গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে মুম্বাইত 'ইণ্ডিয়া মেৰিটাইম উইক - ২০২৫' উদ্বোধন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামুদ্ৰিক দৃষ্টিভংগী তিনিটা স্তম্ভ আধাৰিতঃ নিৰাপত্তা, সুস্থিৰতা আৰু আত্ম-নিৰ্ভৰতা
ভাৰতৰ সামুদ্ৰিক মুহূৰ্তই গেটৱে’ অৱ ইণ্ডিয়াক গেটৱে’ অৱ দ্য ৱৰ্ল্ডলৈ ৰূপান্তৰিত কৰিছে
সামুদ্ৰিক খণ্ডত মোদী চৰকাৰে সাধন কৰা সংস্কাৰৰাজিৰ ফলশ্ৰুতিত ভাৰত আজি বিশ্বৰ সামুদ্ৰিক মানচিত্ৰত এক উদীয়মান শক্তি হিচাপে পৰিগণিত হৈছে
স্বকীয় সামুদ্ৰিক অৱস্থান, গণতান্ত্ৰিক সুস্থিৰতা আৰু নৌসেনাৰ সামৰ্থ্যৰ সহায় লৈ ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু গ্ল’বেল ছাউথৰ মাজত সেতুবন্ধনেৰে উন্নয়ন, সুৰক্ষা আৰু পাৰিপাৰ্শ্বিক অগ্ৰগতিৰ পোষকতা কৰিছে
ইণ্ডিয়া মেৰিটাইম উইক-২০২৫ সন্মিলনে ২০৪৭-ৰ ভিতৰত সামুদ্ৰিক উদ্যোগত ভাৰতক শীৰ্ষ স্থানত প্ৰতিষ্ঠাৰ লক্ষ্যত উপনীত হোৱাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব
ভাৰতে প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰে উন্নয়নক ত্বৰান্বিত কৰা এটি সেউজ সামুদ্ৰিক ভৱিষ্যৎ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে
জীৱিকাৰ বাবে সাগৰৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ দ্বীপ ৰাজ্য আৰু গ্ল’বেল ছাউথৰ দেশসমূহৰ কথা মনত ৰাখি ভাৰত এখনি সেউজ, সমৃদ্ধিশালী আৰু উমৈহতীয়া মহাসাগৰ সৃষ্টিৰ দৃষ্টিভংগীৰে আগবাঢ়িছে
Posted On:
27 OCT 2025 4:37PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত ‘ইণ্ডিয়া মেৰিটাইম উইক - ২০২৫’ উদ্বোধন কৰে। এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাদনবিছ, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, গোৱাৰ মুখ্যমন্ত্ৰী ডাঃ প্ৰমোদ সাৱন্ত, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিণ্ডে আৰু শ্ৰী অজিত পাৱাৰ তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে মুম্বাই হৈছে ভাৰতৰ বিশ্ব-খ্যাত দুৱাৰমুখ। তেওঁ কয় যে এই মুহূৰ্তটোৱেই হৈছে ভাৰতৰ সামুদ্ৰিক মুহূৰ্ত, যিয়ে গেটৱে’ অৱ ইণ্ডিয়াক গেটৱে’ অৱ দ্য ৱৰ্ল্ডলৈ ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে বিগত দশকত সামুদ্ৰিক সন্মিলনসমূহে প্ৰমাণ কৰিছে যে সামুদ্ৰিক অৰ্থনীতিত সাধন কৰা গভীৰ গাঁথনিগত সংস্কাৰৰাজিৰ ভিত্তিত ভাৰতে এক বলিষ্ঠ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বিশ্বৰ সামুদ্ৰিক মানচিত্ৰত সম্পূৰ্ণ শক্তিৰে থিয় দিছে।
শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ সামুদ্ৰিক শক্তি আৰু কৌশলগত অৱস্থান আমাৰ উপকূল ১১,০০০ কিমি ৰো অধিক বিস্তৃত হোৱাৰ পৰাই স্পষ্ট হৈ পৰিছে। ১৩ খন উপকূলীয় ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে জিডিপিত প্ৰায় ৬০ শতাংশ অৰিহণা যোগায়। তেওঁ উল্লেখ কৰে যে ২৩.৭ লাখ বৰ্গ কিমিৰ এক্সক্লুছিভ ইকনমিক জ’নে (EEZ) বিশ্বজুৰি বিনিয়োগ আৰু উৎপাদনকাৰীসকলক আকৰ্ষিত কৰিছে, এই সামুদ্ৰিক ৰাজ্যসমূহত প্ৰায় ৮০০ নিযুত লোকে বসবাস কৰে। শ্ৰী শ্বাহে আৰু কয় যে ভাৰত মহাসাগৰ অঞ্চলৰ (IOR) ৩৮ খন দেশে বিশ্বৰ ৰপ্তানিত প্ৰায় ১২ শতাংশ অৰিহণা যোগায়। এই সন্মিলনৰ জৰিয়তে আমি বিশ্ব বিনিয়োগকাৰী আৰু সামুদ্ৰিক উদ্যোগৰ চেম্পিয়নসকলৰ আগত এই অসীম সম্ভাৱনাকে প্ৰদৰ্শিত কৰিছোঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে স্বকীয় সামুদ্ৰিক অৱস্থান, গণতান্ত্ৰিক সুস্থিৰতা আৰু নৌসেনাৰ সামৰ্থ্যৰ সহায় লৈ ভাৰতে ভাৰত-প্ৰশান্ত মহাসাগৰীয় আৰু গ্ল’বেল ছাউথৰ মাজত সেতুবন্ধনেৰে উন্নয়ন, সুৰক্ষা আৰু পাৰিপাৰ্শ্বিক অগ্ৰগতিৰ পোষকতা কৰিছে। ভাৰতৰ সামুদ্ৰিক ইতিহাস প্ৰায় ৫,০০০ বছৰ ধৰি বিস্তৃত। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত সামুদ্ৰিক নতুন ইতিহাস ৰচনাৰ বাবে সাজু হৈছে। এই সন্মিলনত ১০০ খনৰো অধিক দেশৰ প্ৰতিনিধিসকলৰ অংশগ্ৰহণ কাৰ্য্যই ভাৰতৰ সামুদ্ৰিক পৰম্পৰা যে বিশ্ব অংশীদাৰিত্ব আৰু আঞ্চলিক সুস্থিৰতাৰ কেন্দ্ৰ হৈ আছে, তাৰ সাক্ষ্য বহন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে ইণ্ডিয়া মেৰিটাইম উইকে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আটাইতকৈ সন্মানীয় সামুদ্ৰিক আলোচনা মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৫-ৰ এই সন্মিলনে ২০৪৭-ৰ ভিতৰত সামুদ্ৰিক উদ্যোগত ভাৰতৰ বিশিষ্ট স্থান নিশ্চিতকৰণৰ লক্ষ্যত উপনীত হোৱাত যথেষ্ট অৰিহণা যোগাব। তেওঁ কয় যে এইবাৰৰ সংস্কৰণত ১০০ খনৰো অধিক দেশৰ ৩৫০ জনৰো অধিক বক্তা, ৫০০ ৰো অধিক কোম্পানী আৰু ১ লাখৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও এই কাৰ্য্যসূচীয়ে ১০ লাখ কোটি টকা মূল্যৰ বিনিয়োগৰ সুযোগ সৃষ্টি কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে প্ৰতিযোগিতাত নহয়, বৰঞ্চ পাৰস্পৰিক সহযোগিতাক বিশ্বাস কৰে। পাৰস্পৰিক সহযোগিতাৰ জৰিয়তে আমি সমগ্ৰ দেশৰ সামুদ্ৰিক উদ্যোগক বিশ্বৰ সামুদ্ৰিক উদ্যোগৰ সৈতে সংযোগ কৰিবলৈ এক বিস্তৃত ৰূপৰেখা অংকন কৰিছোঁ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সামুদ্ৰিক দৃষ্টিভংগী তিনিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছেঃ নিৰাপত্তা, সুস্থিৰতা আৰু আত্ম-নিৰ্ভৰতা। মেৰিটাইম ইণ্ডিয়া ভিজন, ২০৩০-ৰ লগতে সাগৰমালা, ব্লু ইকনমি আৰু গ্ৰীন মেৰিটাইম ভিজনৰ দৰে পদক্ষেপৰ জৰিয়তে আমি ভাৰতক বিশ্বৰ জাহাজ নিৰ্মাণ উদ্যোগৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত প্ৰতিষ্ঠাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। আমি নতুন মেগা আৰু ডিপ-ড্ৰাফ্ট বন্দৰো নিৰ্মাণ কৰি আছোঁ। তেওঁ উল্লেখ কৰে যে বন্দৰ পৰিচালনাৰ বাবে বছৰি ১০,০০০ নিযুত মেট্ৰিক টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু বন্দৰ পৰিবহণক সম্পূৰ্ণৰূপে ডিজিটাইজ কৰা হৈছে। ইয়াৰ উপৰিও ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰ, পূব সামুদ্ৰিক কৰিডৰ আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ দৰে সংযোগ প্ৰকল্পৰ সৈতে ভাৰত সংযুক্ত হৈ পৰিছে।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে বিগত ১১ বছৰত মোদী জীয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডক ৰাষ্ট্ৰীয় শক্তি, আঞ্চলিক সুস্থিৰতা আৰু বিশ্ব সমৃদ্ধিৰ উৎস হিচাপে সংজ্ঞায়িত কৰিছে। এই তিনি লক্ষ্যত উপনীত হ’বলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে। আজি বিশ্বৰ দুই তৃতীয়াংশ বাণিজ্য ভাৰত-প্ৰশান্ত মহাসাগৰীয় সামুদ্ৰিক পথেৰে সম্পন্ন হয় আৰু ভাৰতৰ ৯০ শতাংশ বাণিজ্য সামুদ্ৰিক পথেৰে অব্যাহত আছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সামুদ্ৰিক নীতি “মহাসাগৰ” (MAHASAGAR-Mutual and Holistic Advancement for Security and Growth Across Regions)-লৈ বিকশিত হৈছে, যি ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী পদাংকৰ প্ৰতীক হৈ পৰিছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ "সাগৰক মহাসাগৰলৈ" ৰূপান্তৰিতকৰণৰ দৃষ্টিভংগীয়ে ভাৰতক সামুদ্ৰিক খণ্ডত বিশ্বৰ আগশাৰীৰ দেশ হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আগুৱাই নিব। এই লক্ষ্যত উপনীত হ’বলৈ মোদী চৰকাৰে বাজেট ৪০ নিযুত ডলাৰৰ পৰা আজি ছগুণ বৃদ্ধিৰে ২৩০ নিযুত ডলাৰলৈ বৃদ্ধি কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে কয় যে সাগৰমালা প্ৰকল্পৰ অধীনত ২০২৫-ৰ মাৰ্চৰ ভিতৰত ৭০ বিলিয়ন ডলাৰ মূল্যৰ ৮৩৯ টা প্ৰকল্প সম্পূৰ্ণ কৰিবৰ বাবে চিনাক্ত কৰা হৈছিল আৰু ইয়াৰে ১৭ বিলিয়ন ডলাৰ মূল্যৰ ২৭২ টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে। ৫ বিলিয়ন ডলাৰ মূল্যৰ গ্ৰেট নিকোবৰ প্ৰকল্প নিৰ্মাণৰ কাম অব্যাহত আছে, ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ সামুদ্ৰিক বিশ্ব বাণিজ্যৰ যথেষ্ট বৰ্ধন ঘটিব। ইয়াৰ উপৰিও ২০০ নিযুত ডলাৰ বিনিয়োগেৰে আমি কোচিন শ্বিপয়াৰ্ডত ভাৰতৰ সৰ্ববৃহৎ ডক নিৰ্মাণৰ কাম অব্যাহত ৰাখিছোঁ। তদুপৰি গুজৰাটত এটা সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স গঢ়ি তোলা হৈছে। শ্ৰী শ্বাহে কয় যে অত্যাৱশ্যকীয় আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্য ৰক্ষা কৰিবলৈ পুৰণি ভাৰতীয় আইনসমূহৰ সংস্কাৰ সাধন কৰা হৈছে। ২০২৫-ত আমাৰ সংসদে সমসাময়িক প্ৰয়োজনীয়তা আৰু বিশ্বব্যাপী দৃষ্টিভংগীক প্ৰতিফলিত কৰিবলৈ উন্নীতকৃত ১১৭-বছৰ পুৰণি ভাৰতীয় বন্দৰ বিধেয়কখন গৃহীত কৰে। মুখ্য বন্দৰ কৰ্তৃপক্ষ আইন, ২০২১-ৰ জৰিয়তে আমি বন্দৰসমূহক অধিক স্বায়ত্তশাসন প্ৰদান আৰু ইয়াৰ প্ৰতিষ্ঠানিক কাঠামোক আধুনিকীকৰণৰ পথ প্ৰশস্ত কৰিছোঁ। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় জলপথ আইন, ২০১৬-ৰ অধীনত ১০৬ টা নতুন জলপথ ঘোষণা কৰা হৈছে।
শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে মোদী চৰকাৰে সুৰক্ষা, উপকূলীয় নিৰাপত্তা আৰু মাছমৰীয়াসকলৰ সুৰক্ষা বৃদ্ধিৰ বাবে সুনীল অৰ্থনীতিৰ উন্নয়ন সাধন কাৰ্য্য নিশ্চিত কৰিছে। যোৱা দশকত উপকূলীয় শ্বিপিং ১১৮ শতাংশ বৃদ্ধি পাইছে আৰু কাৰ্গ’ পৰিচালনা ১৫০ শতাংশ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে আমি টাৰ্ণ-এৰাউণ্ড-টাইম (TAT) হ্ৰাস কৰিছোঁ, ইয়াৰ ফলত আমি বিশ্ব মানদণ্ডৰ কাষ চাপিছোঁ। সামুদ্ৰিক খণ্ডত বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰ আৰু জাহাজ নিৰ্মাণক আগুৱাই নিবলৈ নীতিগত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে প্ৰকৃতিৰ সৈতে ভাৰসাম্য ৰক্ষাৰে উন্নয়নক ত্বৰান্বিত কৰা এটি সেউজ সামুদ্ৰিক ভৱিষ্যৎ গঢ়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ লগতে কয় যে জীৱিকাৰ বাবে সাগৰৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ দ্বীপ ৰাজ্য আৰু গ্ল’বেল ছাউথৰ দেশসমূহৰ কথা মনত ৰাখি ভাৰত এখনি সেউজ, সমৃদ্ধিশালী আৰু উমৈহতীয়া মহাসাগৰ সৃষ্টিৰ দৃষ্টিভংগীৰে আগবাঢ়িছে।
*****
RK/RR/PS/SB
(Release ID: 2183138)
Visitor Counter : 9
Read this release in:
Odia
,
हिन्दी
,
Malayalam
,
English
,
Urdu
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada