প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উচ্চতম ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে

ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন, ডিজিটেল আদালত ২.০ আৰু উচ্চতম ন্যায়ালয়ৰ নতুন ৱেবছাইট মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

Posted On: 27 JAN 2024 2:16PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জানুৱাৰীত দিনৰ ১২ বজাত উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপনৰ শুভাৰম্ভ কৰিব।

উচ্চতম ন্যায়ালয়ৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ডিজিটেল উচ্চতম ন্যায়ালয় প্ৰতিবেদন (ডিজিএছচিআৰ), ডিজিটেল আদালত ২.০ আৰু উচ্চতম ন্যায়ালয়ৰ নতুন ৱেবছাইটৰ দৰে নাগৰিককেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তি উদ্যোগ মুকলি কৰিব। এই উপলক্ষে তেওঁ উপস্থিত জনতাক সম্বোধন কৰিব।

ডিজিটেল ছুপ্ৰিম কোৰ্ট ৰিপৰ্ট (এছচিআৰ) ৰ জৰিয়তে দেশৰ নাগৰিকসকলে উচ্চতম ন্যায়ালয়ৰ ৰায়সমূহ বিনামূলীয়াকৈ আৰু বৈদ্যুতিন ৰূপত লাভ কৰিব। ডিজিটেল এছচিআৰৰ মুখ্য বৈশিষ্ট্য হ'ল ১৯৫০ চনৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ৰ ৩৬,৩০৮ টা গোচৰৰ ৫১৯ টা খণ্ড ডিজিটেল ফৰ্মেটত উপলব্ধ হ'ব।

ডিজিটেল ক'ৰ্টছ ২.০ এপ্লিকেশ্যন হৈছে ই-ক'ৰ্টছ প্ৰকল্পৰ অধীনত শেহতীয়াকৈ গ্ৰহণ কৰা এক পদক্ষেপ যিয়ে জিলা আদালতসমূহৰ ন্যায়াধীশসকলৰ বাবে আদালতৰ নথি-পত্ৰসমূহ ইলেক্ট্ৰনিক পদ্ধতিত উপলব্ধ কৰাব। ইয়াৰ লগতে কৃত্ৰিম বুদ্ধিমত্তা (এআই) ৰ ব্যৱহাৰৰ দ্বাৰা ভাষাক পাঠলৈ বাস্তৱ-সময়ৰ ভিত্তিত প্ৰতিলিপি কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ নতুন ৱেবছাইটো মুকলি কৰিব। নতুন ৱেবছাইটটো ইংৰাজী আৰু হিন্দী ভাষাত দ্বিভাষিক হ'ব আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ ইন্টাৰফেছৰ সৈতে ইয়াক পুনৰ ডিজাইন কৰা হৈছে। 

 

DS/LP/PM


(Release ID: 2178182) Visitor Counter : 14