তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰু বাকী ৰৈ যোৱা বিষয়সমূহৰ নিষ্পত্তিৰে বিশেষ অভিযান ৫.০ সফলতাৰে সমাপ্ত কৰে

তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে বিশেষ অভিযান ৫.০ৰ অধীনত মন্ত্ৰালয়ে গ্ৰহণ কৰা কাৰ্য্যকলাপসমূহ পৰিদৰ্শন আৰু পৰ্যালোচনা কৰে

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা বিশেষ অভিযান ৫.০ৰ অধীনত ২.৬ লাখ কিলোগ্ৰামতকৈ অধিক স্ক্ৰেপ নিষ্কাশন আৰু ৭৭,০০০ বৰ্গফুট কাৰ্যালয়ৰ স্থান মুক্ত কৰা হৈছে

Posted On: 04 NOV 2025 7:52PM by PIB Guwahati

ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ স্বচ্ছ ভাৰত অভিযানৰ দৃষ্টিভংগীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে স্বচ্ছতা প্ৰতিষ্ঠানিককৰণ আৰু কাৰ্যালয় চৌহদ সৌন্দৰ্য্যবৰ্ধন আৰু সিদ্ধান্তৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ প্ৰধান উদ্দেশ্যৰে ২০২৫ চনৰ ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনুষ্ঠিত হোৱা স্বচ্ছতা আৰু বাকী ৰৈ যোৱা বিষয়সমূহৰ নিষ্পত্তিৰে বিশেষ অভিযান ৫.০ সফলতাৰে সম্পন্ন কৰে।

বিশেষ অভিযান ৫.০ৰ কৃতিত্বৰ উল্লেখযোগ্য দিশসমূহ হ’ল-

  • আউটড’ৰ অভিযান চলোৱা আৰু স্পট পৰিষ্কাৰ কৰা সংখ্যা ক্ৰমে ১২৭২ আৰু ২০৭৩।
  • নিষ্কাশন কৰা স্ক্ৰেপৰ পৰিমাণ ৪০,৩৮১ কিলোগ্ৰাম ই-আৱৰ্জনাকে ধৰি ২,৬২,৩৯১ কিলোগ্ৰাম যাৰ ফলত ১.৩৭ কোটি টকা ৰাজহ আৰু ৭৭,৩৪৮ বৰ্গফুট স্থান মুক্ত হয়। মুঠ ১৭৪খন বাহনকো ত্য়াগ কৰা হয়।
  • ৰেকৰ্ড মেনেজমেণ্টৰ অধীনত ৩৫,২৮১টা ভৌতিক ফাইল পৰ্যালোচনা কৰা হৈছিল যাৰ ভিতৰত ১১,৩৮৯টা ফাইলক আঁতৰোৱা হৈছিল। একেদৰে ১৪৮৬টা ই-ফাইল পৰ্যালোচনা কৰা হৈছিল, ইয়াৰে ২৮৯টা বন্ধ কৰা হৈছিল।
  • মুঠ ৪৮৯টা ৰাজহুৱা অভিযোগ, ১২১টা পিজি আপীল, ১৯টা এমপি ৰেফাৰেন্স, ২টা ৰাজ্য চৰকাৰৰ ৰেফাৰেন্স আৰু ২ পিএমঅ’ ৰেফাৰেন্স অভিযানৰ সময়ত নিষ্পত্তি কৰা হৈছিল।

স্বচ্ছতাৰ বাৰ্তা প্ৰচাৰ, সজাগতা সৃষ্টি আৰু জনসংযোগ সৃষ্টিৰ বাবে ছপা, ইলেক্ট্ৰনিকছ আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই অভিযানৰ প্ৰচাৰ কৰা হয়।

