গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে ৰাজস্থানত ৪ লাখ কোটি টকা মূল্যৰ বিনিয়োগ প্ৰস্তাৱৰ বাবে জয়পুৰত ভূমি পূজন অনুষ্ঠান উদ্বোধন কৰে
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজস্থান চৰকাৰৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ লগতে তিনি নতুন ফৌজদাৰী আইন সন্দৰ্ভত ৰাজ্যিক-পৰ্য্যায়ৰ প্ৰদৰ্শনীও উদ্বোধন কৰে
মোদী জীয়ে ইজ অৱ লিভিঙৰ বৰ্ধনৰ বাবে একাধিক সংস্কাৰ সাধন কৰিছে আৰু তিনি নতুন ফৌজদাৰী আইন সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হোৱাৰ পিছত ইজ অৱ জাষ্টিচৰ ক্ষেত্ৰত এক বৃহৎ ৰূপান্তৰ সাধন হ’ব
ভাৰতৰ তিনি নতুন ফৌজদাৰী আইনৰ প্ৰৱৰ্তন কাৰ্য্য হৈছে একবিংশ শতিকাৰ সৰ্ববৃহৎ সংস্কাৰ
তিনি নতুন আইন কাৰ্য্যকৰী হোৱাৰ পিছত ৰাজস্থানত দোষী সাব্যস্তৰ হাৰ ৪২%-ৰ পৰা ৬০%-লৈ বৃদ্ধি পাইছে আৰু সম্পূৰ্ণ ৰূপায়ণ হ’লে এই হাৰ ৯০%-লৈ বৃদ্ধি পাব
তিনি নতুন আইন কাৰ্য্যকৰী হোৱাৰ এবছৰৰ ভিতৰতে দেশৰ ৫০% চাৰ্জশ্বীট সময়মতে দাখিল কৰা হৈছে আৰু অহা বছৰৰ ভিতৰত এই পৰিমাণ ৯০% হ’ব বুলি আশা কৰা হৈছে
ৰাজস্থান চৰকাৰে কম সময়ৰ ভিতৰতে ৩৫ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিৰ ভিতৰত ৭ লাখ কোটি টকা মূল্যৰ চুক্তি তৃণমূলত ৰূপায়ণ কৰিছে
পূৰ্বৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগানৰ ক্ষেত্ৰতো দুৰ্নীতি কৰিছিল, আনহাতে ভজন লাল চৰকাৰে ৪০ লাখ ছাত্ৰ-ছাত্ৰীলৈ ডিবিটিৰ জৰিয়তে ২৪০ কোটি টকা প্ৰেৰণ কৰিছে
মই কৃষক ভাইসকলক মাহ আৰু তৈলবীজৰ উৎপাদন বৃদ্ধিৰে দেশখনক এই খণ্ডসমূহত আত্ম-নিৰ্ভৰ কৰি তুলিবলৈ আহ্বান জনালোঁ
Posted On:
13 OCT 2025 4:28PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি ৰাজস্থানৰ জয়পুৰত নতুন ফৌজদাৰী আইন সম্পৰ্কীয় ৰাজ্যিক পৰ্য্যায়ৰ প্ৰদৰ্শনী উদ্বোধন কৰে আৰু ৪ লাখ কোটি টকা মূল্যৰ বিনিয়োগ প্ৰস্তাৱৰ বাবে ভূমি পূজন কৰে। ইয়াৰ উপৰিও শ্ৰী শ্বাহে ৰাজস্থান চৰকাৰৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই কাৰ্য্যসূচীত ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা, কেন্দ্ৰীয় গৃহ সচিব শ্ৰী গোবিন্দ মোহনকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
এই কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজিৰ এই অনুষ্ঠান উন্নয়ন আৰু ন্যায়ৰ সমন্বয় সাধন কৰা এক অনুষ্ঠান। তেওঁ কয় যে দেশৰ ফৌজদাৰী ন্যায় ব্যৱস্থাত মৌলিক পৰিৱৰ্তন সাধনেৰে সংবিধানে প্ৰদান কৰা অধিকাৰসমূহ ৰাইজৰ বাবে সুলভ কৰি তোলা তিনি নতুন ফৌজদাৰী আইনৰ প্ৰৱৰ্তন সন্দৰ্ভত আজি ইয়াত এখনি অত্যাধুনিক প্ৰদৰ্শনী মুকলি কৰা হৈছে। তেওঁ লগতে কয় যে ৰাজস্থানৰ উন্নয়নক ত্বৰান্বিতকৰণৰ বাবে ৰাইজিং ৰাজস্থান কাৰ্য্যসূচীত স্বাক্ষৰিত ৩৫ লাখ কোটি টকাৰ বুজাবুজিৰ চুক্তিৰ (MoU) ভিতৰত ৩ লাখ কোটি টকা মূল্যৰ ইতিমধ্যে কাৰ্য্যকৰী কৰা হৈছে। আজি বুজাবুজিৰ চুক্তিৰে অতিৰিক্ত ৪ লাখ কোটি টকাৰ বাবে ভূমি পূজন কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ সৈতে জড়িত সকলোৱে এই প্ৰদৰ্শনীখন চাব লাগে, কিয়নো ইয়াত অনাগত দিনত আমাৰ ফৌজদাৰী ন্যায় ব্যৱস্থাত হ’বলগীয়া উল্লেখযোগ্য পৰিৱৰ্তনসমূহক সঠিকভাৱে প্ৰদৰ্শন কৰা হৈছে। তেওঁ কয় যে এই প্ৰদৰ্শনীৰ জৰিয়তে ৰাইজে জানিব পাৰিব যে ১৬০ বছৰীয়া আইনৰ ঠাইত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰৱৰ্তন কৰা তিনিখন নতুন আইনে ২০২৭-ৰ পিছত দাখিল কৰা যিকোনো এফআইআৰ-ৰ ক্ষেত্ৰত তিনি বছৰৰ ভিতৰত ন্যায় নিশ্চিত কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইজ অৱ লিভিঙৰ বাবে দেশত অসংখ্য পৰিৱৰ্তন সাধন কৰিছে আৰু এই নতুন আইনসমূহ কাৰ্য্যকৰী হোৱাৰ লগে-লগে ইজ অৱ জাষ্টিচৰ ক্ষেত্ৰতো এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিব।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে এই তিনি নতুন আইনৰ জৰিয়তে আমাৰ ফৌজদাৰী ন্যায় ব্যৱস্থাই শাস্তিতকৈ ন্যায়ত গুৰুত্ব আৰোপ কৰিব। তেওঁ কয় যে এই আইনসমূহ সমগ্ৰ দেশতে নিখুঁতভাৱে কাৰ্য্যকৰী কৰা হৈছে আৰু ইয়াৰ ৰূপায়ণ তথা অনুসৰণৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে (MHA) সকলো ৰাজ্যকে পথ প্ৰদৰ্শন কৰি আছে। তেওঁ কয় যে ব্ৰিটিছে প্ৰণয়ন কৰা, তেওঁলোকৰ সংসদত গৃহীত হোৱা আৰু ব্ৰিটিছ শাসনক সুৰক্ষিতকৰণৰ বাবে যুগুত কৰা আইনসমূহৰ ঠাইত ভাৰতীয় সংসদত গৃহীত হোৱা আৰু ভাৰতীয়ক ন্যায় প্ৰদানৰ লক্ষ্যৰে আইন প্ৰণয়ন কৰা কাৰ্য্য এক ঐতিহাসিক সাফল্য।
শ্ৰী অমিত শ্বাহে কয় যে নতুন ফৌজদাৰী আইনত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত এক সুকীয়া অধ্যায়ৰ সংযোজন কৰা হৈছে। ই-এফআইআৰ আৰু জিৰ’ এফআইআৰ-ৰ ব্যৱস্থা কৰা হৈছে, সকলো জব্দকৃত সা-সামগ্ৰীৰ ভিডিঅ’গ্ৰাফী বাধ্যতামূলক কৰা হৈছে আৰু সাত বছৰৰো অধিক শাস্তিৰ বিধান থকা অপৰাধৰ বাবে ফৰেনছিক তদন্ত বাধ্যতামূলক কৰা হৈছে। তেওঁ কয় যে পূৰ্বে ৰাজস্থানত দোষী সাব্যস্তৰ হাৰ ৪২ শতাংশ আছিল, যি এই আইনসমূহ কাৰ্য্যকৰী কৰাৰ মাত্ৰ এবছৰৰ ভিতৰতে ৬০ শতাংশলৈ বৃদ্ধি পাইছে। এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হ’লে এই হাৰ ৬০ শতাংশৰ পৰা ৯০ শতাংশ পৰ্য্যন্ত বৃদ্ধি পাব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। শ্ৰী শ্বাহে আৰু কয় যে এই আইনসমূহৰ সুকলমে ৰূপায়ণৰ বাবে ২০২০-ত ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয় (NFSU) প্ৰতিষ্ঠা কৰা হৈছিল আৰু সমগ্ৰ দেশতে সংযুক্ত মহাবিদ্যালয়সমূহ মুকলি কৰি বৈজ্ঞানিক অনুসন্ধানত প্ৰশিক্ষণপ্ৰাপ্ত যুৱক-যুৱতীসকলৰ এক নতুন কৰ্মশক্তি সৃষ্টি কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে নতুন ফৌজদাৰী আইনত ভাৰতৰ ন্যায়িক ব্যৱস্থাত পোন-প্ৰথমবাৰৰ বাবে সন্ত্ৰাসবাদ, মব লিঞ্চিং, সংগঠিত অপৰাধ আৰু ডিজিটেল অপৰাধৰ সংজ্ঞা দিয়া হৈছে। তেওঁ কয় যে এই আইনসমূহত ২৯-ৰো অধিক ভিন্ন বিধানত সময়সীমা নিৰ্দিষ্ট কৰা হৈছে। তেওঁ আৰু কয় যে দেশ এৰি পলায়ন কৰা অপৰাধীৰ শাস্তি নিশ্চিত কৰিবলৈ অনুপস্থিতিত বিচাৰৰ ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে। শ্ৰী শ্বাহে তিনি নতুন ফৌজদাৰী আইনৰ প্ৰৱৰ্তন কাৰ্য্যক ভাৰতৰ একবিংশ শতিকাৰ সৰ্ববৃহৎ সংস্কাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে এই আইনসমূহ সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হোৱাৰ পিছত ভাৰতৰ ফৌজদাৰী ন্যায় ব্যৱস্থা বিশ্বৰ আটাইতকৈ আধুনিক ফৌজদাৰী ন্যায় ব্যৱস্থাত পৰিণত হ’ব। এই আইনসমূহ বলবৎ হোৱাৰ লগে-লগে এতিয়া প্ৰায় ৫০ শতাংশ চাৰ্জশ্বীট সময়মতে দাখিল কৰা হৈছে আৰু অহা বছৰ এই হাৰ ৯০ শতাংশ হ’ব বুলি আশা কৰা হৈছে। তেওঁ লগতে কয় যে লাখ-লাখ আৰক্ষী বিষয়া, হাজাৰ-হাজাৰ ন্যায়িক বিষয়া, এফএছএল (ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ)-ৰ বিষয়া আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ প্ৰশিক্ষণো সম্পূৰ্ণ হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে আজি ৪ লাখ কোটি টকা মূল্যৰ বিনিয়োগ প্ৰস্তাৱৰ বাবে ভূমি পূজন সম্পন্ন হৈছে। তেওঁ কয় যে এনে ভিন্ন ধৰণৰ প্ৰকল্পই ৰাজস্থানৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেওঁ লগতে কয় যে আজি ৯,৩১৫ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰো শুভাৰম্ভ কৰা হৈছে। শ্ৰী শ্বাহে লগতে কয় যে পূৰ্বৰ চৰকাৰে ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম যোগানৰ ক্ষেত্ৰত দুৰ্নীতি কৰিছিল, আনহাতে ভজন লাল চৰকাৰে ৪০ লাখ ছাত্ৰ-ছাত্ৰীলৈ ডিবিটিৰ জৰিয়তে ২৪০ কোটি টকা প্ৰেৰণ কৰিছিল। তেওঁ উল্লেখ কৰে যে ৰাজস্থানৰ ৫ লাখৰো অধিক দুগ্ধ উৎপাদকক গাখীৰৰ উৎপাদন বৃদ্ধিৰ বাবে ৩৬৪ কোটি টকাৰ ৰাজসাহায্য আগবঢ়োৱা হৈছে। তেওঁ আৰু কয় যে আজিৰে পৰা ১৫০ বিনামূলীয়া বিদ্যুৎ ইউনিট আঁচনিৰ বাবেও পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ উপৰিও ৫৬ খন এফএছএল (ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰ) বাহন আৰু কেইবাখনো আৰক্ষী বাহনৰ উদ্বোধনী অনুষ্ঠানো অনুষ্ঠিত হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে মোদী চৰকাৰৰ সিদ্ধান্ত অনুসৰি ভাৰতীয় ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন লিমিটেড (NAFED) আৰু ৰাষ্ট্ৰীয় সমবায় উপভোক্তা ফেডাৰেচন লিমিটেড (NCCF)-ত পঞ্জীয়নভুক্ত কৃষকসকলে উৎপাদন কৰা মাটিমাহ, মচুৰ আৰু ৰহৰ দাইল ১০০ শতাংশ ন্যূনতম সহায়ক মূল্যত (MSP) ক্ৰয় কৰা হ’ব। তেওঁ কৃষক ভাইসকলক মাহ আৰু তৈলবীজৰ উৎপাদন বৃদ্ধিৰে দেশখনক এই খণ্ডসমূহত আত্ম-নিৰ্ভৰ কৰি তুলিবলৈ আহ্বান জনায়।
****
RK/AK/PS/PR/SB
(Release ID: 2178733)
Visitor Counter : 3