প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ২৩ নৱেম্বৰত ‘সন্ত মীৰাবাঈ জন্মোৎসৱ’-ত অংশগ্ৰহণৰ অৰ্থে মথুৰা ভ্ৰমণ কৰিব

সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে ‘সন্ত মীৰাবাঈ জন্মোৎসৱ’-ৰ আয়োজন কৰা হৈছে

Posted On: 21 NOV 2023 5:49PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২৩ নৱেম্বৰ, ২০২৩-ৰ বিয়লি প্ৰায় ৪:৩০ বজাত উত্তৰ প্ৰদেশৰ মথুৰাত সন্ত মীৰাবাঈৰ ৫২৫ সংখ্যক জয়ন্তী উপলক্ষে আয়োজন কৰা ‘সন্ত মীৰাবাঈ জন্মোৎসৱ’-ৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে প্ৰধানমন্ত্ৰীয়ে সন্ত মীৰাবাঈলৈ সন্মানাৰ্থে এটি স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰিব। তেওঁ এই উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানতো ভাগ ল’ব। ইয়াৰ লগে-লগে সন্ত মীৰাবাঈৰ স্মৃতিত বছৰ-জোৰা কাৰ্য্যসূচী আৰম্ভ হ’ব।

ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিৰ বাবে সন্ত মীৰাবাঈ পৰিচিত। তেওঁ একাধিক স্তোত্র আৰু পদ ৰচনা কৰিছিল, যিসমূহ আজিও জনপ্ৰিয়।

***

DS/ST/SB
 


(Release ID: 2186223) Visitor Counter : 3