প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বয়িং ইণ্ডিয়া ইঞ্জিনিয়াৰিং আৰু প্ৰযুক্তি কেন্দ্ৰ আৰু বয়িং সুকন্যা কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 19 JAN 2024 5:40PM by PIB Guwahati

কৰ্ণাটকৰ ৰাজ্যপাল শ্ৰী থাৱৰ সিং গেহলট জী, মুখ্যমন্ত্ৰী শ্ৰী সিদ্ধাৰামায়া জী, কৰ্ণাটক বিধানসভাৰ বিৰোধী নেতা আৰ. অশোক জী, বয়িং কোম্পানীৰ ভাৰতৰ চিঅ’অ’ ষ্টেফানি পোপ আৰু উপস্থিত অন্যান্য সহযোগী তথা পুৰুষ-মহিলাসকল!

বেংগালুৰুত বিদেশৰ পৰা অহা সকলো সন্মানীয় অতিথিক উষ্ম আদৰণি জনাইছোঁ। বেংগালুৰুৱে আকাংক্ষাক উদ্ভাৱন আৰু কৃতিত্বৰ সৈতে সংযোগ কৰে আৰু ভাৰতৰ প্ৰযুক্তিগত সম্ভাৱনাক বিশ্বৰ চাহিদাৰ সৈতে সংযোগ কৰে। বেংগালুৰুত বয়িঙৰ নতুন বিশ্ব প্ৰযুক্তি চৌহদৰ উদ্বোধনী অনুষ্ঠানে এই পৰিচয়ক শক্তিশালী কৰিবলৈ সাজু হৈছে। উল্লেখযোগ্য যে এই কেম্পাছটোৱে আমেৰিকাৰ বাহিৰৰ বয়িং কোম্পানীটোৰ সৰ্ববৃহৎ সুবিধা হিচাপে ধৰা দিছে, যিয়ে কেৱল ভাৰতকে নহয়, বিশ্ব বিমান বজাৰখনকো নতুন শক্তি প্ৰদান কৰিছে। কিন্তু বন্ধুসকল, এই সুবিধাৰ গুৰুত্ব ইয়াতে সীমাবদ্ধ নহয়। এই সুবিধাৰ তাৎপৰ্য্য ভাৰতৰ বৈশ্বিক প্ৰযুক্তিগত উন্নতি, গৱেষণা, উদ্ভাৱন, ডিজাইন, আৰু চাহিদাৰ পৰিচালনাৰ প্ৰতিশ্ৰুতিৰ সৈতে অনুৰণিত হয়। ই আমাৰ ‘মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড’ৰ সংকল্পক শক্তিশালী কৰে। তদুপৰি এই কেম্পাছ স্থাপনে ভাৰতৰ প্ৰতিভাৰ প্ৰতি বিশ্বৰ আস্থাক আলোকপাত কৰে। এয়া বিশ্বাসৰ উদযাপন কিয়নো আজি এই সুবিধাৰ জৰিয়তে এদিন ভাৰতে ‘ভৱিষ্যতৰ বিমান’ৰ ডিজাইন কৰিব। সেয়েহে সমগ্ৰ বয়িং পৰিচালনা আৰু সকলো অংশীদাৰলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো; আৰু আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনালোঁ।

বন্ধুসকল,

আজি কৰ্ণাটকৰ জনসাধাৰণৰ বাবেও এক গুৰুত্বপূৰ্ণ দিন। যোৱা বছৰ কৰ্ণাটকত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ নিৰ্মাণ কাৰখানা সম্পূৰ্ণ হৈছিল। এতিয়া তেওঁলোকেও এই বিশ্ব প্ৰযুক্তি চৌহদটো লাভ কৰিছে। ইয়াৰ পৰা কৰ্ণাটক কেনেকৈ বিমান পৰিবহণৰ প্ৰধান কেন্দ্ৰ হিচাপে বিকশিত হৈছে তাক চিত্ৰিত কৰা হৈছে। বিশেষকৈ ভাৰতৰ যুৱক-যুৱতীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ, কিয়নো এই সুবিধাই তেওঁলোকক বিমান পৰিবহণ খণ্ডত নতুন দক্ষতা আহৰণৰ অসংখ্য সুযোগ প্ৰদান কৰিব।

বন্ধুসকল,

আমাৰ প্ৰচেষ্টা হৈছে আজি দেশৰ প্ৰতিটো খণ্ডতে মহিলাৰ অংশগ্ৰহণক যত্ন লোৱা। জি-২০ শীৰ্ষ সন্মিলনৰ সময়ত আমাৰ এটা প্ৰস্তাৱৰ জৰিয়তে আমি বিশ্ববাসীক বুজাই দিছো যে মহিলা নেতৃত্বাধীন উন্নয়নৰ যুগ আহি পৰিছে। আমাৰ প্ৰচেষ্টা বিমান পৰিবহণ আৰু মহাকাশ খণ্ডত মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰালৈকে বিস্তৃত। যুঁজাৰু পাইলটৰ ক্ষমতাতেই হওক বা অসামৰিক বিমান পৰিবহণৰ ভিতৰতেই হওক, আজি ভাৰত মহিলা পাইলটৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰতে শীৰ্ষত। গৌৰৱেৰে ক’ব পাৰো যে ভাৰতৰ ১৫ শতাংশ পাইলট মহিলা, যিটো বিশ্বৰ গড়তকৈ তিনিগুণ বেছি৷ নতুনকৈ আৰম্ভ কৰা বয়িং সুকন্যা কাৰ্যসূচীয়ে ভাৰতৰ বিমান পৰিবহণ খণ্ডত আমাৰ কন্যাসকলৰ অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰিব। এই পদক্ষেপে পাইলট হোৱাৰ আকাংক্ষিত দুৰ্গম অঞ্চলৰ অৰ্থনৈতিকভাৱে বঞ্চিত পৰিয়ালৰ কন্যাসকলৰ সপোন বাস্তৱায়িত কৰিব। তদুপৰি দেশৰ অসংখ্য চৰকাৰী বিদ্যালয়ত উচ্চাকাংক্ষী পাইলটৰ বাবে কেৰিয়াৰ কোচিং আৰু উন্নয়নৰ সুবিধা স্থাপন কৰা হ’ব।

বন্ধুসকল,

যোৱা কেইমাহমানত আপুনি ভাৰতৰ চন্দ্ৰযানৰ অভূতপূৰ্ব সফলতাৰ সাক্ষী হৈছিল, যি স্থানত আজিলৈকে আন কোনো দেশে য়োৱাৰ সাহস কৰা নাছিল। এই সাফল্যই আমাৰ দেশৰ যুৱক-যুৱতীসকলৰ মাজত বৈজ্ঞানিক মনোভাৱক উন্নীত কৰিছে। ভাৰত ষ্টেম শিক্ষাৰ এক প্ৰধান কেন্দ্ৰ, য’ত যথেষ্ট সংখ্যক ছোৱালীয়ে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত অধ্যয়ন কৰে। এবাৰ বিদেশ ভ্ৰমণৰ সময়ত মই এটা কথা মনত পৰিছে যেতিয়া বিশ্বৰ এজন বিশিষ্ট নেতাই ভাৰতীয় কন্যাসকলৰ ষ্টেমৰ প্ৰতি আগ্ৰহৰ বিষয়ে সোধা-পোছা কৰিছিল। তেওঁৰ আচৰিত হ’বলৈ বাকী নাথাকিল যে মই শ্বেয়াৰ কৰিলোঁ যে আমাৰ ষ্টেম(STEM)ত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা অধিক। এই ক্ষেত্ৰত ভাৰতৰ কন্যাসকলৰ অপৰিসীম সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ সাজু হৈছে বয়িং সুকন্যা কাৰ্যসূচী। বন্ধুসকল, আপোনালোক সকলোৱে ভাৰতৰ বিমান বজাৰ হিচাপে উল্লেখযোগ্য বৃদ্ধি পৰ্যবেক্ষণ আৰু অধ্যয়ন কৰি ইয়াৰ বিকাশৰ পথত অনুসৰণ কৰি আহিছে। বিগত দশকত ভাৰতৰ বিমান বজাৰত যথেষ্ট পৰিৱৰ্তন ঘটিছে। বিমান খণ্ডৰ সৈতে জড়িত প্ৰতিজন অংশীদাৰ এতিয়া নতুনকৈ পোৱা উৎসাহেৰে ভৰি পৰিছে। প্ৰতিজন অংশীদাৰে ভাৰতত উৎপাদনৰ পৰা আৰম্ভ কৰি সেৱালৈকে নতুন সম্ভাৱনাৰ সন্ধান কৰি আছে। আজি ভাৰতে গৌৰৱেৰে বিশ্বজুৰি তৃতীয় বৃহত্তম ঘৰুৱা বিমান বজাৰ হিচাপে মুৰ দাঙি উঠিছে, এটা দশকত ঘৰুৱা যাত্ৰীৰ সংখ্যা দুগুণতকৈও অধিক হৈছে। এই পৰিৱৰ্তনত উড়ানৰ দৰে পদক্ষেপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া আগন্তুক কেইবছৰমানৰ ভিতৰত ঘৰুৱা যাত্ৰীৰ এই সংখ্যা আৰু অধিক বৃদ্ধি পাবলৈ গৈ আছে। বৰ্ধিত চাহিদাৰ লগে লগে ভাৰতীয় বিমান সংস্থাই শ শ নতুন বিমানৰ অৰ্ডাৰ দিছে, যাৰ ফলত ভাৰতে বিশ্বৰ বিমান বজাৰত নতুন শক্তিৰ প্ৰৱেশ ঘটাবলৈ প্ৰেৰণা যোগাইছে।

বন্ধুসকল, ভাৰতৰ বিমান পৰিবহণ খণ্ডৰ প্ৰতি আমাৰ সামূহিক উৎসাহ আজি স্পষ্ট হৈ পৰিছে। কিন্তু প্ৰশ্ন হয় – যোৱা ১০ বছৰত এনে কি পৰিৱৰ্তন হ’ল যিয়ে ভাৰতক বিশ্ব অসামৰিক বিমান পৰিবহন খণ্ডত ইমান উচ্চতালৈ আগুৱাই লৈ গ’ল? ইয়াৰ উত্তৰ আমাৰ নাগৰিকসকলৰ আকাংক্ষা আৰু জীৱন-যাপনৰ সহজতাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিত নিহিত হৈ আছে। এটা সময় আছিল যেতিয়া দুৰ্বল বায়ু সংযোগে আমাৰ বাবে এক উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল, আমাৰ সম্ভাৱনাক পৰিৱেশনলৈ ৰূপান্তৰিত কৰাত বাধাৰ সৃষ্টি কৰিছিল। এইদৰে আমি সংযোগ আন্তঃগাঁথনিত বিনিয়োগক অগ্ৰাধিকাৰ দিলোঁ, ভাৰতক বিশ্বৰ অন্যতম সুসংযুক্ত বজাৰলৈ ৰূপান্তৰিত কৰিলোঁ। ২০১৪ চনত ভাৰতত প্ৰায় ৭০টা কাৰ্যক্ষম বিমানবন্দৰ আছিল, যি সংখ্যা এতিয়া দুগুণ বৃদ্ধি পাই প্ৰায় ১৫০টা হৈছে।নতুন বিমানবন্দৰ নিৰ্মাণৰ বাহিৰেও আমি আমাৰ বৰ্তমানৰ বিমানবন্দৰসমূহৰ কাৰ্যক্ষমতা যথেষ্ট বৃদ্ধি কৰিছো।

বন্ধুসকল,

ভাৰতৰ বিমানবন্দৰৰ ক্ষমতা সম্প্ৰসাৰণৰ লগে লগে এয়াৰ কাৰ্গো খণ্ডই দ্ৰুতহাৰত বৃদ্ধি হৈছে। এই বৃদ্ধিয়ে ভাৰতৰ দুৰ্গম অঞ্চলৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ সামগ্ৰীৰ পৰিবহণ সহজ কৰি তুলিছে। দ্ৰুতগতিত বৃদ্ধি পোৱা বিমান পৰিবহণ খণ্ডই ভাৰতৰ সামগ্ৰিক বৃদ্ধিত অৰিহণা যোগোৱাই নহয়, কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো সহায় কৰিছে।

বন্ধুসকল,

বিমান পৰিবহণ খণ্ডৰ অবিৰত আৰু ত্বৰান্বিত বৃদ্ধি নিশ্চিত কৰিবলৈ ভাৰতে নীতিগত পৰ্যায়ত ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰি আছে। আমি ৰাজ্য চৰকাৰসমূহক বিমান ইন্ধনৰ সৈতে জড়িত কৰ হ্ৰাস কৰিবলৈ উৎসাহিত কৰিছো আৰু বিমান লিজিং ব্যৱস্থা সৰল কৰাৰ দিশত কাম কৰিছো। আমি ভাৰতৰ বিমান লিজিং আৰু বিত্তীয় সাহায্যৰ ওপৰত আনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বাবে চেষ্টা কৰিছো। সেয়ে গিফ্ট চিটীত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় সেৱা কেন্দ্ৰ কৰ্তৃপক্ষও প্ৰতিষ্ঠা কৰা হৈছে, যাৰ ফলত সমগ্ৰ দেশৰ বিমান পৰিবহণ খণ্ডই উপকৃত হৈছে।

বন্ধুসকল

লালকিল্লাৰ প্ৰাচীৰৰ পৰা মই ঘোষণা কৰিছিলোঁ – ‘এইটোৱেই সময়, এয়াই সঠিক সময়’। বয়িং আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহেও ভাৰতৰ দ্ৰুত অগ্ৰগতিৰ সৈতে তেওঁলোকৰ অগ্ৰগতি ধাৰা বজাই ৰখাৰ সুযোগ্য সময়। ১৪০ কোটি ভাৰতীয়ৰ দায়বদ্ধতা এতিয়া আগন্তুক ২৫ বছৰত এখন উন্নত ভাৰত গঢ়াত কেন্দ্ৰীভূত হৈছে। যোৱা ৯ বছৰত প্ৰায় ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা উলিয়াই আনি এক নব্য মধ্যবিত্ত শ্ৰেণী গঢ় দিয়া হৈছে। ভাৰতৰ সকলো আয় গোটতে উৰ্ধমুখী গতিশীলতা স্পষ্ট হৈ পৰিছে, আৰু দেশৰ পৰ্যটন খণ্ডটো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে, যিয়ে আপোনালোক সকলোৰে বাবে অসংখ্য নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে। এই সুযোগ সম্পূৰ্ণৰূপে গ্ৰহণ কৰক।

বন্ধুসকল,

ভাৰতত ইমান অপৰিসীম সম্ভাৱনা থকাৰ বাবে আমি বিমান নিৰ্মাণৰ পৰিস্থিতিতন্ত্ৰ ক্ষীপ্ৰতাৰে প্ৰতিষ্ঠা কৰিব লাগিব। ভাৰতে এমএছএমইৰ এক শক্তিশালী নেটৱৰ্ক আৰু বিশাল প্ৰতিভাৰ পুলৰ গৌৰৱ কৰে। সুস্থিৰ চৰকাৰ আৰু ‘মেক ইন ইণ্ডিয়া’ক উৎসাহিত কৰা নীতিগত দৃষ্টিভংগীৰ সৈতে সংযুক্ত হৈ ই প্ৰতিটো খণ্ডৰ বাবে নতুন সুয়োগৰ সৃষ্টি কৰে। মই বিশ্বাস কৰোঁ যে ভাৰতত বয়িঙৰ প্ৰথমখন সম্পূৰ্ণ ডিজাইন আৰু নিৰ্মিত বিমানৰ বাবে ৰাইজে বেছি সময় অপেক্ষা কৰিব নালাগিব। মোৰ বিশ্বাস যে ভাৰতৰ আকাংক্ষা আৰু আপোনালোকৰ সম্প্ৰসাৰণ এক শক্তিশালী অংশীদাৰিত্ব হিচাপে আত্মপ্ৰকাশ কৰিব। এই নতুন সুবিধাৰ বাবে আপোনালোক সকলোলৈ, বিশেষকৈ 'দিব্যাংগজন' (বিশেষভাৱে সক্ষম)ৰ বাবে কৰা প্ৰশংসনীয় কামৰ বাবে পুনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰাইজৰ লগত কৰা মত বিনিময়ক মই কেৱল এটা ব্যৱস্থা হিচাপে নলও, তাত এক ‘আৱেগিক স্পৰ্শ’ও অনুভৱ কৰোঁ। বয়িং দলৰ প্ৰত্যয় অবিহনে আৱেগিক স্পৰ্শ সম্ভৱ নহয়। বিশেষকৈ বয়িং দলটোক ইয়াৰ বাবে অভিনন্দন জনাইছো। আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ।

***

DS/VJ/IG/AK/DB


(Release ID: 2178146) Visitor Counter : 4