গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে যোৱা দুদিনত ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত ২৫৮ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে

আজি ছত্তীশগড়ত ১৭০ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে; কালি ছত্তীশগড়ত ২৭ জন আৰু মহাৰাষ্ট্ৰত ৬১ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে

ই এই কথাৰ প্ৰমাণ দিয়ে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এই আতংকৰ অন্ত পেলাবলৈ কৰা অদম্য প্ৰচেষ্টাৰ বাবেই নক্সালবাদে শেষ উশাহ লৈছে

আত্মসমৰ্পণ কৰাসকলৰ ভিতৰত আছে সতীশ ওৰফে টি বাসুদেও ৰাও (চিচিএম)কে ধৰি ১০ জন জ্যেষ্ঠ অপাৰেটিভ যিয়ে ১ কোটি টকাৰ মূৰৰ মূল্য কঢ়িয়াই লৈ ফুৰিছিল
একে-৪৭, ইনছাছ, এছএলআৰ, ৩০৩ ৰাইফল আদিকে ধৰি বিপুল সংখ্যক স্বয়ংক্ৰিয় অস্ত্ৰ তেওঁলোকে আত্মসমৰ্পণৰ সময়ত জমা দিছে

গৃহমন্ত্ৰীয়ে ইয়াক নক্সালবাদৰ বিৰুদ্ধে আমাৰ যুদ্ধৰ এক ঐতিহাসিক দিন বুলি অভিহিত কৰে

ভাৰতৰ সংবিধানৰ ওপৰত তেওঁলোকৰ আস্থা বৃদ্ধি কৰি হিংসা ত্যাগ কৰাৰ সিদ্ধান্তৰ মই শলাগ লৈছো

Posted On: 16 OCT 2025 6:04PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে যোৱা দুদিনত ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত ২৫৮ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে, যিটো আমাৰ নক্সালবাদৰ বিৰুদ্ধে যুঁজৰ এক ঐতিহাসিক  দিন। তেওঁ কয় যে আজি ছত্তীশগড়ত ১৭০ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰাৰ বিপৰীতে কালি ছত্তীশগড় আৰু মহাৰাষ্ট্ৰত ক্ৰমে ২৭ আৰু ৬১ জন নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ জমা দিছে ।

ভাৰতৰ সংবিধানৰ ওপৰত তেওঁলোকে আস্থা প্ৰকাশ   কৰি হিংসা ত্যাগ কৰাৰ সিদ্ধান্তক শলাগ লয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এই আতংকৰ অন্ত পেলাবলৈ কৰা অদম্য প্ৰচেষ্টাৰ বাবেই নক্সালবাদে শেষ উশাহ লোৱাৰ প্ৰমাণ দিয়ে।

এক্সৰ  এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "নক্সালবাদৰ বিৰুদ্ধে আমাৰ যুদ্ধৰ এটা ঐতিহাসিক দিন।আজি চত্তীশগড়ত ১৭০ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে।কালি ৰাজ্যখনত ২৭ জন নক্সালবাদীয়ে অস্ত্ৰ-শস্ত্ৰ সম্বৰণ কৰিছে। মহাৰাষ্ট্ৰত ৬১ জনে মূলসুঁতিলৈ ঘূৰি আহিছিল।মুঠতে ২৫৮ জন  কঠোৰ বাওঁপন্থী উগ্ৰপন্থীয়ে যোৱা দুদিনত হিংসাত্মক পথ পৰিহাৰ কৰিছে।  ইয়াৰ মই মই শলাগ লৈছো, ভাৰতৰ সংবিধানৰ ওপৰত তেওঁলোকে আস্থা ৰাখিছে,  ই এই কথাৰ প্ৰমাণ দিয়ে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ অদম্য প্ৰচেষ্টাৰ বাবেই  এয়া হৈছে। মোদী চৰকাৰৰ নীতি স্পষ্ট: যিসকলে আত্মসমৰ্পণ কৰিব বিচাৰে তেওঁলোকক আদৰণি জনোৱা হৈছে বন্দুক আমাৰ বাহিনীৰ ক্ৰোধৰ মুখামুখি  হ'ব লাগিব ।’

 

এক্সৰ আন এটা পোষ্টত শ্ৰী অমিত শ্বাহে কয়, ‘এসময়ত সন্ত্ৰাসবাদীৰ ঘাটি হৈ থকা ছত্তীশগড়ৰ আবুঝমৰা আৰু উত্তৰ বাস্তৰক আজি নক্সাল সন্ত্ৰাসৰ পৰা মুক্ত ঘোষণা কৰাটো অপৰিসীম আনন্দৰ বিষয়।২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা ছত্তীশগড়ত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত ২১০০ জন  নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে,  ১৭৮৫ জনক গ্ৰেপ্তাৰ কৰা হৈছে  আৰু ৪৭৭জনক নিৰ্মূল কৰা হৈছে।”

আত্মসমৰ্পণ কৰা নক্সালবাদীৰ তালিকাত সতীশ ওৰফে টি বাসুদেও ৰাও (চিচিএম), ৰাণীতা (এছজেডচিএম, মাদ ডিভিচিৰ সম্পাদক), ভাস্কৰ (ডিভিচিএম, পিএল ৩২), নীলা ওৰফে নন্দে (ডিভিচিএম, আইচি আৰু নেলনাৰ এচিৰ সচিব), দীপক পালো (ডিভিচিএম, আইচি আৰু ইন্দ্ৰাৱতী এচিৰ সচিব)কে ধৰি ১০ জন জ্যেষ্ঠ কাৰ্যকৰ্তা আছে। টি বাসুদেও ৰাৱে  (চিচিএম)মূৰৰ মূল্য কঢ়িয়াই লৈ ফুৰিছিল ১ কোটি টকাৰ । এছজেডচিএম ৰেংকৰ অপাৰেটিভসকলৰ মূৰৰ মূল্য  ২৫ লাখ টকা, ডিভিচিএমৰ ১০ৰ পৰা ১৫ লাখ টকা আৰু এচিএমৰ মূৰৰ মূল্য  আছিল ৫ লাখ টকা। একে-৪৭, ইনছাছ, এছএলআৰ, ৩০৩ ৰাইফল আদিকে ধৰি বিপুল সংখ্যক স্বয়ংক্ৰিয় অস্ত্ৰ তেওঁলোকে  আত্মসমৰ্পণৰ সময়ত জমা দিয়ে। 

 RK/AK/PR/PS/DM


(Release ID: 2180189) Visitor Counter : 5