প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চত্তিছগড়ৰ ৰায়পুৰত প্ৰায় ৭৫০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
১০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰায়পুৰ-খাৰিয়াৰ ৰোড ৰে’লপথ দ্বৈতকৰণ আৰু কেওটি-অন্তগড় সংযোগী ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ উৎসৰ্গা
কোৰবাত ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ বটলিং প্ৰকল্প উৎসৰ্গা
ভিডিঅ 'লিংকৰ জৰিয়তে অন্তগড়-ৰায়পুৰ ট্ৰেইনৰ যাত্ৰাৰ শুভাৰম্ভ
আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীসকলক ৭৫ লাখ কাৰ্ড বিতৰণৰ পদক্ষেপ গ্ৰহণ
"আজিৰ প্ৰকল্পসমূহে চত্তিছগড়ৰ জনজাতীয় অঞ্চলসমূহত উন্নয়ন আৰু সুবিধাৰ এক নতুন যাত্ৰা চিহ্নিত কৰিছে"
"চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা নিৰ্দিষ্ট অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দি আছে"
"আধুনিক আন্তঃগাঁথনিও সামাজিক ন্যায়ৰ সৈতে জড়িত"
"আজি চত্তিছগড় দুটা অৰ্থনৈতিক কৰিডৰৰ সৈতে সংযুক্ত হৈছে"
"নতুন সুযোগ সৃষ্টি আৰু প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত অধিক উদ্যোগ স্থাপনৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ"
"এমএনৰেগাৰ অধীনত পৰ্যাপ্ত নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে চত্তিছগড়ক ২৫,০০০ কোটি টকাতকৈও অধিক প্ৰদান কৰিছে"
प्रविष्टि तिथि:
07 JUL 2023 1:04PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিছগড়ৰ ৰায়পুৰত প্ৰায় ৭৫০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেওঁ প্ৰায় ৬,৪০০ কোটি টকাৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ৭৫০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হোৱা ১০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰায়পুৰ-খাৰিয়াৰ পথ ৰে’লপথৰ দ্বৈতকৰণৰ কাম, ২৯০ কোটি টকা ব্যয়েৰে কেওটি-অন্তগড়ক সংযোগ কৰা ১৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ নতুন ৰে’লপথ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ১৩০ কোটি টকাতকৈও অধিক ব্যয়েৰে কোৰবাত প্ৰতি বছৰে ৬০ হাজাৰ মেট্ৰিক টন ক্ষমতাৰ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ এটা বটলিং প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে অন্তগড়-ৰায়পুৰ ট্ৰেইনৰো শুভাৰম্ভ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীসকলক ৭৫ লাখ কাৰ্ড বিতৰণৰ কাম আৰম্ভ কৰে।
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ অনুষ্ঠানটো চত্তিছগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো ৰাজ্যখনে আন্তঃগাঁথনি আৰু সংযোগৰ দৰে খণ্ডত ৭০০০ কোটিতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প লাভ কৰিছে। তেওঁ উল্লেখ কৰে যে আজিৰ প্ৰকল্পসমূহে জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব আৰু ৰাজ্যখনৰ স্বাস্থ্যসেৱা ব্যৱস্থাটোক শক্তিশালী কৰিব। তেওঁ লগতে গুৰুত্ব আৰোপ কৰে যে এই প্ৰকল্পসমূহে ৰাজ্যখনত নিযুক্তিৰ সুযোগ সৃষ্টি কৰাৰ লগতে চত্তিছগড়ৰ ধান খেতিয়ক, খনিজ উদ্যোগ আৰু পৰ্যটন উদ্যোগকো উপকৃত কৰিব। "আজিৰ প্ৰকল্পসমূহে চত্তিছগড়ৰ জনজাতীয় অঞ্চলসমূহত উন্নয়ন আৰু সুবিধাৰ এক নতুন যাত্ৰা চিহ্নিত কৰিব", প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পসমূহৰ বাবে ৰাজ্যখনৰ জনসাধাৰণক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে যিকোনো নিৰ্দিষ্ট অঞ্চলৰ উন্নয়নত হোৱা বিলম্ব পোনপটীয়াকৈ আন্তঃগাঁথনিৰ অভাৱৰ সৈতে সম্পৰ্কিত, সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা নিৰ্দিষ্ট অঞ্চলসমূহত আন্তঃগাঁথনি উন্নয়নক অগ্ৰাধিকাৰ দি আছে। "আন্তঃগাঁথনিৰ অৰ্থ হৈছে জীৱন ধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সুচলতা। আন্তঃগাঁথনিৰ অৰ্থ হৈছে নিযুক্তিৰ সুযোগ আৰু দ্ৰুত গতিৰ উন্নয়ন", প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়। তেওঁ কয় যে চত্তিছগড়তো আধুনিক আন্তঃগাঁথনিৰ উন্নয়ন দেখিবলৈ পোৱা যায় য’ত যোৱা ৯ বছৰত প্ৰধানমন্ত্ৰী গ্রামীণ চড়ক যোজনাৰ অধীনত ৰাজ্যখনৰ হাজাৰ হাজাৰ জনজাতীয় গাঁৱলৈ পথ সংযোগ সম্প্ৰসাৰিত হৈছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে প্ৰায় ৩,৫০০ কিলোমিটাৰ দীঘল ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰকল্পত অনুমোদন জনাইছে য'ত প্ৰায় ৩০০০ কিলোমিটাৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে ৰায়পুৰ-কোড়বোদ আৰু বিলাসপুৰ-পাথৰপালি ঘাইপথ আজি উদ্বোধন কৰা হৈছে। "ৰে’ল, পথ, টেলিকম হওঁক, চৰকাৰে যোৱা ৯ বছৰত চত্তিছগড়ত সকলো ধৰণৰ সংযোগ বৃদ্ধিৰ বাবে অভূতপূৰ্ব কাম কৰিছে", তেওঁ লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে আধুনিক আন্তঃগাঁথনিও সামাজিক ন্যায়ৰ সৈতে জড়িত বুলি উল্লেখ কৰে আৰু উল্লেখ কৰে যে দৰিদ্ৰ, দলিত, পিছপৰা আৰু জনজাতীয় লোকসকলক সংযোগ কৰা পথ আৰু ৰে’লপথকে ধৰি আজিৰ প্ৰকল্পসমূহে ৰোগী আৰু মহিলাৰ বাবে চিকিৎসালয়সমূহৰ সৈতে সংযোগ উন্নত কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ৯ বছৰ পূৰ্বে চত্তিছগড়ৰ ২০ শতাংশতকৈও অধিক গাঁৱত কোনো ধৰণৰ মোবাইল সংযোগ নাছিল যদিও আজি ই প্ৰায় ৬ শতাংশলৈ হ্ৰাস পাইছে আৰু অঞ্চলটোৰ কৃষক আৰু শ্ৰমিকসকল ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী। তেওঁ লগতে উল্লেখ কৰে যে সংযোগ উন্নত হোৱা এই জনজাতীয় গাঁওসমূহৰ অধিকাংশই এসময়ত নক্সালবাদী হিংসাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে চৰকাৰে উন্নত ৪জি সংযোগ নিশ্চিত কৰিবলৈ ৭০০ৰো অধিক মোবাইল টাৱাৰ স্থাপন কৰি আছে। তেওঁ লগতে কয় যে ইতিমধ্যে প্ৰায় ৩০০ টাৱাৰে কাম আৰম্ভ কৰিছে। এসময়ত নীৰৱ হৈ পৰা জনজাতীয় গাওঁবোৰে এতিয়া ৰিংট’নৰ গুঞ্জন শুনিব পাৰে", তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে মোবাইল সংযোগৰ আবিৰ্ভাৱে গাওঁখনৰ লোকসকলক বহুতো কামত সহায় কৰিছে। "এয়া হৈছে সামাজিক ন্যায়। আৰু এয়া হৈছে 'সবকা সাথ, সবকা বিকাশ", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।
