গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

‘বন্দে মাতৰম’ ৰাষ্ট্ৰীয় গীতৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে বিহাৰৰ পাটনাৰ এক অনুষ্ঠানত ভাষণ দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নেতৃত্বত স্বদেশীৰ প্ৰতিজ্ঞাৰ সামূহিক আবৃত্তি

ব্ৰিটিছ শাসনৰ কঠিন সময়ছোৱাত বংকিম চন্দ্ৰ চেটাৰ্জীৰ ‘বন্দে মাতৰম’ সাংস্কৃতিক জাতীয়তাবাদৰ প্ৰথম ঘোষণা আছিল

স্বাধীনতা আন্দোলনৰ বীৰসকলে কল্পনা কৰা এখন মহান ভাৰতৰ সপোন পূৰণ কৰিছে মোদী চৰকাৰে

সমগ্ৰ দেশৰ ৰাইজে প্ৰতিটো ভাষাতে ছচিয়েল মিডিয়াত #VandeMataram150 অভিযান চলাব লাগে

‘বন্দে মাতৰম’-এ স্পষ্ট কৰি দিলে যে ভাৰত কেৱল এটুকুৰা ভূমি নহয়, বৰঞ্চ এক ধাৰণা

‘বন্দে মাতৰম’-এ বিপ্লৱীসকলক সংগ্ৰাম, ত্যাগ আৰু নিষ্ঠাৰ দ্বাৰা অনুপ্ৰাণিত কৰিছিল

‘বন্দে মাতৰম’ৰ পৰা প্ৰেৰণা লৈ ২০৪৭ চনৰ ভিতৰত এখন মহান ভাৰত গঢ়ি তোলাৰ সময় আহি পৰিছে

‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে নাগৰিকসকলে স্বদেশীক গ্ৰহণ কৰাৰ সংকল্প গ্ৰহণ কৰিব লাগে

Posted On: 07 NOV 2025 3:17PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে বিহাৰৰ পাটনাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম... ৰ ১৫০ বৰ্ষ পূৰ্তি উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ দিয়ে। শ্ৰী অমিত শ্বাহে স্বদেশীৰ প্ৰতিজ্ঞাৰ সামূহিক আবৃত্তিৰো নেতৃত্ব দিয়ে । অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

এই উপলক্ষ্যে  দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি ভাৰতীয় চেতনা জাগ্ৰত কৰাৰ দিন।  কাৰণ বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ১৫০ বছৰ পূৰ্বে  'বন্দে মাতৰম' গীতটো ৰচনা কৰিছিল।তেওঁ কয় যে বংকিম চন্দ্ৰই এই গীতৰ জৰিয়তে দেশখনক  জাতীয় চেতনাৰ এক মহান মন্ত্ৰ প্ৰদান কৰিছিল, যিটো পিছলৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ঘোষণা আৰু পথ প্ৰদৰ্শক নীতি হৈ পৰিছিল তথা স্বাধীনতাৰ পিছত দেশক একত্ৰিত কৰাত সহায়  কৰিছিল । শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১১ বছৰে দেশখনৰ  সামূহিক প্ৰচেষ্টাই আমাৰ স্বাধীনতা সংগ্ৰামীসকলে কল্পনা কৰা এখন মহান ভাৰতৰ সপোন পূৰণৰ দিশত বহু কাম সম্পন্ন কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে আজি ‘বন্দে মাতৰম’ৰ সামূহিক পৰিবেশনৰ লগে লগে আগন্তুক এবছৰৰ ভিতৰত ভাৰতৰ চেতনাক পুনৰ জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰ পৰ্যায় আৰম্ভ হৈছে। তেওঁ দৃঢ়তাৰে কয় যে ‘বন্দে মাতৰম’ৰ মন্ত্ৰ আৰু মনোভাৱৰ সৈতে আমাৰ জীৱনক একাকাৰ কৰিবলৈ দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব। এই অভিযান ভৌতিক আৰু ডিজিটেল উভয় ৰূপতে চলোৱা হ’ব। শ্ৰী শ্বাহে ঘোষণা কৰে যে ‘#VandeMataram150’ শীৰ্ষক  ছ’চিয়েল মিডিয়া অভিযান সকলো ভাষাতে আৰম্ভ কৰা হ’ব, য’ত জাতীয় ঐক্য শক্তিশালী কৰাৰ বাবে সকলো আঞ্চলিক ভাষাত ‘ ‘বন্দে মাতৰম ’ লিখিবলৈ মানুহক উৎসাহিত কৰা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষ্যে চৰকাৰে কেইবাটাও কাৰ্যসূচীৰ আয়োজন কৰিছে। তেওঁ কয় যে বিভিন্ন ৰাজনৈতিক দল, স্বেচ্ছাসেৱী সংগঠন আৰু দেশৰ  চেতনা পুনৰ জাগ্ৰত কৰাৰ উৎসৱত অংশগ্ৰহণ কৰা লোকসকলেও অসংখ্য অনুষ্ঠানৰ আয়োজন কৰিছে। তেওঁ কয় যে ‘বন্দে মাতৰম’ এক প্ৰকাৰে আনন্দমঠ উপন্যাসৰ এটা অংশ, যিখন উপন্যাস পিছলৈ স্বাধীনতা আন্দোলনৰ ঘোষণাৰ দৰে  হৈ পৰিছিল। শ্ৰী শ্বাহে লগতে কয় যে ১৯৩৬ চনৰ বাৰ্লিন অলিম্পিকৰ হকী ফাইনেলৰ পূৰ্বে যেতিয়া ভাৰতীয় হকী দলে সমূহীয়াভাৱে ‘বন্দে মাতৰম’ গাইছিল, তেতিয়া এই গীতটো কেৱল ৰাজনৈতিক শ্লোগান হৈ নহৈ  বৰঞ্চ দেশখনক  একত্ৰিত কৰি চিৰদিনৰ বাবে দেশপ্ৰেমৰ ভাবনা জাগ্ৰত কৰাৰ  প্ৰেৰণা হিচাপে কাম  কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে ১৯৪৭ চনৰ ১৫ আগষ্টত চৰ্দাৰ পেটেলৰ নিৰ্দেশত পণ্ডিত ওমকাৰনাথ ঠাকুৰে স্বাধীন  ভাৰতৰ প্ৰথম হৃদস্পন্দনৰ সৈতে অনুৰণিত সম্পূৰ্ণ ‘বন্দে মাতৰম’ গীতটো গাইছিল। তেওঁ কয় যে ১৯৫০ চনৰ ২৪ জানুৱাৰীত সংবিধান সভাৰ অন্তিম অধিৱেশনৰ সময়ত ড০ ৰাজেন্দ্ৰ প্ৰসাদে ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰি দেশবাসীয়ে গীতটিক  শ্ৰদ্ধা জনোৱাৰ  বাট মুকলি কৰি দিছিল । তেওঁ লগতে কয় যে সেই মুহূৰ্তৰ পৰাই ‘বন্দে মাতৰম’ আমাৰ সকলোৰে বাবে জাতীয় চেতনাৰ গীত হৈ পৰিল আৰু আজি সেই গীতটিৰেই  ইয়াৰ ১৫০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে বন্দে মাতৰম লিখাৰ সময়সীমাও আমি বুজিব লাগিব। তেওঁ কয় যে ১৮৭৫ চনত মোগলৰ অধীনত দীৰ্ঘদিনীয়া শাসনৰ পিছত ব্ৰিটিছ শাসনৰ যুগ আৰম্ভ হৈছিল। সেই সময়ত স্বাধীনতাৰ প্ৰথম যুদ্ধখনো বিফল হৈছিল  আৰু আমাৰ জাতীয় চেতনা পুনৰ জাগ্ৰত হ’ব নে নাই  তাকেলৈ সমগ্ৰ দেশৰ মানুহৰ মনত আশংকাৰ সৃষ্টি হৈছিল। শ্ৰী শ্বাহে কয় যে সেই সময়ত বংকিম চন্দ্ৰ চেটাৰ্জীয়ে জাতীয় চেতনাৰ এই মহান গীতটো  ৰচনা কৰিছিল, যিটো আমাৰ সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ  প্ৰথম ঘোষণা। তেওঁ কয় যে বন্দে মাতৰমে স্পষ্টকৈ কৈছে যে ভাৰত কেৱল ভূমিৰ  টুকুৰা নহয়, বৰঞ্চ সকলো ভাৰতীয়কে বান্ধি ৰখা আৰু একত্ৰিত কৰা এক ধাৰণা তথা সংস্কৃতি।

শ্ৰী অমিত শ্বাহে কয় যে আমাৰ দলে সদায় সাংস্কৃতিক ৰাষ্ট্ৰবাদক  গুৰুত্ব দি আহিছে আৰু সাংস্কৃতিক ৰাষ্ট্ৰবাদৰ ধাৰণাটোৰ সচেতনতা  নিশ্চয়কৈ বন্দে মাতৰম গীতটোৰ দ্বাৰাই অনুপ্ৰাণিত হৈছিল। তেওঁ কয় যে আমাৰ বহু স্বাধীনতাপ্ৰেমী বিপ্লৱীয়ে  বন্দে মাতৰম ধ্বনি দি হাঁহি হাঁহি ফাঁচীকাঠত ওলমিছিল। তেওঁ লগতে কয় যে সেই সকলো মহান আত্মাই কল্পনা কৰা আৰু আকাংক্ষিত ভাৰত গঢ়ি তোলাৰ সময় এতিয়া আহি পৰিছে। শ্ৰী শ্বাহে কয় যে আজিৰ পৰা ২০৪৭ চনলৈকে এই সময়ছোৱা বন্দে মাতৰমৰ পৰা প্ৰেৰণা লাভ কৰি এখন মহান ভাৰত গঢ়ি তোলাৰ সময় আৰম্ভ হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে  কয় যে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীত বন্দে মাতৰমৰ সামূহিক পৰিবেশনত অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে এনে এটা মুহূৰ্তত আমি সকলোৱে সংকল্প লৈছো যে বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তীও স্বদেশীৰ নামত  উৎসৰ্গা কৰা হওক। স্বদেশী অবিহনে স্বাৱলম্বী ভাৰত গঢ়ি তোলা সম্ভৱ নহয় বুলিও তেওঁ কয়। শ্ৰী শ্বাহে ‘বন্দে মাতৰম’ৰ ১৫০ বছৰীয়া জয়ন্তীত স্বদেশীক গ্ৰহণ কৰাৰ সংকল্প  ল’বলৈ দেশবাসীক আহ্বান জনায়। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি সকলোৱে ২০৪৭ চনৰ ভিতৰত ভাৰতক এক মহান দেশ  হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়াত যোগদান কৰাৰ সংকল্প লোৱা উচিত আৰু আজি পুনৰবাৰ ভাৰত মাতাৰ বাবে আমাৰ জীৱন উৎসৰ্গা কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰা উচিত।

****

RK/PR/PS/DM


(Release ID: 2187430) Visitor Counter : 6