প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জনজাতীয় গৌৰৱ, উন্নয়ন যাত্ৰা আৰু জনকল্যাণৰ বিষয়ত আলোকপাত কৰি ছত্তীশগড় ভ্ৰমণৰ কিছু কথা ভাগ-বতৰা কৰে
Posted On:
01 NOV 2025 10:44PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ, উন্নয়ন যাত্ৰা আৰু জনকল্যাণৰ ওপৰত আলোকপাত কৰি ছত্তীশগড় ভ্ৰমণৰ কিছু কথা ভাগ-বতৰা কৰে
এক্সত দিয়া পৃথক পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়;
“আজি নতুন ৰায়পুৰ অটল নগৰত ছত্তীশগড়ৰ থলুৱা জনগোষ্ঠীৰ অদম্য সাহস, ত্যাগ আৰু দেশপ্ৰেমৰ প্ৰতি উৎসৰ্গিত জনজাতীয় স্বাধীনতা সংগ্ৰামী সংগ্ৰহালয় উদ্বোধন কৰা হয়। লগতে বীৰ নাৰায়ণ সিং কীৰ্তিচিহ্ন উদ্বোধন কৰাৰ লগতে তেওঁৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্যও লভিলো ।”
“নিউ ৰায়পুৰ অটল নগৰত ৰূপালী মহোৎসৱৰ প্ৰদৰ্শনীত ছত্তীশগড়ৰ ডেৰ দশক ধৰি চলি থকা উন্নয়ন যাত্ৰাৰ সাক্ষী হৈ মই অতি আনন্দিত হৈছিলো।”
"চত্তীশগড়ত মোৰ দুখীয়া ভাই-ভনীক লগ পাই মই বৰ সুখী অনুভৱ কৰিলোঁ, যিসকলে আজি এটা নিৰাপদ ঘৰ পাইছে। ঘৰৰ চাবি লোৱা তেওঁলোকৰ সুখী মুখখন দেখিছিলো।"
“চত্তীশগড় প্ৰতিষ্ঠাৰ ৰূপালী বৰ্ষপূৰ্তিত মোক আশীৰ্বাদ দিবলৈ অহা ৰাজ্যৰ মোৰ পৰিয়ালবোৰলৈ বহুত অভিনন্দন!
জয় জোহাৰ!”
“২৫ বছৰ পূৰ্বে ছত্তীশগড় প্ৰতিষ্ঠাৰ লগে লগে শ্ৰদ্ধেয় অটলজীয়ে সিঁচা বীজ আজি উন্নয়নৰ গছ হৈ পৰিছে।সেয়া উচ্চ হৈছে!”
“আমাৰ ছত্তীশগড়ৰ জনজাতীয় সমাজে ভাৰতৰ ঐতিহ্য আৰু উন্নয়নত অতুলনীয় অৱদান আগবঢ়াইছে।হয়, ই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব।”
“আমি ১১ বছৰ পূৰ্বে ছত্তীশগড়কে ধৰি সমগ্ৰ ভাৰতক নক্সালবাদী-মাওবাদী সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ সংকল্প লৈছিলো, যিটো আজি সমগ্ৰ দেশখনে প্ৰত্যক্ষ কৰি আছে।
***
MJPS/ST/DM
(Release ID: 2185618)
Visitor Counter : 3