগ্ৰ ভাৰতৰ ১২০ গৰাকী বিক্ৰেতা আৰু ৩৫ গৰাকী ক্ৰেতাই অংশগ্ৰহণ কৰিছিল, যাৰ ফলত ‘কো-প্ৰডাকচন’, ‘কন্টেন্ট লাইচেন্সিং’ আৰু কৌশলগত সহযোগিতাৰ বাবে এক শক্তিশালী মঞ্চৰ সৃষ্টি হৈছিল। এই অনুষ্ঠানৰ সময়ত ‘স্প্ৰাউটছ ষ্টুডিঅ’ই ‘প্ৰডিউচাৰ-বাজাৰৰ দ্বাৰা ‘ৱেভছ এনিমেশ্যন বজাৰ’ আৰু ভাৰতীয় চলচ্চিত্ৰ বজাৰৰ সৈতে জড়িত বৌদ্ধিক সম্পত্তি (আই পি)ৰ সহায়ৰ বাবে ৬ কোটি টকাৰ পুঁজি ঘোষণা কৰে।
ৱেভছ এনিমেশ্যন বাজাৰ
‘ৱেভছ এনিমেশ্যন বাজাৰ’-ত ১৮ গৰাকী উদীয়মান ‘ক্ৰিয়েটৰ’ আৰু ‘আই পি হল্ডাৰ’ৰ প্ৰদৰ্শন কৰা হয়, যিয়ে ভাৰতৰ প্ৰতিভাৰ সম্প্ৰসাৰিত পুল আৰু এনিমেশ্যন আৰু নতুন মাধ্যমসমূহত সৃষ্টিশীলতাক প্ৰতিফলিত কৰিছে। বজাৰখনে গল্পকাৰ, প্ৰযোজক আৰু বিতৰকসকলক সফলতাৰে সংযুক্ত কৰিলে, অৰ্থপূৰ্ণ আলোচনা আৰু অংশীদাৰিত্বৰ পোষকতা কৰিলে যিয়ে ভাৰতৰ মনোৰঞ্জন পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াত সহায় কৰিব।
এইবাৰৰ সংস্কৰণৰ বিশিষ্ট ক্ৰেতাসকলৰ ভিতৰত আছিল আহা, জি, স্পিৰিট মিডিয়া, জিঅ’ হটষ্টাৰ, সুৰেশ প্ৰডাকশ্যন, ইটিভি উইন, ৱাচো, নৰ্থষ্টাৰ এণ্টাৰটেইনমেণ্ট আৰু আলফা পিকচাৰ্ছ। এই পদক্ষেপৰ অংশ হিচাপে কন্টেন্ট ৰাইটছ মুদ্ৰাকৰণৰ ক্ষেত্ৰত ২৪ কোটি টকাৰ প্ৰস্তাৱসমূহ উত্থাপন কৰা হৈছিল আৰু সম্ভাৱ্য অংশীদাৰসকলৰ সৈতে আলোচনা কৰা হৈছিল।
উদ্বোধনী অধিৱেশনত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজু ডাঙৰীয়াই কয়।
"এই অনুষ্ঠানে মনোৰঞ্জন উদ্যোগৰ সকলো খণ্ডকে লাভৱান কৰিব বুলি আশা কৰা হৈছে। বিক্ৰেতা আৰু ক্ৰেতাসকলক একক মঞ্চত সমবেত কৰা কথাই ভাৰতৰ মনোৰঞ্জন বাণিজ্যক অধিক শক্তিশালী কৰিব। আইপিএল-য়ে ভাৰতীয় ক্ৰিকেটলৈ যেনেকৈ বৈপ্লৱিক পৰিৱৰ্তন আনিলে, তেনেকৈয়ে সৃষ্টিশীলতা আৰু প্ৰযুক্তিক একত্ৰিত কৰা ৱেভছ পদক্ষেপেও মনোৰঞ্জন খণ্ডৰ ৰূপান্তৰ সাধন কৰিব।"
ইণ্ডিয়াজয়-ৰ ৱেভছ বাজাৰ-ৰ সৈতে সহযোগিতাই প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টুডিঅ’সমূহক লালন-পালন কৰি আৰু বিশ্বৰ দৰ্শকৰ বাবে ‘ক্ৰিয়েট ইন ইণ্ডিয়া” কন্টেন্টৰ প্ৰচাৰ কৰি এই পদক্ষেপত অধিক শক্তি যোগ কৰিলে।
উৎসাহী অংশগ্ৰহণ আৰু প্ৰভাৱশালী ব্যৱসায়িক ফলাফলৰ সৈতে ‘ইণ্ডিয়াজয় বি টু বি ২০২৫’ত ৱেভছ বজাৰে সমগ্ৰ ভাৰতৰ সৃষ্টিশীল উদ্যোগসমূহত সহযোগিতা, উদ্ভাৱন আৰু উথ্থানৰ ক্ষেত্ৰত আগুৱাই নিয়া এক অগ্ৰণী মঞ্চ হিচাপে নিজৰ ভূমিকাক পুনৰ শক্তিশালী কৰিছে।
ইণ্ডিয়াজয় ২০২৫-ত ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ-ৰ বিজয়ীসকলৰ প্ৰদৰ্শনী
ইণ্ডিয়াজয় ২০২৫ৰ ৱেভছ বাজাৰ পেভিলিয়নত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সহযোগত ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (চিআইচি) বিজয়ীসকলৰ প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। এভিজিচি–এক্সআৰ খণ্ডৰ ২০+ গৰাকীতকৈয়ো অধিক বিজয়ীয়ে তেওঁলোকৰ যুগান্তকাৰী প্ৰকল্পসমূহ উপস্থাপন কৰে, য'ত ভিআৰ হেডছেট, শিক্ষামূলক প্ৰযুক্তি উপকৰণ, গে’মিং প্ৰ'ট'টাইপ, এনিমেশ্যন ছবি আৰু এনিমেশ্যন ফিল্ম প্ৰতিযোগিতা, ইনোভেট২এডুকেট হেণ্ডহেল্ড ডিভাইচ চেলেঞ্জ, ৱেভছ এৱাৰ্ডছ অব এক্সেলেন্স, এক্সআৰ ক্ৰিয়েটৰ হেকাথন আৰু আনৰিয়েল চিনেমেটিক চেলেঞ্জ-ৰ দৰে প্ৰতিযোগিতাৰ জৰিয়তে বিকশিত কৰা চিনেমেটিক আইপিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
যুৱ উদ্ভাৱকসকলে সচিব (আই এণ্ড বি) শ্ৰী সঞ্জয় জাজুৰ সৈতে মত বিনিময় কৰে, ৱেভছ পদক্ষেপৰ অধীনত তেওঁলোকৰ সৃষ্টিশীল যাত্ৰা আৰু ইনকিউবেশ্যন অভিজ্ঞতাসমূহ সহভাগ কৰে। কেইবাজনো অংশগ্ৰহণকাৰীয়ে নিজৰ আই পি পিচ টু ডীল-তো উপস্থাপন কৰে, যিটো বি টু বি বাজাৰত ক্ৰিয়েটৰসকলক সম্ভাৱ্য বিনিয়োগকাৰী আৰু ষ্টুডিঅ’ৰ সৈতে সংযুক্ত কৰা হয়।
ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ বিজয়ীসকলৰ অংশগ্ৰহণ আৰু ‘ইণ্ডিয়াজয় বি টু বি ২০২৫’ৰ সফলতাই যুৱ ক্ৰিয়েটৰসকলৰ সৱলীকৰণ, ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি শক্তিশালী কৰা, আৰু সংবাদ মাধ্যম, মনোৰঞ্জন, আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উদ্ভাৱনৰ বাবে দেশখনক বিশ্ব কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে মন্ত্ৰালয়ৰ অবিৰত দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে।
******
Dharmendra Tewari/ Mahesh Kumar/KB
(Release ID: 2189073)
Visitor Counter : 3