প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

प्रविष्टि तिथि: 30 NOV 2023 6:43PM by PIB Guwahati

নমস্কাৰ!

দেশৰ লাখ লাখ যুৱক-যুৱতীক চৰকাৰী চাকৰি প্ৰদানৰ অভিযান অব্যাহত আছে। আজি ৫০ হাজাৰৰো অধিক যুৱক-যুৱতীক চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। এই নিযুক্তি পত্ৰসমূহ লাভ কৰাটো আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰতিভাৰ ফল। মই আপোনাক আৰু আপোনালোকৰ পৰিয়ালক মোৰ আন্তৰিক অভিনন্দন জনাইছো।

এতিয়া আপোনালোকে ৰাষ্ট্ৰ নিৰ্মাণৰ সেই ধাৰাত যোগদান কৰিবলৈ গৈ আছে, যি প্ৰত্যক্ষভাৱে জনসাধাৰণৰ সৈতে জড়িত। ভাৰত চৰকাৰৰ কৰ্মচাৰী হিচাপে আপোনালোক সকলোৱে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগিব। আপুনি যিয়েই পদত থাকক, যিয়েই ক্ষেত্ৰত কাম কৰক, আপোনালোকৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব লাগিব দেশবাসীৰ জীৱন ধাৰণৰ সূচলতা নিশ্চিত কৰা।

বন্ধুসকল,

মাত্ৰ কেইদিনমান পূৰ্বে ২৯ নৱেম্বৰত দেশখনে সংবিধান দিৱস উদযাপন কৰিছিল। ১৯৪৯ চনৰ এই দিনটোতে দেশখনে সকলো নাগৰিকক সমান অধিকাৰ প্ৰদান কৰা সংবিধান গ্ৰহণ কৰিছিল। সংবিধানৰ মুখ্য স্থপতি বাবা চাহেবে এনে এখন ভাৰতৰ সপোন দেখিছিল, য’ত সকলোকে সমান সুযোগ প্ৰদান কৰি সামাজিক ন্যায় প্ৰতিষ্ঠা কৰা হ’ব। দুৰ্ভাগ্যজনকভাৱে স্বাধীনতাৰ পাছত দেশত দীৰ্ঘদিন ধৰি সমতাৰ নীতি উপেক্ষা কৰা হৈছিল।

২০১৪ চনৰ আগতে সমাজৰ এক বৃহৎ অংশ মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত আছিল। ২০১৪ চনত যেতিয়া ৰাষ্ট্ৰই আমাক সেৱা কৰাৰ সুযোগ দিছিল আৰু আমাক চৰকাৰ চলোৱাৰ দায়িত্ব দিছিল, তেতিয়া সৰ্বপ্ৰথমে আমি সুবিধাবঞ্চিত লোকসকলক অগ্ৰাধিকাৰ দিয়াৰ মন্ত্ৰ লৈ আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছিলো। চৰকাৰে নিজেই সেই লোকসকলৰ কাষ চাপিছিল, যিসকলে কেইবা দশক ধৰি চৰকাৰৰ পৰা কেতিয়াও বিভিন্ন আঁচনিৰ সুবিধা বা কোনো সুবিধা লাভ কৰা নাছিল। আমি এনে লোকসকলৰ জীৱন সলনি কৰিবলৈ চেষ্টা কৰি আহিছো।

চৰকাৰৰ চিন্তা আৰু কৰ্ম সংস্কৃতিৰ এই পৰিবৰ্তনৰ ফলত আজি দেশত অভূতপূৰ্ব ফলাফল দেখা গৈছে। আমোলাতন্ত্ৰ একেই; মানুহ একেই; ফাইলবোৰ একেই; কাম কৰা লোকসকল একেই; পদ্ধতিও একেই। কিন্তু যেতিয়া চৰকাৰে দেশৰ দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীক অগ্ৰাধিকাৰ দিবলৈ আৰম্ভ কৰিলে, তেতিয়া সমগ্ৰ পৰিস্থিতি সলনি হ’বলৈ আৰম্ভ কৰিলে। অতি দ্ৰুতগতিত এটাৰ পিছত এটাকৈ কাম কৰাৰ শৈলী সলনি হ’বলৈ ধৰিলে; কাম কৰাৰ পদ্ধতি সলনি হ’বলৈ ধৰিলে; দায়িত্ববোৰ নিৰ্ধাৰণ কৰা হ’ল আৰু সাধাৰণ মানুহৰ কল্যাণৰ ক্ষেত্ৰত ইতিবাচক ফলাফল দেখিবলৈ পোৱা গ’ল।

এক অধ্যয়ন অনুসৰি দেশৰ ১৩ কোটিৰো অধিক লোক ৫ বছৰত দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। এইটোৱে দেখুৱায় যে যেতিয়া চৰকাৰৰ আঁচনিসমূহ দৰিদ্ৰ লোকসকলৰ ওচৰলৈ যায় তেতিয়া ই কিমান পাৰ্থক্য আনে। আজি পুৱাই আপোনালোকে নিশ্চয় দেখিছে যে কেনেদৰে বিকশিত ভাৰত সংকল্প যাত্ৰা প্ৰতিখন গাঁৱত উপনীত হৈছে। আপোনালোকৰ দৰে চৰকাৰী কৰ্মচাৰীসকলে চৰকাৰী আঁচনিসমূহক দৰিদ্ৰ লোকসকলৰ দুৱাৰমুখলৈ লৈ গৈছে। চৰকাৰী সেৱাত যোগদান কৰাৰ পাছত আপুনিও একে উদ্দেশ্যৰে, ভাল উদ্দেশ্যৰে, একে সমৰ্পণ আৰু নিষ্ঠাৰে জনসাধাৰণৰ সেৱাত নিজকে উৎসৰ্গিত কৰিব লাগিব।

বন্ধুসকল,

আজিৰ পৰিবৰ্তিত ভাৰতত আপোনালোক সকলোৱে এক আন্তঃগাঁথনি বিপ্লৱৰো সাক্ষী হৈছে। আধুনিক এক্সপ্ৰেছৱে’ই হওক, আধুনিক ৰে’লৱে ষ্টেচন হওক, বিমানবন্দৰ হওক, জলপথ হওক, আজি দেশখনে এই খণ্ডসমূহত লাখ লাখ কোটি টকা ব্যয় কৰি আছে। যেতিয়া চৰকাৰে ইমান বৃহৎ পৰিসৰত ধন ব্যয় কৰি আন্তঃগাঁথনিৰ ওপৰত বিনিয়োগ কৰি আছে, ই অতি স্বাভাৱিক আৰু কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে ই লাখ লাখ নতুন নিযুক্তিৰ সুযোগো সৃষ্টি কৰিছে।

২০১৪ চনৰ পৰা সংঘটিত হোৱা আন এটা গুৰুত্বপূৰ্ণ পৰিবৰ্তন হ’ল যে বছৰ বছৰ ধৰি স্থগিত হৈ থকা প্ৰকল্পসমূহ চিনাক্ত কৰি অভিযান হিচাপে সম্পূৰ্ণ কৰা হৈছে। অৰ্ধনিৰ্মিত প্ৰকল্পসমূহে কেৱল দেশৰ সৎ কৰদাতাসকলৰ ধনৰ অপচয় কৰাই নহয়, প্ৰকল্পসমূহৰ ব্যয়ো বৃদ্ধি কৰে আৰু একে সময়তে জনসাধাৰণ এই প্ৰকল্পৰ পৰা লাভ কৰিবলগীয়া সুবিধাৰ পৰা বঞ্চিত হয়। এইটোও আমাৰ কৰদাতাসকলৰ প্ৰতি এক বৃহৎ অন্যায়।

বছৰ বছৰ ধৰি কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কোটি টকাৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা আৰু নিৰন্তৰ নিৰীক্ষণ কৰি সেইবোৰ দ্ৰুতগতিত সম্পূৰ্ণ কৰি সফলতা অৰ্জন কৰিছে। ইয়াৰ ফলত দেশৰ প্ৰতিটো কোণত বহু নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হৈছে। উদাহৰণস্বৰূপে, বিদাৰ-কালাবুৰাগী ৰে’লপথ এনেকুৱা এটা প্ৰকল্প আছিল, যিটো বছৰ বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল। কিন্তু এই প্ৰকল্পটোও অসম্পূৰ্ণ অৱস্থাত আছিল। আমি ২০১৪ চনত ইয়াক সম্পূৰ্ণ কৰাৰ সংকল্প লৈছিলো আৰু মাত্ৰ ৩ বছৰৰ ভিতৰতে প্ৰকল্পটো সম্পূৰ্ণ কৰিছিলো। ২০০৮ চনত ছিকিমৰ পাকিয়ং বিমানবন্দৰৰ পৰিকল্পনা কৰা হৈছিল। কিন্তু ২০১৪ চনলৈকে ই কেৱল কাগজতহে আছিল। ২০১৪ চনৰ পাছত এই প্ৰকল্পৰ সৈতে জড়িত সকলো বাধা দূৰ কৰা হৈছিল আৰু ২০১৮ চনৰ ভিতৰত ইয়াক সম্পূৰ্ণ কৰা হৈছিল। ইয়াৰ ফলত কৰ্মসংস্থাপনৰো সৃষ্টি হৈছিল। পাৰাদীপ শোধনাগাৰৰ ওপৰতো বহু বছৰ পূৰ্বে আলোচনা আৰম্ভ হৈছিল, কিন্তু ২০১৩ চনলৈকে ফলপ্ৰসূ হোৱা নাছিল। যেতিয়া আমাৰ চৰকাৰ ক্ষমতালৈ আহিছিল, সকলো বাকী থকা প্ৰকল্পৰ দৰে, আমি পাৰাদীপ শোধনাগাৰ প্ৰকল্প হাতত লৈছিলো আৰু ইয়াক সম্পূৰ্ণ কৰিছিলো। যেতিয়া এনে আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহ সম্পূৰ্ণ হয়, তেতিয়া সেইবোৰে কেৱল প্ৰত্যক্ষ নিযুক্তিৰ সুযোগ সৃষ্টি কৰাই নহয়, বহুতো পৰোক্ষ নিযুক্তিৰ সুযোগো সৃষ্টি কৰে।

বন্ধুসকল,

ৰিয়েল ইষ্টেট হৈছে দেশত কৰ্মসংস্থাপন সৃষ্টি কৰা এক বিশাল খণ্ড। এই খণ্ডটো যি দিশত গৈ আছিল, সেই দিশত মধ্যবিত্ত শ্ৰেণীৰ লগতে নিৰ্মাতাসকলৰ ধ্বংস নিশ্চিত আছিল। আৰ ই আৰ এ আইনৰ ফলত আজি ৰিয়েল ইষ্টেট খণ্ডত স্বচ্ছতা আহিছে, আৰু এই খণ্ডত বিনিয়োগ নিৰন্তৰ বৃদ্ধি পাইছে। আজি, দেশত এক লাখতকৈও অধিক ৰিয়েল ইষ্টেট প্ৰকল্প আৰ ই আৰ এ আইনৰ অধীনত পঞ্জীয়ন কৰা হৈছে। পূৰ্বতে, প্ৰকল্পবোৰ স্থগিত হৈ পৰিছিল আৰু সেয়েহে নতুন নিযুক্তিৰ সুযোগ বন্ধ হৈ পৰিছিল। দেশৰ এই বৰ্ধিত ৰিয়েল ইষ্টেটে বৃহৎসংখ্যক নিযুক্তিৰ সুযোগ সৃষ্টি কৰিছে।

বন্ধুসকল,

ভাৰত চৰকাৰৰ নীতি আৰু সিদ্ধান্তই আজি দেশৰ অৰ্থনীতিক নতুন উচ্চতালৈ লৈ গৈছে। বিশ্বৰ প্ৰধান প্ৰতিষ্ঠানসমূহ ভাৰতৰ বিকাশৰ হাৰক লৈ অতি ইতিবাচক। শেহতীয়াকৈ বিনিয়োগ ৰেটিঙৰ ক্ষেত্ৰত এগৰাকী বিশ্বনেতাই ভাৰতৰ দ্ৰুত বিকাশৰ ওপৰত অনুমোদনৰ মোহৰ লগাইছে। তেওঁলোকে অনুমান কৰিছে যে বৰ্ধিত নিযুক্তিৰ সুযোগ, বৃহৎ কৰ্মক্ষম বয়সৰ জনসংখ্যা আৰু শ্ৰমিক উৎপাদনশীলতা বৃদ্ধিৰ বাবে ভাৰতৰ বিকাশ দ্ৰুতগতিত অব্যাহত থাকিব। ভাৰতৰ উৎপাদন আৰু নিৰ্মাণ খণ্ডৰ শক্তিও ইয়াৰ এক প্ৰধান কাৰণ।

এই সকলোবোৰ তথ্যই প্ৰমাণ কৰে যে সমাগত সময়ছোৱাতো ভাৰতত নিযুক্তি আৰু আত্ম-নিযুক্তিৰ অপৰিসীম সম্ভাৱনা সৃষ্টি হৈ থাকিব। এয়া দেশৰ যুৱক-যুৱতীসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ। এজন চৰকাৰী কৰ্মচাৰী হোৱাৰ বাবে আপোনালোকৰো ইয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আপোনালোকে নিশ্চিত কৰিব লাগিব যে ভাৰতত হোৱা উন্নয়নৰ সুবিধাসমূহ সমাজৰ শেষ ব্যক্তিৰ ওচৰলৈ যাতে যায়। এটা এলেকা যিমানেই দূৰ হওঁক, সেইটো আপোনাৰ অগ্ৰাধিকাৰ হ’ব লাগে। এজন ব্যক্তিৰ অৱস্থান যিয়েই নহওক কিয়, আপুনি তেওঁৰ ওচৰলৈ যাব লাগিব। ভাৰত চৰকাৰৰ এজন কৰ্মচাৰী হিচাপে, যেতিয়া আপুনি এই দৃষ্টিভংগীৰে আগবাঢ়ি যাব, তেতিয়াহে উন্নত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব।

বন্ধুসকল,

পৰৱৰ্তী ২৫ বছৰ আপোনাৰ আৰু দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ। খুব কম প্ৰজন্মইহে এনে ধৰণৰ সুযোগ লাভ কৰিছে। এই সুযোগৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক। মই আপোনালোক সকলোকে নতুন শিক্ষণ মডিউল ‘কৰ্মযোগী প্ৰাৰম্ভ’ত যোগদান কৰিবলৈ অনুৰোধ জনাইছো। এনেকুৱা এজন বন্ধুও থাকিব নালাগে, যি ইয়াৰ সৈতে জড়িত হৈ নিজৰ সামৰ্থ্য আৰু দক্ষতা বৃদ্ধি নকৰে। আপোনালোকেও নিৰন্তৰভাৱে শিকি থাকক; নিজকে নিৰন্তৰ বৃদ্ধি কৰি থাকক। এয়া আপোনালোকৰ জীৱনৰ আৰম্ভণি, দেশৰো বিকাশ হৈছে, আপোনালোকৰো বিকাশ হ’ব লাগিব। সেৱাত যোগদান কৰাৰ পাছত ইয়াতেই আবদ্ধ নহ’ব। ইয়াৰ বাবে এক বৃহৎ ব্যৱস্থা বিকশিত কৰা হৈছে।

এবছৰৰ পূৰ্বে কৰ্মযোগী প্ৰাৰম্ভ আৰম্ভ কৰা হৈছিল। তেতিয়াৰ পৰা লাখ লাখ নতুন চৰকাৰী কৰ্মচাৰীয়ে ইয়াৰ জৰিয়তে তেওঁলোকৰ প্ৰশিক্ষণ লাভ কৰিছে। যিসকলে মোৰ সৈতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কাম কৰে, তেওঁলোক সকলো জ্যেষ্ঠ কৰ্মচাৰী। তেওঁলোকে দেশৰ গুৰুত্বপূৰ্ণ বিষয়বোৰ চোৱাচিতা কৰে, কিন্তু তেওঁলোক ইয়াৰ সৈতেও জড়িত আৰু নিৰন্তৰ পৰীক্ষা আৰু পাঠ্যক্ৰমত অৱতীৰ্ণ হৈ আছে, যাৰ ফলত তেওঁলোকৰ সামৰ্থ্য, তেওঁলোকৰ শক্তি অধিক শক্তিশালী হৈ উঠিছে, যিয়ে মোৰ প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু দেশকো শক্তিশালী কৰি তুলিছে।

আমাৰ অনলাইন প্ৰশিক্ষণ মঞ্চ আই জি অ’ টি কৰ্মযোগীতো ৮০০ ৰো অধিক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে। আপোনাৰ দক্ষতা বৃদ্ধি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰক। আজি আপোনাৰ জীৱনৰ এই নতুন আৰম্ভণিৰ সৈতে, আপোনাৰ পৰিয়ালৰ সপোনবোৰে নতুন সুযোগ লাভ কৰিছে। মই আপোনালোকৰ পৰিয়ালৰ সদস্যসকলকো শুভেচ্ছা জনাইছো। যিহেতু আপুনি চৰকাৰী খণ্ডত যোগদান কৰিছে, যদি সম্ভৱ হয়, আজি আপোনাৰ ডায়েৰীত এটা কথা লিখক যে এজন সাধাৰণ নাগৰিক হিচাপে, আপোনাৰ বয়স যিয়েই নহওঁক- ২০, ২২, ২৫ বছৰ, চৰকাৰখনত আপুনি কি কি সমস্যাৰ সন্মুখীন হৈছিল? কেতিয়াবা বাছ ষ্টেচনত কোনো সমস্যা হ’ব পাৰে বা পথত আৰক্ষীৰ বাবে কোনো সমস্যা হ’ব পাৰে। আপুনি হয়তো কোনো চৰকাৰী কাৰ্যালয়ত কোনো সমস্যাৰ সন্মুখীন হৈছিল।

আপুনি কেৱল এইটো মনত ৰাখিব আৰু দৃঢ় সংকল্প ল'ব যে চৰকাৰ আৰু এজন চৰকাৰী কৰ্মচাৰীৰ বাবে আপুনি আপোনাৰ জীৱনত যি সমস্যাৰ সন্মুখীন হৈছে, আপুনি কেতিয়াও কোনো নাগৰিকে আপোনাৰ জীৱনৰ কোনো মুহূৰ্ততে এনে সমস্যাৰ সন্মুখীন হোৱাটো নিবিচাৰিব। মই তেনে আচৰণ নকৰো। কেৱল আপোনাৰ লগত যি ঘটিছিল সেয়া আন কাৰো লগত নহ’ব বুলি সিদ্ধান্ত লোৱাটোৱে সাধাৰণ লোকসকলক যথেষ্ট সহায় কৰিব পাৰে। ৰাষ্ট্ৰ নিৰ্মাণৰ দিশত আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে মই আপোনালোকক শুভেচ্ছা জনাইছো।

বহুত বহুত ধন্যবাদ।

 

***

DS/IG/AK/MK


(रिलीज़ आईडी: 2183798) आगंतुक पटल : 20
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam