তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘আই এফ এফ আই ২০২৫’-ত শান্তি আৰু অহিংসা প্ৰসাৰিত কৰা চলচ্চিত্ৰীয় উৎকৃষ্টতাক সন্মান জনাই আগবঢ়োৱা হ’ব ‘আই চি এফ টি-ইউনেস্কো গান্ধী পদক’

Posted On: 09 NOV 2025 8:14PM by PIB Guwahati

 

‘আই এফ এফ আই ২০২৫’-ত শান্তি আৰু অহিংসা প্ৰসাৰিত কৰা চলচ্চিত্ৰীয় উত্কৃষ্টতাক সন্মান জনাই ‘আই চি এফ টি-ইউনেস্কো গান্ধী পদক’ আগবঢ়োৱা হ’ব। ‘ভাৰতৰ ৪৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ত প্ৰতিষ্ঠা কৰা এই ‘আই চি এফ টি-ইউনেস্কো গান্ধী পদক’ হৈছে ইউনেস্ক’ৰ তত্বাৱধানত ‘আই চি এফ টি পেৰিছ’ৰ সহযোগত প্ৰদান কৰা আন্তঃৰাষ্ট্ৰীয় সন্মান। শান্তি আৰু আন্তঃসাংস্কৃতিক আলোচনাক প্ৰসাৰিত কৰা, আৰু মহাত্মা গান্ধীৰ অহিংসা আৰু শান্তিৰ দৃষ্টিভংগীক সন্মান জনোৱা এখন উৎকৃষ্ট ছবিক এই সন্মান দিয়া হ’ব।

এইবাৰৰ ১০খন উল্লেখযোগ্য ছবিৰ বিচাৰক হ’ব চলচ্চিত্ৰ আৰু টেলিভিছনৰ পৰিচালক-প্ৰযোজক আৰু আলজিয়াৰ্ছৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ কলাত্মক পৰিচালক (জুৰিৰ অধ্যক্ষ) ড০ আহমেদ বেডজাউই; ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ ফিল্ম, টেলিভিছন এণ্ড অডিঅ’ভিজুৱেল কমিউনিকেশ্যন(চিআইচিটি-আইচিএফটি)ৰ উপ-সভাপতি আৰু প্লেটফৰ্ম ফৰ ক্ৰিয়েটিভিটি এণ্ড ইনোভেছন (পিচিআই)ৰ সঞ্চালক জুয়েয়ান হুন; ‘ইউনিকা’ (ইউনিয়ন ইণ্টাৰনেশ্যনেল ডু চিনেমা)ৰ উপ-সভাপতি চাৰ্গে মিচেল; ইণ্টাৰনেশ্যনেল থিয়েটাৰ ইনষ্টিটিউট(আইটিআই)ৰ প্ৰাক্তন সঞ্চালক প্ৰধান টবিয়াছ বিয়ানকনে; আৰু ইউনেস্ক’ৰ আন্তঃৰাষ্ট্ৰীয় অসামৰিক সেৱাৰ প্ৰাক্তন জ্যেষ্ঠ বিষয়া তথা ইণ্টাৰনেশ্যনেল কাউন্সিল ফৰ ফিল্ম, টেলিভিছন এণ্ড অডিঅভিজুৱেল কমিউনিকেশ্যন(চিআইচিটি-আইচিএফটি)ৰ সঞ্চালক প্ৰধান জৰ্জ ডুপণ্টৰে গঠিত এক সন্মানীয় বিচাৰকমণ্ডলী।

 

ব্ৰাইডছ

নাট্যকাৰ তথা চলচ্চিত্ৰ নিৰ্মাতা নাদিয়া ফল্ছৰ প্ৰথম ছবি ‘ব্রাইডছ’-ৰ প্ৰিমিয়াৰ হৈছিল ২০২৫ চনৰ ‘ছানডেন্স চলচ্চিত্ৰ মহোৎসৱ’ত, য’ত এই ছবিখন বিশ্ব চিনেমা (নাটকীয়) শাখাত গ্ৰেণ্ড জুৰী বঁটা-ৰ বাবে মনোনীত হৈছিল।

ছবিখনত দুগৰাকী ব্ৰিটিছ-মুছলমান কিশোৰীয়ে তেওঁলোকৰ অশান্ত-জৰ্জৰ জীৱনৰ পৰা পৰিত্ৰাণ বিচাৰি ভগ্নপ্ৰায় ঘৰখনৰ পৰা নিলগত আপোনত্বৰ সন্ধানত কৰা যাত্ৰাক অনুসৰণ কৰা হৈছে। কিন্তু তেওঁলোক ক’লৈ যাব সেই বিষয়ে সহমতত উপনীত হোৱাৰ আগতেই তেওঁলোকেনো কি এৰি থৈ গৈছে তাকে লৈ দ্বিধাগ্ৰস্ততাৰ সন্মুখীন হ’বলগীয়া হৈছে৷

ক্ৰমাগতভাৱে মেৰুকৃত পৃথিৱীখনত মৌলবাদ, যুৱ পৰিচয়, আত্মীয়তা, বিশ্বাস, আৰু পছন্দৰ প্ৰসংগত চাঞ্চল্য সৃষ্টি কৰাৰ পৰা আঁতৰি এক আকৰ্ষণীয় অথচ মানৱীয় দৃষ্টিকোণৰে ছৱিখনৰ কাহিনীভাগ আগবঢ়োৱা হৈছে।

 

ছে’ফ হাউছ (মূল শিৰোনাম – Før mørket)

নৰৱেৰ নতুন প্ৰজন্মৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অন্যতম, লেখক তথা চলচ্চিত্ৰ নিৰ্মাতা আইৰিক স্ভেনছনে গৃহযুদ্ধৰ কাহিনীৰে যুগুতাই উলিয়াইছে তেওঁৰ শেহতীয়া ছবি ‘ছে’ফ হাউছ’। ২০২৫ চনৰ ৪৮ সংখ্যক ‘গ’টেবৰ্গ চলচ্চিত্ৰ মহোৎসৱ’ৰ উদ্বোধনী ছবি হিচাপে ৱৰ্ল্ড প্ৰিমিয়াৰ হোৱা ‘ছে’ফ হাউছ’-য়ে ‘অডিয়ন্স ড্ৰেগন বঁটা’ (শ্ৰেষ্ঠ নৰ্ডিক ছবি) লাভ কৰিছিল।

সঁচা পৰিঘটনাৰে অনুপ্ৰাণিত এই ছবিখনৰ কাহিনীভাগ হৈছে ২০১৩ চনত চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিকত সংঘটিত গৃহযুদ্ধৰ সময়ত বাংগুইৰ ‘ডাক্তৰ্ছ উইদাউট বৰ্ডাৰছ’-ৰ এখন চিকিৎসালয়ৰ ভিতৰৰ ১৫ ঘণ্টাজোৰা দুঃসহ ঘটনাক্ৰমৰ বৰ্ণনা। উত্তেজনাৰে পূৰ্ণ, বাস্তৱ সময়ৰ নাটকীয়তাৰে সঞ্চালিত হোৱা স্বত্বেও ‘ছে’ফ হাউছ’ কিন্তু যত্ন, সাহস আৰু মানৱতাৰ নৈতিকতাত প্ৰোথিত।

 

হানা

বঁটা বিজয়ী ক’ছ’ভান চলচ্চিত্ৰ নিৰ্মাতা উজকান হাইছাজৰ প্ৰথমখন ছবি ‘হানা’-ৰ ২০২৫ চনৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল।

ছবিখনে ক’ছ’ভ’ৰ এটা মহিলা পুনৰ্বাসন কেন্দ্ৰত আৰ্ট-থেৰাপী কাৰ্যসূচীত যোগদান কৰা এগৰাকী অভিনেত্ৰীক অনুসৰণ কৰিছে। যুদ্ধত প্ৰাণ ৰক্ষা পৰা লোকসকলৰ বেদনাক অভিব্যক্তিলৈ ৰূপান্তৰিত কৰাত সহায় কৰা নায়িকাগৰাকীক হাত ধৰি ছবিখনৰ কাহিনীভাগ আগবাঢ়িছে আৰু এইসকল লোকৰ বেদনাক্ৰান্ত কথা-কাণ্ডৰে ব্যথিত হোৱাই নহয় অৱশেষত হৃদয়ত ইমান দিনে গোপনে ৰখা নায়িকাৰ নিজৰ বেদনা আৰু পৰিচয়ৰ বহিঃপ্ৰকাশেৰে ছবিখনৰ সামৰণি পৰিছে।

‘হানা’ হৈছে স্মৃতি, নিৰাময় আৰু ইতিহাসে নীৰৱ কৰিবলৈ অস্বীকাৰ কৰা আঘাতৰ সন্মুখীন হ’ব পৰা শিল্প-শক্তিৰ গভীৰভাৱে প্ৰভাৱিত অন্বেষণ।

 

কে পোপাৰ

ইৰাণৰ অভিনেতা তথা চিত্ৰনাট্যকাৰ ইব্ৰাহিম আমিনীয়ে পৰিচালনাৰ আৰম্ভণি কৰিছে ‘কে পোপাৰ’-ৰ জৰিয়তে। ছবিখন ২০২৫ চনৰ ‘টালিন ব্লেক নাইটছ চলচ্চিত্ৰ মহোৎসৱ’ত প্ৰদৰ্শিত হৈছিল।

ছবিখনত কে-পপ আইডলৰ প্ৰতি আকৰ্ষিত এগৰাকী ইৰাণী কিশোৰীয়ে ইতিমধ্যে যোগ্যতা অৰ্জন কৰা এক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে তেওঁৰ অভিনয় চাবলৈ ছিউললৈ যাবলৈ মন বান্ধিছে। কিন্তু এইক্ষেত্ৰত মাকৰ দৃঢ় অস্বীকাৰে কিশোৰীগৰাকীৰ সপোন, ভয় আৰু প্ৰজন্মৰ মূল্যবোধৰ এক কোমল অথচ উত্তেজিত সংঘৰ্ষৰ সূচনা কৰে।

উষ্মতা আৰু সংযমেৰে বৰ্ণিত ‘কে পোপাৰ’-য়ে যুৱক-যুৱতীসকলৰ আকাংক্ষা, একপক্ষীয় সম্পৰ্ক, পিতৃ-মাতৃৰ উদ্বেগ আৰু আমি কি বিচাৰোঁ আৰু আমিনো কি পাৰোঁ তাৰ মাজৰ বিস্তাৰিত দূৰত্ব পৰীক্ষা কৰিছে।

 

দি প্ৰেছিডেণ্ট’ছ কে’ক (মূল শিৰোনাম – মামলাকেট আল-কাছাব)

ইৰাকী লেখক, চলচ্চিত্ৰ নিৰ্মাতা, শিক্ষক হাছান হাদীয়ে ‘দি প্ৰেচিডেণ্ট’ছ কে’ক’-ৰ জৰিয়তে পৰিচালক হিচাপে অভিষেক ঘটায়। ২০২৫ চনৰ ‘কান চলচ্চিত্ৰ মহোৎসৱ’-ৰ পৰিচালকৰ পষেক শাখাত এই ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ হৈছিল, য’ত ছবিখনে শাখাটোৰ ‘দৰ্শকৰ বঁটা’ আৰু ‘কেমেৰা ডি'অৰ বঁটা’ লাভ কৰিছিল। ‘৯৮ সংখ্যক একাডেমী বঁটা’-ত ছবিখনক শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ ছবিৰ ইৰাকী প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

১৯৯০ চনৰ ইৰাকৰ পটভূমিত এই ছবিখনত ৯ বছৰীয়া লামিয়াক অনুসৰণ কৰা হৈছে, যিয়ে ৰাষ্ট্ৰপতিৰ জন্মদিনৰ কে’ক বে’ক কৰিব লাগিব। ৰাজনৈতিক অশান্তিৰ সময়ত ৰাষ্ট্ৰসংঘই বলবত্ কৰা খাদ্য নিষেধাজ্ঞাৰ অধীনত জীয়াই থাকিবলৈ মানুহে দৈনিক সংগ্ৰাম কৰি থকাৰ সময়তে তেওঁ এই বাধ্যতামূলক ভাৱে কৰিবলগীয়া কামটোৰ বাবে উপাদান বিচাৰি হাবাথুৰি খাবলগীয়া হয় আৰু বিফল হ’লে সম্ভাৱ্য শাস্তিৰ সন্মুখীন হ’বলগীয়া হব।

ক্ষুধাৰ পুনৰাবৃত্তিমূলক ‘মটিফ’ৰ জৰিয়তে ছবিখনে যুদ্ধ আৰু ৰাজনৈতিক অস্থিৰতাত ধৰা পৰা শিশুসকলৰ তীব্ৰ দুৰ্বলতাক উন্মোচন কৰিছে। অলপ আটা বিচাৰি তেনেই সাধাৰণভাৱে আৰম্ভ হোৱা এক যাত্ৰাই অৱশেষত খাদ্য, নিৰাপত্তা আৰু শৈশৱৰ অধিকাৰ বঞ্চনাৰ ভয়াবহাতৰ এক ৰূপক হৈ উঠিছে।

 

দি ৱে’ভ (মূল শিৰোনাম – লা ওলা)

চিলিৰ চলচ্চিত্ৰজগতৰ অন্যতম আগশাৰীৰ নিৰ্মাতা চেবাষ্টিয়ান লেলিওৱে তেওঁৰ প্ৰথমখন সংগীতিক ছবি ‘দি ৱে’ভ’ আগবঢ়াইছে। ২০২৫ চনৰ ‘কান চলচ্চিত্ৰ মহোৎসৱ’ত এই ছবিখনৰ প্ৰিমিয়াৰ হৈছিল।

২০১৮ চনত চিলিত হোৱা নাৰীবাদী প্ৰতিবাদ আৰু ধৰ্মঘটক লৈ শিথিলভাৱে অনুপ্ৰাণিত এই ছবিখনে বিশ্ববিদ্যালয়ৰ ছাত্ৰী জুলিয়াক অনুসৰণ কৰিছে, যিয়ে ইতিমধ্যে থন্ ধৰি উঠা আন্দোলনৰ প্ৰেক্ষাপটত শেহতীয়াকৈ হোৱা যৌন নিৰ্যাতনৰ বাস্তৱতাৰ সৈতে যুঁজত অৱতীৰ্ণ হৈছে।

লেলিঅ'ই নৃত্য, কোৰাছ আৰু অন্তৰ্ভেদী পৰিবেশনাৰ সদ্ব্যৱহাৰেৰে সামূহিক ক্ৰোধক চাঞ্চল্য সৃষ্টিকাৰী চলচ্চিত্ৰীয় দৃশ্যলৈ ৰূপান্তৰিত কৰি সংগীতিক ৰূপ আৰু ৰাজনৈতিক তত্কালীনতাৰ এক সাহসী সংমিশ্ৰণৰে কাহিনীভাগ মঞ্চস্থ কৰিছে।

 

ইয়াকুছিমাজ ইলুশ্যন (মূল শিৰোনাম – ল’ইলুচন ডি ইয়াকুছিমা)

স্বনামধন্য জাপানী লেখক নাওমি কাৱাছে লাক্সেমবাৰ্গিছ-জাৰ্মান অভিনেতা ভিকি ক্ৰীপছৰ সৈতে এই অস্তিত্ববাদী দৰ্শন সংপৃক্ত নাটকখনৰ বাবে জোঁট বান্ধিছে, যিখন নাটকৰ প্ৰিমিয়াৰ হৈছিল ২০২৫ চনৰ ‘লোকাৰ্নো চলচ্চিত্ৰ মহোৎসৱ’ত, য'ত ছবিখনক ‘গোল্ডেন লিঅ'পাৰ্ড’ৰ বাবে মনোনীত কৰা হৈছিল।

জাপানত থকা এগৰাকী ফৰাচী ট্ৰান্সপ্লাণ্ট সমন্বয়কে তেওঁৰ নিৰুদ্দেশ হোৱা সংগীক বিচাৰি ফুৰাৰ সময়তে এটি ল’ৰাৰ জীৱন ৰক্ষাৰ কৰিছিল, যি গৰাকী ব্যক্তি দেশখনে বছৰি ঘোষণা কৰা হাজাৰ হাজাৰ ‘জোহাটছু’, অৰ্থাত্ যিসকল লোক কোনো সন্ধান নোহোৱাকৈয়ে অদৃশ্য হৈ যায়, তেওঁলোকৰ অন্যতম হৈ পৰে।

কাৱাছে ফেশ্বনত নিৰ্মিত ছবিখনে মৃত্যুক লৈ গম্ভীৰ ধ্যান, পৰিত্যাগ আৰু মানুহৰ জীৱনক বান্ধি ৰখা অদৃশ্য সূতাৰ এনাজৰীডাল উন্মোচন কৰিছে।

 

 

তন্বি দ্য গ্ৰেট

সফল নাট্য প্ৰদৰ্শনৰ পিছত অভিনেতা তথা পৰিচালক অনুপম খেৰৰ বিখ্যাত পৰিচালনাৰে নিৰ্মিত ‘তন্বি দ্য গ্ৰেট’-য়ে ‘আই এফ এফ আই’-ৰ প্ৰিমিয়াৰ চিহ্নিত কৰিছে।

‘অটিজিম’ ৰোগত আক্ৰান্ত মহিলা তন্বি ৰাইনাই ভাৰতীয় সেনা বিষয়া তেওঁৰ প্ৰয়াত পিতৃৰ চিয়াচেন হিমবাহত পতাকাক চেলুট জনোৱাৰ বাবে আধাৰুৱা হৈ ৰোৱা সপোনটোৰ কথা গম পায়। সামৰিক সেৱাত ‘অটিজিম’ ৰোগীয়ে সন্মিখীন হোৱা বাধাৰ মাজতো তেওঁ নিজৰ মিছন সম্পূৰ্ণ কৰাৰ সংকল্প লয়।

তন্বীৰ যাত্ৰাৰ জৰিয়তে ছবিখনে দেখুৱাইছে যে সাহস, আন্তৰিকতা আৰু দৃঢ়তাই প্ৰকৃত নায়কক সংজ্ঞায়িত কৰে।

 

হোৱাইট স্ন

ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা তথা পূৰ্বৰ ‘আইচিএফটি-ইউনেস্কো গান্ধী পদক’ বিজয়ী প্ৰবীণ মৰ্চালেৰ শেহতীয়া বৈশিষ্ট্যপূৰ্ণ ছবি ‘হোৱাইট স্নো’ হৈছে উৰ্দু ভাষাৰ ছবি। ২১ সংখ্যক হংকং–এছিয়া ফিল্ম ফাইনেন্সিং ফ’ৰাম (এইচ এ এফ)ৰ অনুদানৰ বাবেও এই প্ৰকল্পটো নিৰ্বাচিত কৰা হৈছিল।

আমিৰ নামৰ এজন যুৱ চলচ্চিত্ৰ নিৰ্মাতাই তেওঁৰ ছবিখন প্ৰথম প্ৰদৰ্শন কৰাৰ পিছত প্ৰসৱৰ পিছৰ তেজৰ চিত্ৰ অংকন কৰাৰ বাবেই পাহাৰীয়া অঞ্চলৰ এজন ধৰ্মীয় নেতাই নিষিদ্ধ ঘোষণা কৰিছে,— যিটো স্বাভাৱিক মুহূৰ্তক অৰ্থহীনভাৱে সামাজিকভাৱে বিঘ্নিতকাৰী বুলি গণ্য কৰা হৈছে। কোনো আশা নেদেখি অৱশেষত ছবিখনত তেওঁৰ মাক ফাতিমাই নিজৰ জীৱনকো বিপন্ন কৰি য়াকত সৰু টিভি আৰু ডিভিডি প্লেয়াৰ এটা লৈ আমিৰৰ কলাত্মক সপোন পূৰণৰ বাবে দূৰৈৰ গাঁওবোৰলৈ যাত্ৰা কৰিছে।

দমন আৰু পিতৃতান্ত্রিক নিয়ন্ত্ৰণৰ চোকা সমালোচনা হৈছে এই ছবিখন।

 

বিমুক্ত (ইংৰাজী শিৰোনাম – আকাশৰ সন্ধানত)

জিতংক সিং গুৰ্জাৰৰ এই স্পৰ্শকাতৰ, বৈশিষ্ট্যপূৰ্ণ ছবিখনৰ ‘টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’ (টিআইএফএফ)ত প্ৰিমিয়াৰ হৈছিল আৰু সমকালীন স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে তেওঁৰ শক্তিশালী স্বাক্ষৰ বহণ কৰি সন্মানীয় ‘নেটপেক বঁটা’ লাভ কৰিছিল।

ব্ৰজ ভাষাৰ ভাৰতীয় ছবিখনত দাৰিদ্ৰত আক্ৰান্ত এক বৃদ্ধ দম্পতীয়ে বৌদ্ধিকভাৱে অক্ষম পুত্ৰক নিৰাময়ৰ আশাত মহাকুম্ভ তীৰ্থলৈ লৈ যায়।

ইয়াত বিশ্বাস, হতাশা, স্থিতিস্থাপকতা, আৰু অক্ষমতাক কেন্দ্ৰ কৰি থকা সামাজিক কলংকৰ বিষয়বস্তু অন্বেষণ কৰা হৈছে।

Edgar Coelho/Parshuram Kor/KB


(Release ID: 2188231) Visitor Counter : 4