"আজি চত্তিছগড় দুটা অৰ্থনৈতিক কৰিডৰৰ সৈতে সংযুক্ত হৈছে", প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰি কয় যে ৰায়পুৰ-ধানবাদ অৰ্থনৈতিক কৰিডৰ আৰু ৰায়পুৰ-বিশাখাপট্টনম অৰ্থনৈতিক কৰিড’ৰে সমগ্ৰ অঞ্চলটোৰ ভাগ্য সলনি কৰিব। তেওঁ উল্লেখ কৰে যে অৰ্থনৈতিক কৰিড’ৰবোৰ আকাংক্ষিত জিলাৰ মাজেৰে পাৰ হৈ গৈছে যাক এসময়ত পিছপৰা বুলি কোৱা হৈছিল, আৰু য'ত এসময়ত হিংসা আৰু অৰাজকতা আছিল। তেওঁ কয় যে আজি আধাৰশিলা স্থাপন কৰা ৰায়পুৰ-বিশাখাপট্টনম অৰ্থনৈতিক কৰিড’ৰ এই অঞ্চলৰ এক নতুন জীৱনৰেখা হৈ পৰিব কিয়নো ৰায়পুৰ আৰু বিশাখাপট্টনমৰ মাজৰ যাত্ৰা আধালৈ হ্ৰাস হ'ব। তেওঁ লগতে উল্লেখ কৰে যে ৬ লেনৰ এই পথটোৱে ধামতাৰীৰ ধান বেল্ট, কাংকেৰৰ বক্সাইট বেল্ট আৰু কোণ্ডাগাঁৱৰ হস্তশিল্পৰ সমৃদ্ধি দেশৰ অন্যান্য অংশৰ সৈতে সংযোগ কৰিব। প্ৰধানমন্ত্ৰীয়ে বন্যপ্ৰাণীৰ সুবিধাৰ বাবে সুৰঙ্গ আৰু পশু পথ নিৰ্মাণৰ বাবেও প্ৰশংসা কৰে কিয়নো এই পথটো বন্যপ্ৰাণী অঞ্চলৰ মাজেৰে পাৰ হ'ব। "দাল্লি ৰাজাৰাৰ পৰা জগদলপুৰলৈ ৰে’ল লাইন আৰু অন্তগড়ৰ পৰা ৰায়পুৰলৈ পোনপটীয়া ৰে’ল সেৱাই দূৰৈৰ অঞ্চললৈ যাত্ৰা কৰাটোও সহজ কৰি তুলিব", শ্ৰী মোদীয়ে লগতে কয়।
"প্ৰাকৃতিক সম্পদৰ ক্ষেত্ৰত নতুন সুযোগ সৃষ্টি আৰু অধিক উদ্যোগ স্থাপনৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ", প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ৯ বছৰত চত্তিছগড়ত ঔদ্যোগিকৰণক নতুন শক্তি প্ৰদান কৰা এই দিশত কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয়। তেওঁ অৱগত কৰে যে চৰকাৰৰ নীতিৰ ফলত চত্তিছগড়ত ৰাজহৰ ৰূপত পুঁজি বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে চত্তিছগড়ে ৰয়েল্টীৰ ৰূপত অধিক পুঁজি লাভ কৰিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ খনি আৰু খনিজ আইনৰ পৰিৱৰ্তনৰ পিছত। ২০১৪ চনৰ পূৰ্বৰ চাৰি বছৰত, প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে চত্তিছগড়ে ৰয়েল্টী হিচাপে ১৩০০ কোটি টকা লাভ কৰিছিল আনহাতে ৰাজ্যখনে ২০১৫-১৬ৰ পৰা ২০২০-২১ ৰ মাজত প্ৰায় ২৮০০০ কোটি টকা লাভ কৰিছিল। তেওঁ কয় যে জিলাভিত্তিক খনিজ পুঁজি বৃদ্ধিৰ ফলস্বৰূপে খনিজ সম্পদ থকা জিলাসমূহত উন্নয়নৰ কাম ত্বৰান্বিত কৰা হৈছে। "শিশুৰ বিদ্যালয়, পুথিভঁৰাল, পথ, পানীৰ ব্যৱস্থা হওঁক, এতিয়া এনে বহুতো উন্নয়নমূলক কামত জিলা খনিজ পুঁজিৰ ধন ব্যয় কৰা হৈছে", তেওঁ লগতে কয়।
চত্তিছগড়ত খোলা ১ কোটি ৬০ লাখতকৈও অধিক জন ধন বেংক একাউণ্টত আজি ৬০০০ কোটি টকাতকৈও অধিক ধন জমা কৰা হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই সেই দৰিদ্ৰ পৰিয়াল, কৃষক আৰু শ্ৰমিকসকলৰ, যিসকলে এসময়ত ইয়াক আন ঠাইত ৰাখিবলৈ বাধ্য হৈছিল। তেওঁ লগতে উল্লেখ কৰে যে জন ধন একাউণ্টসমূহে দৰিদ্ৰ লোকসকলক চৰকাৰৰ পৰা প্ৰত্যক্ষ সহায় লাভ কৰাত সহায় কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে চত্তিছগড়ৰ যুৱক-যুৱতীসকলৰ বাবে নিযুক্তি আৰু আত্ম-নিযুক্তিৰ সুযোগ সৃষ্টিৰ দিশত নিৰন্তৰভাৱে কাম কৰি আছে আৰু জনায় যে মুদ্ৰা যোজনাৰ অধীনত চত্তিছগড়ৰ যুৱক-যুৱতীসকলক ৪০,০০০ কোটি টকাতকৈও অধিক ধন দিয়া হৈছে, যি বৃহৎ সংখ্যক জনজাতীয় যুৱক-যুৱতী আৰু দৰিদ্ৰ পৰিয়ালৰ যুৱক-যুৱতীসকলক সহায় কৰিবলৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে চৰকাৰে ক’ৰোনাৰ সময়ছোৱাত দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰিবলৈ লাখ লাখ কোটি টকাৰ এক বিশেষ আঁচনি আৰম্ভ কৰিছে য’ত চত্তিছগড়ৰ প্ৰায় ২ লাখ উদ্যোগে প্ৰায় ৫০০০ কোটি টকাৰ সাহায্য লাভ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে পথৰ বিক্ৰেতাসকলক গেৰাণ্টি অবিহনে ঋণ প্ৰদান কৰা প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ কথাও উল্লেখ কৰে আৰু উল্লেখ কৰে যে ৬০ হাজাৰৰো অধিক হিতাধিকাৰী চত্তিছগড়ৰ আছিল। তেওঁ অৱগত কৰে যে গাঁওসমূহত এমএনৰেগাৰ অধীনত পৰ্যাপ্ত নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে চত্তিছগড়ক ২৫,০০০ কোটি টকাতকৈও অধিক প্ৰদান কৰিছে।
ইতিমধ্যে ৭৫ লাখ হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড বিতৰণৰ কাম চলি আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ১৫০০ৰো অধিক প্ৰধান চিকিৎসালয়ত দৰিদ্ৰ আৰু জনজাতীয় পৰিয়ালৰ বাবে প্ৰতি বছৰে ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে আয়ুষ্মান যোজনা দৰিদ্ৰ, জনজাতীয়, পিছপৰা আৰু দলিত পৰিয়ালৰ জীৱনৰ সহায়ৰ বাবে আহিছে। ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে চত্তিছগড়ৰ প্ৰতিটো পৰিয়ালক একে সেৱাৰ মনোভাৱেৰে সেৱা কৰাৰ আশ্বাস দিয়ে।
চত্তিছগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দন, চত্তিছগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী ভুপেশ বাঘেল, চত্তিছগড়ৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী টি এছ সিং দেও, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ মনসুখ মাণ্ডৱিয়া আৰু সংসদৰ সদস্যসকল এই অনুষ্ঠানত উপস্থিত আছিল।
পটভূমি
আন্তঃগাঁথনি উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৬,৪০০ কোটি টকাৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰা প্ৰকল্পসমূহৰ ভিতৰত আছে জবলপুৰ-জগদলপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰায়পুৰৰ পৰা কোড়বোদ অংশলৈ ৩৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেনযুক্ত কৰা। পৰ্যটনক উৎসাহিত কৰাৰ উপৰিও, খণ্ডটো কেঁচামালৰ চলাচলৰ বাবে অবিচ্ছেদ্য, জগদলপুৰৰ ওচৰৰ ষ্টীল প্ৰকল্পৰ উৎপাদিত সামগ্ৰী আৰু লৌহ আকৰিক সমৃদ্ধ অঞ্চলসমূহলৈ সংযোগ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে তদুপৰি ৰাষ্ট্ৰীয় ঘাইপথ-১৩০ৰ বিলাসপুৰৰ পৰা অম্বিকাপুৰ অংশলৈ ৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪ লেনৰ বিলাসপুৰ-পাথৰপালি খণ্ডটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ই উত্তৰ প্ৰদেশৰ সৈতে চত্তিছগড়ৰ সংযোগ উন্নত কৰাত সহায় কৰিব আৰু কাষৰীয়া অঞ্চলসমূহৰ কয়লা খনিসমূহলৈ সংযোগ প্ৰদান কৰি কয়লাৰ চলাচল বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৬ লেনৰ গ্ৰীণফিল্ড ৰায়পুৰ-বিশাখাপট্টনম কৰিডৰৰ চত্তিছগড় শাখাৰ বাবে ৩টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। ইয়াৰ ভিতৰত আছে ১৩০ চি ডি ৰাষ্ট্ৰীয় ঘাইপথৰ ৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনৰ ঝাঁকী-চাৰ্গী শাখাৰ উন্নয়ন; ১৩০ চি ডি ৰাষ্ট্ৰীয় ঘাইপথৰ ৫৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনৰ চাৰ্গী-বাসানৱাহী শাখা; আৰু ১৩০ চি ডি ৰাষ্ট্ৰীয় ঘাইপথৰ ২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনৰ বাসানৱাহী-মাৰাংপুৰী শাখা। এটা গুৰুত্বপূৰ্ণ অংশ হ’ল ২.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেনৰ সুৰঙ্গ য’ত উদান্তি বন্যপ্ৰাণী অভয়াৰণ্য অঞ্চলত বন্যপ্ৰাণীৰ বাধাহীন চলাচলৰ বাবে ২৭টা জন্তুৰ পাৰ হোৱা ঠাই আৰু ১৭টা বান্দৰৰ কেনোপি আছে। এই প্ৰকল্পসমূহে ধামতাৰীৰ চাউল কল আৰু কাংকেৰৰ বক্সাইট সমৃদ্ধ অঞ্চলসমূহলৈ উন্নত সংযোগ প্ৰদান কৰিব আৰু কোণ্ডাগাঁৱৰ হস্তশিল্প উদ্যোগকো উপকৃত কৰিব। সামগ্ৰিকভাৱে, এই প্ৰকল্পসমূহে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত এক গুৰুত্বপূৰ্ণ গুৰুত্ব প্ৰদান কৰিব।
প্ৰধানমন্ত্ৰীয়ে লগতে ৭৫০ কোটি টকা ব্যয়েৰে সম্পূৰ্ণ হোৱা ১০৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰায়পুৰ-খাৰিয়াৰ ৰে’লপথ দ্বৈতকৰণৰ কামটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ই চত্তিছগড়ৰ উদ্যোগসমূহৰ বাবে বন্দৰৰ পৰা কয়লা, ইস্পাত, সাৰ আৰু অন্যান্য সামগ্ৰীৰ পৰিবহণ সহজ কৰি তুলিব। তেওঁ লগতে ২৯০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা কেওটি-অন্তগড়ক সংযোগ কৰা ১৭ কিলোমিটাৰ দীঘল নতুন ৰে’লপথটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। নতুন ৰে’লপথে ভিলাই ষ্টীল প্ৰকল্পক দল্লী ৰাজাৰা আৰু ৰৌঘাট অঞ্চলৰ লৌহ আকৰিকৰ খনিৰ সৈতে সংযোগ প্ৰদান কৰিব আৰু ঘন অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা দক্ষিণ চত্তিছগড়ৰ দূৰৱৰ্তী অঞ্চলসমূহক সংযোগ কৰিব।
প্ৰধানমন্ত্ৰীয়ে ১৩০ কোটি টকাতকৈও অধিক ব্যয়েৰে কোৰবাত বছৰি ৬০ হাজাৰ মেট্ৰিক টন ক্ষমতাৰ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ এটা বটলিং প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। তেওঁ ভিডিঅ' লিংকৰ জৰিয়তে অন্তগড়-ৰায়পুৰ ট্ৰেইনৰো শুভাৰম্ভ কৰে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে আয়ুষ্মান ভাৰতৰ অধীনত হিতাধিকাৰীসকলক ৭৫ লাখ কাৰ্ড বিতৰণৰ কাম আৰম্ভ কৰে।
***
DS/TS/HS
(रिलीज़ आईडी: 2188287)
आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam