কেবিনেট
ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ হিচাপত জিডিটেল সমাধান ৰূপায়ণৰ সফলতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰত আৰু ত্ৰিনিদাদ আৰু টবেগ’ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন
পোষ্ট কৰা হৈছে:
11 OCT 2023 3:17PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকে ডিজিটেল ৰূপান্তৰৰ বাবে জনসংখ্যাৰ হিচাপত জিডিটেল সমাধান ৰূপায়ণৰ সফলতা শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু ত্ৰিনিদাদ আৰু টবেগ’ৰ ডিজিটেল ৰূপান্তৰ প্ৰযুক্তি মন্ত্ৰালয়ৰ মাজত সহযোগিতাৰ বাবে ১১ আগষ্ট, ২০২৩ত স্বাক্ষৰিত বুজাবুজি চুক্তিক অনুমোদন জনাইছে৷
সবিশেষঃ
দুয়োখন দেশৰ ডিজিটেল ৰূপান্তৰমূলক পদক্ষেপ ৰূপায়ণৰ ক্ষেত্ৰত ঘনিষ্ঠ সহযোগিতা আৰু অভিজ্ঞতাৰ আদান-প্ৰদান আৰু ডিজিটেল প্ৰযুক্তিভিত্তিক সমাধান (যেনে ইণ্ডিছ ষ্টেক) প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই বুজাবুজি চুক্তিখন স্বাক্ষৰ কৰা হৈছে৷
এই বুজাবুজি চুক্তি উভয় পক্ষই স্বাক্ষৰ কৰা তাৰিখৰ পৰা কাৰ্যকৰী হ’ব আৰু ৩ বছৰৰ বাবে বলবৎ থাকিব।
প্ৰভাৱ:
ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ ক্ষেত্ৰত জি টু জি আৰু বি টু বি দুয়োটা দ্বিপাক্ষিক সহযোগিতা বৃদ্ধি কৰা হ’ব।
বুজাবুজি চুক্তিখনৰ জৰিয়তে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত নিয়োগৰ সুযোগৰ সূচনা কৰাত উন্নত সহযোগিতাৰ আশা কৰা হৈছে৷
****
DS/SK/DB
(ৰিলিজ আই ডি : 2188083)
অতিথি কক্ষ : 16
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam