প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উদ্ধাৰ অভিযানৰ সফলতা সকলোৰে বাবে এক আৱেগিক মুহূৰ্তঃ প্ৰধানমন্ত্ৰী
উত্তৰকাশী সুৰংগ উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো লোকৰ মনোভাৱক প্ৰধানমন্ত্ৰীৰ অভিবাদন
উদ্ধাৰ অভিযানৰ সফলতাই সকলোকে আৱেগিক কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
উদ্ধাৰ হোৱা শ্ৰমিকসকলৰ সাহস আৰু ধৈৰ্য্যক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
শ্ৰমিক ভাতৃসকলৰ সুস্বাস্থ্য কামনা
Posted On:
28 NOV 2023 11:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰকাশী সুৰংগ উদ্ধাৰ অভিযানৰ সৈতে জড়িত সকলো লোকৰ মনোভাৱক অভিবাদন জনাইছে।
শ্ৰী মোদীয়ে কয় যে আমাৰ শ্ৰমিক ভাতৃসকলৰ উত্তৰকাশী সুৰংগ উদ্ধাৰ অভিযানৰ সফলতা সকলোৰে বাবে এক আৱেগিক মুহূৰ্ত। সুৰংগটোত আবদ্ধ হৈ থকা লোকসকলৰ সাহস আৰু ধৈৰ্য্যৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই অভিযানৰ সৈতে জড়িত সকলোৱে মানৱতা আৰু একতাৰ এক অতুলনীয় উদাহৰণ দাঙি ধৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছে;
উত্তৰকাশীত আমাৰ শ্ৰমিক ভাতৃসকলৰ উদ্ধাৰ অভিযানৰ সফলতাই সকলোকে আৱেগিক কৰি তুলিছে।
সুৰংগটোত আবদ্ধ হৈ থকা মিত্ৰসকলক মই ক’ব বিচাৰো যে আপোনালোকৰ সাহস আৰু ধৈৰ্য্যই সকলোকে অনুপ্ৰাণিত কৰিছে। মই আপোনালোক সকলোৰে সুস্বাস্থ্য আৰু সমৃদ্ধি কামনা কৰিছো।
এয়া অতি সন্তুষ্টিৰ বিষয় যে দীঘলীয়া অপেক্ষাৰ পাছত আমাৰ এই বন্ধুসকলে এতিয়া তেওঁলোকৰ প্ৰিয়জনক লগ পাব। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত তেওঁলোক সকলোৰে পৰিয়ালৰ সদস্যই দেখুওৱা সংযম আৰু সাহস প্ৰশংসনীয়।
মই এই উদ্ধাৰ অভিযানত জড়িত সকলো লোকৰ মনোভাৱক অভিবাদন জনাইছো। তেওঁলোকৰ সাহসিকতা আৰু সংকল্পই আমাৰ শ্ৰমিক ভাতৃসকলক এক নতুন জীৱন প্ৰদান কৰিছে। এই অভিযানৰ সৈতে জড়িত সকলোৱে মানৱতা আৰু একতাৰ এক অতুলনীয় উদাহৰণ দাঙি ধৰিছে।
***
Dhiraj Singh / Siddhant Tiwari /DD
(Release ID: 2186922)
Visitor Counter : 2
Read this release in:
English
,
Urdu
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam