প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হীৰক জয়ন্তী উপলক্ষে কেন্দ্ৰীয় বিদ্যালয় পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, সহযোগী কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
কেন্দ্ৰীয় বিদ্যালয়সমূহে আমাৰ ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছেঃ প্ৰধানমন্ত্ৰী
Posted On:
15 DEC 2023 4:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বিদ্যালয়ৰ হীৰক জয়ন্তী উপলক্ষে ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, সহযোগী কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলক শুভেচ্ছা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
"কেন্দ্ৰীয় বিদ্যালয় পৰিয়ালৰ সকলো ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী, সহযোগী কৰ্মচাৰী আৰু প্ৰাক্তন শিক্ষাৰ্থীসকলক তেওঁলোকৰ হীৰক জয়ন্তী উপলক্ষে শুভেচ্ছা জনাইছো! এয়া সন্মানীয় শৈক্ষিক সম্প্ৰদায়টোৰ উল্লেখযোগ্য সাফলতাৰ উদযাপন আৰু প্ৰশংসাৰ উপলক্ষ। বছৰ বছৰ ধৰি কেন্দ্ৰীয় বিদ্যালয়সমূহে বহুতো ছাত্ৰ-ছাত্ৰীক মানসম্পন্ন শিক্ষা প্ৰদান কৰি আমাৰ ৰাষ্ট্ৰৰ ভৱিষ্যত নিৰ্মাণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শিক্ষাৰ্থীসকলৰ শৈক্ষিক উৎকৃষ্টতা আৰু সামগ্ৰিক বিকাশত তেওঁলোকৰ অৱদান সঁচাকৈয়ে প্ৰশংসনীয়।"
***
DS/TS/KD
(Release ID: 2183299)
Visitor Counter : 9
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali-TR
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam