প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

১৯ জানুৱাৰীত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে চেন্নাইত খেলো ইণ্ডিয়া যুথ গেমছ. ২০২৩ৰ উদ্বোধনী অনুষ্ঠান শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে ডিডি তামিল হিচাপে নৱীকৃত ডিডি পোধিগাই চেনেল মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে; লগতে দেশৰ সম্প্ৰচাৰ খণ্ড শক্তিশালী কৰাৰ বাবে ২৫০ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব

বেংগালুৰুৰ নতুন অত্যাধুনিক বয়িং ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি চেণ্টাৰৰ চৌহদ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে- আমেৰিকাৰ বাহিৰত বয়িঙৰ এয়া সৰ্ববৃহৎ বিনিয়োগ

মহাৰাষ্ট্ৰত ২০০০ কোটি টকাৰ ৮টা আমৰুট প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 17 JAN 2024 8:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ জানুৱাৰীত মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু তামিলনাডু ভ্ৰমণ কৰিব। পুৱা প্ৰায় ১০:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ সোলাপুৰত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। দুপৰীয়া প্ৰায় ২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ বেংগালুৰুত বয়িং ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি চেণ্টাৰৰ চৌহদ উদ্বোধন কৰাৰ লগতে বয়িং সুকন্যা কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। ইয়াৰ পিছত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছ, ২০২৩ৰ মুকলি সভাত অংশগ্ৰহণ কৰিব।

সোলাপুৰত প্ৰধানমন্ত্ৰী

সোলাপুৰত ৰাজহুৱা কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰত ২০০০ কোটি টকাৰ ৮টা আমৰুট (অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী আৱাস(নগৰীয়া)যোজনাৰ অধীনত সম্পূৰ্ণ হোৱা ৯০ হাজাৰৰো অধিক ঘৰ উচৰ্গা কৰিব। তদুপৰি তেওঁ সোলাপুৰৰ সত্যনগৰ হাউছিং ছ’চাইটিৰ ১৫ হাজাৰ আৱাসো উৎসৰ্গা কৰিব। ইয়াৰ হিতাধিকাৰীসকলৰ ভিতৰত হাজাৰ হাজাৰ হস্ততাঁত শিপিনী, বিক্ৰেতা, পাৱাৰলুম শ্ৰমিক, ৰেগ পিকাৰ, হাজিৰা শ্ৰমিক, চালক আদি আছে।

 

তদুপৰি, প্ৰধানমন্ত্ৰীয়ে কাৰ্যসূচীৰ সময়ত মহাৰাষ্ট্ৰৰ পিএম স্বনিধিৰ ১০ হাজাৰ হিতাধিকাৰীক প্ৰথম আৰু দ্বিতীয় কিস্তি বিতৰণ কৰিব।

বেংগালুৰুত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে বেংগালুৰুৰ নতুন অত্যাধুনিক বয়িং ইণ্ডিয়া ইঞ্জিনিয়াৰিং এণ্ড টেকন’লজি চেণ্টাৰ (বিআইইটিচি) চৌহদ উদ্বোধন কৰিব। এই চৌহদ ১৬০০ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে।  এই ৪৩ একৰ চৌহদটো আমেৰিকাৰ বাহিৰত বয়িঙৰ এয়া সৰ্ববৃহৎ বিনিয়োগ। ভাৰতত বয়িঙৰ নতুন চৌহদ ভাৰতৰ সজীৱ ষ্টাৰ্টআপ, ব্যক্তিগত আৰু চৰকাৰী পৰিস্থিতিতন্ত্ৰৰ সৈতে অংশীদাৰিত্বৰ মূল আধাৰ হৈ পৰিব আৰু ই বিশ্ব মহাকাশ আৰু প্ৰতিৰক্ষা উদ্যোগৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা বিকশিত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ক্ৰমবৰ্ধমান বিমান পৰিবহণ খণ্ডত সমগ্ৰ ভাৰতৰ পৰা অধিক তৰুণী প্ৰৱেশত সহায় কৰাৰ লক্ষ্যৰে বয়িং সুকন্যা কাৰ্যসূচীও আৰম্ভ কৰিব। এই কাৰ্যসূচীয়ে সমগ্ৰ ভাৰতৰ ছোৱালী আৰু মহিলাসকলক বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিত (ষ্টেম) ক্ষেত্ৰৰ জটিল দক্ষতা অৰ্জন কৰিবলৈ আৰু বিমান পৰিবহণ খণ্ডত চাকৰিৰ বাবে প্ৰশিক্ষণ ল’বলৈ সুযোগ প্ৰদান কৰিব। তৰুণীসকলৰ বাবে এই কাৰ্যসূচীয়ে ১৫০টা পৰিকল্পিত স্থানত ষ্টেম লেব গঢ় দিব যাতে ষ্টেম কেৰিয়াৰৰ প্ৰতি আগ্ৰহ জগাই তোলাত সহায় কৰে। এই কাৰ্যসূচীত পাইলট হিচাপে প্ৰশিক্ষণ লোৱা মহিলাসকলকো বৃত্তি প্ৰদান কৰা হ’ব।

খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৩ত প্ৰধানমন্ত্ৰী

তৃণমূল পৰ্যায়ৰ ক্ৰীড়া বিকাশ আৰু উদীয়মান ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য দায়বদ্ধতাৰ ফলত খেলো ইণ্ডিয়া যুৱ গেমছৰ আৰম্ভণি হয়। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৩ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী। এইবাৰ দক্ষিণ ভাৰতত অনুষ্ঠিত হৈছে খেলো ইণ্ডিয়া য়ুথ গেমছ। ২০২৪ চনৰ ১৯ৰ পৰা ৩১ জানুৱাৰীলৈ তামিলনাডুৰ চাৰিখন চহৰ ক্ৰমে চেন্নাই, মাদুৰাই, ত্ৰিচি আৰু কইম্বাটুৰত অনুষ্ঠিত হ’ব এই গেমছ।

এই খেলৰ শুভংকৰ হৈছে বীৰা মংগাই। মৰমৰে বীৰা মংগাই নামেৰে নামকৰণ কৰা ৰাণী ভেলু নাচিয়াৰ আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুদ্ধ চলোৱা ভাৰতীয় ৰাণী। এই শুভংকৰ ভাৰতীয় নাৰীৰ শৌৰ্য্য আৰু মনোভাৱৰ প্ৰতীক। ইয়াৰ জৰিয়তে নাৰী শক্তিৰ শক্তিক মূৰ্ত কৰি তোলা। খেলসমূহৰ বাবে ল’গ’ত কবি থিৰুভাল্লুভাৰৰ আকৃতি সন্নিবিষ্ট কৰা হৈছে।

২৬টা ক্ৰীড়া শাখা, ২৭৫টাতকৈও অধিক প্ৰতিযোগিতামূলক ইভেণ্ট আৰু এটা প্ৰদৰ্শনীমূলক ক্ৰীড়াৰ সৈতে ১৫টা স্থানত ১৩ দিনত বিস্তৃত খেলো ইণ্ডিয়া য়ুথ গেমছৰ এই সংস্কৰণত ৫৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ২৬টা ক্ৰীড়া শাখাত গতানুগতিক ক্ৰীড়া যেনে-ফুটবল, ভলীবল, বেডমিণ্টন ইত্যাদি আৰু পৰম্পৰাগত ক্ৰীড়া যেনে কলাৰিপায়াট্টু, গাটকা, থাং টা, কাবাডী আৰু যোগাসন আদি অন্তৰ্ভূক্ত কৰা হৈছে। খেলো ইণ্ডিয়া য়ুথ গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তামিলনাডুৰ পৰম্পৰাগত ক্ৰীড়া চিলাম্বামক প্ৰদৰ্শনী ক্ৰী়ড়া হিচাপে প্ৰৱৰ্তন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰচাৰ খণ্ডৰ সৈতে জড়িত প্ৰায় ২৫০ কোটি টকাৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত ডিডি তামিল হিচাপে নতুনকৈ নিৰ্মাণ কৰা ডিডি পধিগাই চেনেল শুভাৰম্ভ; ৮ খন ৰাজ্যত ১২টা আকাশবাণী এফএম প্ৰকল্প; আৰু জম্মু-কাশ্মীৰত ৪টা ডিডি ট্ৰেন্সমিটাৰ প্ৰকল্প আছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ১২খন ৰাজ্যত ২৬টা নতুন এফএম ট্ৰেন্সমিটাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

***

DS/LP/DB


(रिलीज़ आईडी: 2178140) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam