ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কাইলৈ মুম্বাইৰ মাজাগন ডকত গভীৰ সাগৰত মাছ ধৰা জাহাজ উদ্বোধন কৰিব

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক মীন খণ্ডৰ আধুনিকীকৰণ আৰু উপকূলীয় অঞ্চলসমূহত সমবায় নেতৃত্বাধীন বৃদ্ধিৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে

আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ লগতে নীল অৰ্থনীতি শক্তিশালী কৰাৰ বাবে সমবায় খণ্ডৰ সামৰ্থ্য ব্যৱহাৰ কৰিবলৈ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ

এই অনুষ্ঠান সমবায় নেতৃত্বাধীন গভীৰ সাগৰত মাছ ধৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব, যি ভাৰতৰ আত্মনিৰ্ভৰশীলতা, বহনক্ষমতা আৰু মীন খণ্ডত সমবায়সমূহৰ সৱলীকৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতীক হিচাপে চিহ্নিত কৰিব

মহাৰাষ্ট্ৰ চৰকাৰ, এন চি ডি চি আৰু মীন বিভাগৰ আৰ্থিক সাহায্যত ১.২ কোটি টকা ব্যয়ৰে পিএমএমএছৱাইৰ অধীনত গভীৰ সাগৰত মাছ ধৰা জাহাজ প্ৰদান কৰা হৈছে

পিএমএমএছৱাই আৰু মীন তথা জলজ কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফআইডিএফ) সাগৰীয় উৎপাদিত সামগ্ৰীৰ বাবে শীতল শৃংখল তথা মূল্য শৃংখলৰ আন্তঃগাঁথনি গঢ়ি তোলাত সহায়ক হ'ব

Posted On: 26 OCT 2025 5:25PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰী অমিত শ্বাহে কাইলৈ ​​মুম্বাইৰ মাজাগন ডকত অত্যাধুনিক গভীৰ সাগৰত  মাছ ধৰা জাহাজ বিতৰণ কৰিব। এই উপলক্ষে  আয়োজিত অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনবিছ; মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী একনাথ শিণ্ডে আৰু শ্ৰী অজিত পাৱাৰ তথা  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (সমবায়)  শ্ৰী মুৰলীধৰ মোহল উপস্থিত থাকিব।

কেন্দ্ৰীয় সমবায়  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে গভীৰ সাগৰত  মাছ ধৰা জাহাজৰ চাবি হিতাধিকাৰীক গতাই দিবলগীয়া অনুষ্ঠানটো  সমবায় নেতৃত্বাধীন গভীৰ সাগৰত  মাছ ধৰাৰ ক্ষেত্ৰত এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’ব।  যি অনুষ্ঠান মীন খণ্ডত ভাৰতৰ আত্মনিৰ্ভৰশীলতা, বহনক্ষমতা আৰু সমবায়সমূহক সবলীকৰণৰ প্ৰতি দায়বদ্ধতাৰ প্ৰতীক হিচাবে পৰিগণিত হ'ব।

মহাৰাষ্ট্ৰ চৰকাৰ, ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম (এন চি ডি চি) আৰু ভাৰত চৰকাৰৰ মীন বিভাগৰ আৰ্থিক সাহায্যত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ১.২ কোটি টকা ব্যয়ৰে হিতাধিকাৰীসকলক গভীৰ সাগৰত  মাছ ধৰা জাহাজ প্ৰদান কৰা হ'ব। এই পদক্ষেপে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ লগতে নীল অৰ্থনীতি শক্তিশালী কৰাৰ বাবে মোদী চৰকাৰৰ দায়বদ্ধতাকেই প্ৰতিফলিত কৰিব।  প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক মীন খণ্ডক আধুনিকীকৰণ, গভীৰ সাগৰত মাছ ধৰাৰ ক্ষমতা বৃদ্ধি, আৰু উপকূলীয় অঞ্চলত সমবায় নেতৃত্বাধীন বৃদ্ধিৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ'ব। ইয়াৰ লক্ষ্য হৈছে ভাৰতীয় ই ই জেড আৰু গভীৰ সাগৰত মীন সম্পদৰ সন্ধান কৰা।

সমবায় আৰু এফ এফ পি অ’ৰ জৰিয়তে সমবায় নেতৃত্বাধীন গভীৰ সাগৰীয় মাছ ধৰাৰ পদক্ষেপ ত্বৰান্বিত কৰাৰ লক্ষ্যৰে ভাৰত চৰকাৰৰ মীন বিভাগৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয় তথা  ভাৰত চৰকাৰৰ সমবায়  মন্ত্ৰালয়ৰ সমবায় বিভাগৰ দ্বাৰা এক যুটীয়া কৰ্মগোট (জে ডব্লিউ জি) গঠন কৰা হৈছে।

ভাৰতৰ সামুদ্ৰিক মীন খণ্ডই পৰম্পৰাগতভাৱে কম পৰিসৰত কাম কৰি আহিছে, মাছমৰীয়াসকলে গতানুগতিক জাহাজ আৰু কৌশলৰ ওপৰত নিৰ্ভৰশীল, তেওঁলোকে সাধাৰণতে উপকূলৰ পৰা মাত্ৰ ৪০–৬০ নটিকেল মাইল পৰ্যন্তহে যাত্ৰা কৰে। এই সীমিত কাৰ্য পৰিসৰে মাছ ধৰাৰ পৰিমাণ আৰু অৰ্থনৈতিক লাভত বাধাৰ সৃষ্টি কৰিছে।

এই পদক্ষেপে মীন সমবায় সমিতি আৰু এফএফপিঅ’সমূহক ভাৰতৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (ইইজেড) আৰু গভীৰ  সাগৰৰ বিশাল সম্ভাৱনাক বহনক্ষমভাৱে ব্যৱহাৰ কৰিবলৈ শক্তিশালী কৰি তুলিব, বিশেষকৈ লাক্ষাদ্বীপ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দৰে অঞ্চলত। ইয়াৰ দ্বাৰা টুনাৰ দৰে উচ্চ মূল্যৰ মাছৰ  ক্ষেত্ৰত নতুন সুযোগ মুকলি হ’ব, যাৰ ফলত ভাৰতৰ সাগৰীয় খাদ্যৰ ৰপ্তানি বৃদ্ধি পাব আৰু উপকূলীয় জীৱিকা শক্তিশালী হ’ব।

 

পটভূমি – অনুষ্ঠানটোৰ  তাৎপৰ্য্য

মাজাগন ডকত গভীৰ সাগৰত মাছ ধৰা জাহাজৰ উদ্বোধনে ভাৰতৰ সাগৰীয় মীন আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ এক গুৰুত্বপূৰ্ণ মুহূৰ্তক প্ৰতিনিধিত্ব কৰিছে। এই নতুনকৈ নিৰ্মাণ কৰা জাহাজসমূহ উন্নত প্ৰযুক্তিৰে সজ্জিত,  যিয়ে সাগৰীয় সম্পদ বহনক্ষমভাৱে সংগ্ৰহ কৰিবলৈ সক্ষম কৰে, যাৰ ফলত অৰ্থনৈতিক লাভ সৰ্বাধিক হোৱাৰ লগতে  পৰিৱেশগত বিঘিনি নূন্যতম কৰি তোলাটো নিশ্চিত কৰা হয়। অনব’ৰ্ড ডিজিটেল ব্যৱস্থাৰ সংহতিয়ে অনুসন্ধান, সুৰক্ষা  আৰু কাৰ্য্যকৰী দক্ষতা বৃদ্ধি কৰিব, ভাৰতৰ সামুদ্ৰিক পদ্ধতিসমূহক দায়িত্বশীলভাবে  মাছ ধৰাৰ বিশ্বব্যাপী মানৰ সৈতে একাকাৰ কৰি তুলিব।

 

এই অনুষ্ঠানৰ এটা কেন্দ্ৰীয় বিন্দু হৈছে মীন সমবায়সমূহক শক্তিশালী কৰা, যিয়ে উপকূলীয় লোকসকলক  সবলীকৰণ কৰাৰ  ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই পদক্ষেপে মীন পালক উৎপাদক সংস্থা (এফ এফ পি অ’) আৰু সমবায় সমিতিসমূহৰ উন্নয়ন তথা  পৰিমাপত সহায় কৰে, যাৰ ফলত তেওঁলোকে আত্মনিৰ্ভৰশীল সত্তা হিচাপে কাম কৰিবলৈ সক্ষম হয়। গুৰুত্বপূৰ্ণভাৱে, উপকূলীয় সম্প্ৰদায়সমূহত অন্তৰ্ভুক্তি বৃদ্ধি, নেতৃত্ব আৰু আৰ্থ-সামাজিক পৰিৱৰ্তনক আগুৱাই নিয়াত তেওঁলোকৰ জটিল ভূমিকাক স্বীকৃতি দি মহিলা নেতৃত্বাধীন সমবায় উদ্যোগসমূহক প্ৰসাৰিত কৰাত এই পদক্ষেপে গুৰুত্ব আৰোপ কৰিছে।

এই অনুষ্ঠানত মীনপালনৰ পৰিৱেশ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে চৰকাৰী আঁচনি আৰু প্ৰতিষ্ঠানিক সহায়ক ব্যৱস্থাৰ অভিসৰণৰ  বিষয়তো  আলোকপাত কৰা হৈছে। প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা (পিএমএমএছৱাই) আৰু মীন আৰু জলজ কৃষি আন্তঃগাঁথনি উন্নয়ন পুঁজি (এফআইডিএফ)ৰ দৰে আঁচনিসমূহে সাগৰীয় উৎপাদিত সামগ্ৰীৰ বাবে শীতল শৃংখল আৰু মূল্য শৃংখলৰ আন্তঃগাঁথনি গঢ়ি তোলা, মীন সামগ্ৰীৰ গুণগত মান, জীয়াই থকাৰ  সময়  আৰু বজাৰযোগ্যতা বৃদ্ধি কৰাত সহায়ক হ'ব । ইয়াৰ উপৰি বজাৰত প্ৰৱেশ উন্নত কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে, উন্নত মূল্য উপলব্ধি আৰু অৰ্থনৈতিক বহনক্ষমতা নিশ্চিত কৰা হৈছে।

শেষত ই ভাৰতৰ নীল অৰ্থনীতি আগুৱাই নিয়া আৰু উপকূলীয় জীৱিকা সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মীন সমবায়ৰ কৌশলগত ভূমিকাক আলোকপাত কৰিব । গভীৰ সাগৰত মাছ ধৰাৰ এই পদক্ষেপে উপকূলীয় অঞ্চলত যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিব, যাৰ ফলত ই আৰ্থ-সামাজিক উত্থানত অৰিহণা যোগাব। ইয়াৰ দ্বাৰা ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানিও শক্তিশালী হ’ব, যাৰ ফলত বিশ্বৰ সামুদ্ৰিক বাণিজ্যত দেশখনৰ স্থিতি শক্তিশালী হ’ব। বহনক্ষম মাছ ধৰা পদ্ধতি তথা দায়িত্বশীল সম্পদ ব্যৱস্থাপনাক প্ৰসাৰিত কৰি এই পদক্ষেপে খাদ্য আৰু পুষ্টি সুৰক্ষাৰ ৰাষ্ট্ৰীয় লক্ষ্যসমূহক সমৰ্থন কৰিব, একে সময়তে সাগৰীয় পৰিৱেশ তন্ত্ৰক দীৰ্ঘম্যাদী ৰূপত  সুৰক্ষিত কৰিব ।

*****

AK / RR / PS/DM


(Release ID: 2182770) Visitor Counter : 2