প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে

प्रविष्टि तिथि: 08 NOV 2025 10:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আয়োজিত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ কেইটামান মুহূৰ্ত শ্বেয়াৰ কৰিছে। শ্ৰী মোদীয়ে কয় যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰে সম্পৰ্কীয় কাৰ্য্যসূচীক সম্প্ৰসাৰিত কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাই নতুন শক্তি লাভ কৰিব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।

এক্স-ৰ এলানি প’ষ্টত শ্ৰী মোদীয়ে কয়ঃ

“ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণলৈ ৩০ বছৰ পূৰ্তি উপলক্ষে অভিনন্দন জনালোঁ!

উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত ৰাষ্ট্ৰীয় সন্মিলনখনে আমাৰ ন্যায় ব্যৱস্থাক সকলোৰে বাবে অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টাক অধিক শক্তিশালী কৰিব বুলি মই নিশ্চিত।”

“যোৱা কেইবছৰমানৰ পৰা আমাৰ চৰকাৰে ‘ইজ অৱ জাষ্টিছ’-ৰ বৰ্ধনৰ বাবে একাধিক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

এইসমূহ পদক্ষেপে সমাজৰ দৰিদ্ৰ লোক, প্ৰান্তীয় আৰু বঞ্চিত শ্ৰেণীলৈ ক্ষীপ্ৰ আৰু অধিক সুলভ ন্যায় নিশ্চিত কৰিছে।”

“ভাৰতৰ পৰম্পৰাত মধ্যস্থতাই সদায় গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। নতুন মধ্যস্থতা আইনখনে মধ্যস্থতা ব্যৱস্থাৰ আধুনিকীকৰণ আৰু এনেধৰণৰ আন-আন দিশসমূহত গুৰুত্ব আৰোপ কৰিছে।”

“উচ্চতম ন্যায়ালয়ে ৮০,০০০-ৰো অধিক ৰায়দানক ভিন্ন ভাৰতীয় ভাষালৈ অনুবাদ কৰা পদক্ষেপ সঁচা অৰ্থত প্ৰশংসনীয় কাৰ্য্য। মই নিশ্চিত যে এই উল্লেখযোগ্য প্ৰচেষ্টা উচ্চ ন্যায়ালয় আৰু জিলা আদালতসমূহেও গ্ৰহণ কৰিব।”

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2188285) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Odia , Kannada , Malayalam , Marathi , Manipuri , English , Urdu , हिन्दी , Punjabi , Gujarati