এই অভিযানৰ অগ্ৰগতিৰ বিষয়ে সচিব শ্ৰী সঞ্জয় জাজুৱে সাপ্তাহিক ভিত্তিত নিয়মিতভাৱে পৰ্যালোচনা কৰিছিল। মন্ত্ৰালয়ৰ ন’ডেল বিষয়া শ্ৰী আৰকে জেনা, জ্যেষ্ঠ অৰ্থনৈতিক উপদেষ্টাই প্ৰতিটো মিডিয়া ইউনিটৰ সকলো ন’ডেল বিষয়াৰ সৈতে দৈনিক অগ্ৰগতি নিৰীক্ষণ কৰিছিল। তথ্য আৰু সম্প্ৰচাৰ আৰু সংসদীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগানে মন্ত্ৰালয়ৰ কাৰ্যালয়সমূহ পৰিদৰ্শন কৰি অধিক উন্নতিৰ বাবে নিৰ্দেশনা দিয়ে।

অভিযানৰ সময়ত মন্ত্ৰালয় আৰু ইয়াৰ ক্ষেত্ৰ কাৰ্যালয়সমূহে গ্ৰহণ কৰা কেইবাটাও উত্তম পদ্ধতি আছিল। ইয়াৰে কিছুমান তলৰ ছবিবোৰত দেখুওৱা হৈছে:

১/ এআইআৰ আহমেদাবাদৰ সীমা দেৱাল সৌন্দৰ্য্যবৰ্ধন

আহমেদাবাদৰ অল ইণ্ডিয়া ৰেডিঅ’ই সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডক প্ৰতিনিধিত্ব কৰা প্ৰতীকৰ চিত্ৰৰে নিজৰ কাৰ্যালয় চৌহদৰ সীমা দেৱাল সংস্কাৰৰ কাম হাতত লয়।

২/ এছআৰএফটিআই, কলকাতাৰ দ্বাৰা ৱেষ্ট টু আৰ্ট

এছআৰএফটিআইৰ ছাত্ৰ-ছাত্ৰীসকলে পুৰণি বাতৰি কাকত আৰু পেলনীয়া কাৰ্ড বৰ্ডৰ পৰা ব’গেইনভেলিয়া গছৰে এটা জাপানী ঘৰ পুনৰ সৃষ্টি কৰিছিল, যিটো তাৰ পিছত চেটত প্ৰপ হিচাপে ব্যৱহাৰ কৰা হৈছিল।

 

 

৩/ এছআৰএফটিআই, কলকাতাৰ দ্বাৰা ভিএটি এলেকা সৌন্দৰ্য্যবৰ্ধন

জাবৰ সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা ভিএটি এলেকাটো এছআৰএফটিআইয়ে সৌন্দৰ্য্যবৰ্ধন কৰে।

 

৪) আইআইএমচি কোট্টায়মৰ দ্বাৰা এটা পুখুৰী নিৰ্মাণ

পানী কমকৈ থকা কেম্পাছৰ দুৰ্গম অঞ্চলত আইআইএমচি কোট্টায়ামে এটা পুখুৰী গঢ়ি তুলিছে।

৫/ মূল সচিবালয়ত কোঠা সৌন্দৰ্য্যবৰ্ধন

মূল সচিবালয়ৰ কৰ্মচাৰী আৰু বিষয়াসকলে শাস্ত্ৰী ভৱনত থকা ৰাজভাষা সংমণ্ডলৰ ৰুম ১১৬এ সৌন্দৰ্য্যবৰ্ধন কৰে।

ছবিৰ জৰিয়তে কিছুমান গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপ:

১/ সজাগতা বৃদ্ধিৰ বাবে অভিযানৰ সময়ত চিবিচি ভুৱনেশ্বৰে পুৰী বাছ ষ্টেণ্ডত এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰে।

২/ ডিডিকে প্ৰয়াগৰাজৰ দ্বাৰা চাফাই

আগত আৰু পিছত

৩/ ডিপিডি তিৰুৱনন্তপুৰমত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান

তথ্য আৰু সম্প্ৰচাৰৰ মাননীয় ৰাজ্যিক মন্ত্ৰীৰ মন্ত্ৰালয়ৰ কাৰ্যালয় ভ্ৰমণ

মূল সচিবালয়, শাস্ত্ৰী ভৱন, নতুন দিল্লীঃ

দূৰদৰ্শন ভৱন, নতুন দিল্লী

আকাশবাণী ভৱন, নতুন দিল্লী

 

******

Dharmendra Tewari/ Navin Sreejith/AA


(Release ID: 2186536) Visitor Counter : 5