প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মিজোৰামত দলং দুৰ্ঘটনাত একাধিক লোকৰ প্ৰাণহানি, প্ৰধানমন্ত্ৰীৰ শোকপ্ৰকাশ
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ভুক্তভোগীসকললৈ এককালীন সাহায্য ঘোষণা
प्रविष्टि तिथि:
23 AUG 2023 12:45PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামত সংঘটিত হোৱা মৰ্মান্তিক দলং দুৰ্ঘটনাত কেবাগৰাকী লোকৰ মৃত্যু হোৱা ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে।
তেওঁ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ পৰা প্ৰাণ হেৰুৱা লোকৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে। আনহাতে আহতসকললৈকো ৫০ হাজাৰকৈ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।
এই সন্দৰ্ভত এক্স প্লেটফৰ্মত এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, “মিজোৰামত সংঘটিত দলং দুৰ্ঘটনাৰ বিষয়ে জানিবলৈ পাই মই বৰ মনোকষ্ট পাইছো। আপোনজনক হেৰুৱা প্ৰতিটো পৰিয়াললৈ মোৰ গভীৰ সমবেদনা যাচিছোঁ। আহতসকলৰ ক্ষীপ্ৰ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ইতিমধ্যে উদ্ধাৰৰ কাম চলি আছে, আৰু সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। মৃতকৰ পৰিয়ালক দুই লাখ টকাৰ এককালীন সাহায্য আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব।”
***
DS/AK
(रिलीज़ आईडी: 2188282)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam