প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৩ৰ উদ্বোধনী অনুষ্ঠান মুকলি প্ৰধানমন্ত্ৰীৰ

প্ৰায় ২৫০ কোটি টকাৰ সম্প্ৰচাৰ খণ্ডৰ সৈতে জড়িত প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন
“খেলো ইণ্ডিয়া য়ুথ গেমছ চেন্নাইৰ মনোমোহা চহৰত অনুষ্ঠিত হোৱাটো অতি আনন্দৰ বিষয়”
“খেলো ইণ্ডিয়া গেমছ–২০২৪ চন আৰম্ভ কৰাৰ এক সুন্দৰ উপায়”
“তামিলনাডু এনে এখন ভূমি যিয়ে চেম্পিয়ন গঢ় দিয়ে”
“ভাৰতক শীৰ্ষ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে বিশাল ক্ৰীড়া ইভেণ্টৰ আয়োজন অতি গুৰুত্বপূৰ্ণ”
‘বীৰা মংগাই ভেলু নাচিয়াৰ নাৰী শক্তিৰ প্ৰতীক। আজি তেওঁৰ ব্যক্তিত্ব চৰকাৰৰ বহু সিদ্ধান্তত প্ৰতিফলিত হৈছে”
“যোৱা ১০ বছৰত চৰকাৰে সংস্কাৰ কৰিলে, খেলুৱৈসকলে প্ৰদৰ্শন কৰিলে আৰু সমগ্ৰ ক্ৰীড়া ব্যৱস্থা ভাৰতত ৰূপান্তৰিত হ’ল”

Posted On: 19 JAN 2024 8:10PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত খেলো ইণ্ডিয়া য়ুথ গেমছ, ২০২৩ৰ উদ্বোধনী অনুষ্ঠান মুকলি কৰে। শ্ৰী মোদীয়ে প্ৰায় ২৫০ কোটি টকাৰ সম্প্ৰচাৰ খণ্ডৰ সৈতে জড়িত প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰে। তেওঁ সাংস্কৃতিক অনুষ্ঠানো প্ৰত্যক্ষ কৰে৷ খেলো ইণ্ডিয়া যুৱ গেমছৰ উদ্বোধনী অনুষ্ঠানত দুজন খেলুৱৈৰ হাতত দিয়া গেমছৰ শিখা কলহত ৰাখে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ত্ৰয়োদশ খেলো ইণ্ডিয়া গেমছলৈ সকলোকে আদৰণি জনাই ২০২৪ বৰ্ষৰ আৰম্ভণিৰ এক সুন্দৰ উপায় বুলি কয়।এই উপলক্ষে সমবেত হোৱা জনসাধাৰণে এটা যুৱ ভাৰতক প্ৰতিনিধিত্ব কৰে, যি নতুন ভাৰতৰ শক্তি আৰু ক্ৰীড়াৰ জগতখনত নতুন উচ্চতালৈ লৈ গৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চেন্নাইত উপস্থিত হোৱা সকলো খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। “একেলগে আপোনালোকে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত মনোভাৱ প্ৰদৰ্শন কৰে”, বুলি উল্লেখ কৰি তেওঁ কয় যে তামিলনাডুৰ জনসাধাৰণ, সুন্দৰ তামিল ভাষা, ইয়াৰ সংস্কৃতি আৰু খাদ্যৰ দ্বাৰা খেলুৱৈসকলক ঘৰুৱা পৰিৱেশৰ অনুভৱ কৰাব। তেওঁ আস্থা প্ৰকাশ কৰে যে তামিলনাডুৰ আতিথ্যই সকলোৰে হৃদয় জয় কৰিব আৰু খেলো ইণ্ডিয়া য়ুথ গেমছে দক্ষতা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰিব। “ইয়াত গঢ় লৈ উঠা নতুন বন্ধুত্বও আজীৱন থাকিব”, তেওঁ লগতে কয়।

উদ্বোধন হোৱা আৰু আজি আধাৰশিলা স্থাপন কৰা দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ১৯৭৫ চনত সম্প্ৰচাৰ আৰম্ভ হোৱা চেন্নাই কেন্দ্ৰই আজি এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে। ৮খন ৰাজ্যৰ ১২টা আকাশবাণী এফ এম প্ৰকল্পই ১.৫ কোটি লোকক সামৰি ল’ব।

ভাৰতৰ ক্ৰীড়াৰ ক্ষেত্ৰত তামিলনাডুৰ অৱদানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই চেম্পিয়ন গঢ় দিয়া এখন ভূমি। টেনিছ চেম্পিয়ন অমৃতৰাজ ব্ৰাদাৰ্ছ, অলিম্পিকত ভাৰতক স্বৰ্ণ পদক লাভ কৰা ভাৰতৰ হকী অধিনায়ক ভাস্কৰন, দবা খেলুৱৈ বিশ্বনাথন আনন্দ, প্ৰাগনানন্দা আৰু পেৰালিম্পিক চেম্পিয়ন মৰিয়প্পনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে সকলো খেলুৱৈয়ে তামিলনাডুৰ ভূমিৰ পৰা প্ৰেৰণা লাভ কৰিব৷

প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ বাবে এক্সপ’জাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে আৰু তাৰ বাবে দেশত বৃহৎ ক্ৰীড়া অনুষ্ঠান অনুষ্ঠিত কৰাৰ উপযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে কয় যে খেলো ইণ্ডিয়া অভিযানে এই বিশাল ইভেণ্টসমূহত অংশগ্ৰহণ কৰা তৃণমূল পৰ্যায়ত প্ৰতিভা বিচাৰি উলিওৱাৰ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে খেলো ইণ্ডিয়াৰ ১২খন খেল, খেলো ইণ্ডিয়া য়ুথ গেমছ, খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ, খেলো ইণ্ডিয়া শীতকালীন গেমছ আৰু খেলো ইণ্ডিয়া পেৰা গেমছক খেল আৰু প্ৰতিভা বিচাৰি উলিওৱাৰ মহান সুযোগ হিচাপে উল্লেখ কৰে। তেওঁ কয় যে এতিয়া তামিলনাডু, চেন্নাই, ত্ৰিচি, মাদুৰাই আৰু কইম্বাটুৰৰ চাৰিখন মহান চহৰ খেলুৱৈসকলক আতিথ্য দিবলৈ সাজু হৈছে। “এজন অংশগ্ৰহণকাৰীয়েই হওক বা দৰ্শকেই হওক, চেন্নাইৰ মনোমোহা বিলসমূহে সকলোকে আকৰ্ষণ কৰিব”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মাদুৰাইৰ বিশাল মন্দিৰ, ত্ৰিচিৰ মন্দিৰ আৰু ইয়াৰ শিল্প আৰু শিল্পকৰ্ম আৰু কঠোৰ পৰিশ্ৰমী চহৰ কইম্বাটুৰৰ আভাৰ কথাও উল্লেখ কৰি কয় যে তামিলনাডুৰ প্ৰতিখন চহৰৰ অভিজ্ঞতা অবিস্মৰণীয়।

খেলো ইণ্ডিয়া য়ুথ গেমছত ভাৰতৰ ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো খেলুৱৈৰ অংশগ্ৰহণ সাক্ষী হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জনায়। “খেলো ইণ্ডিয়া যুৱ গেমছৰ সময়ত ৫ হাজাৰৰো অধিক খেলুৱৈৰ মাজত প্ৰতিযোগিতাৰ পৰিৱেশ অভিজ্ঞতাৰ যোগ্য হ’ব”, প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া গেমছত অন্তৰ্ভুক্ত হোৱা আৰ্চাৰী, এথলেটিকছ, বেডমিণ্টন আৰু স্কোৱাছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় অন্যান্য ক্ৰীড়াৰ লগতে তামিলনাডুৰ চিলাম্বম খেলো ইয়াত অন্তৰ্ভূক্ত কৰা হৈছে৷“খেলো ইণ্ডিয়া য়ুথ গেমছে সকলো খেলুৱৈৰ সংকল্প, দায়বদ্ধতা আৰু বিশ্বাসক একত্ৰিত কৰিব আৰু দেশত তেওঁলোকৰ নিষ্ঠা, আত্মবিশ্বাস, কেতিয়াও হাৰ নমনা মনোভাৱ আৰু অসাধাৰণ প্ৰদৰ্শনৰ প্ৰতি আকৰ্ষণৰ সাক্ষী হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে সন্ত থিৰুভাল্লুভাৰক স্মৰণ কৰি কয় যে তেওঁৰ লেখাৰ জৰিয়তে সন্ত থিৰুৱল্লুভাৰে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰি তেওঁলোকক মাৰ্গদৰ্শন কৰিছিল। মহান সন্তজনৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতিকূলতাত সবল হৈ থকাৰ শিক্ষাৰ কথা উল্লেখ কৰে। খেলো ইণ্ডিয়া লগ’ৱেও তেওঁৰ প্ৰতিচ্ছবি কঢ়িয়াই লৈ ফুৰে। প্ৰধানমন্ত্ৰীয়ে বীৰা মংগাই ভেলু নাচিয়াৰক এই সংস্কৰণৰ খেলৰ শুভংকৰ হোৱাত সুখ প্ৰকাশ কৰি কয় যে “বাস্তৱ জীৱনৰ ব্যক্তিত্বক শুভংকৰ হিচাপে বাছনি কৰাটো অভূতপূৰ্ব। বীৰা মংগাই ভেলু নাচিয়াৰ নাৰী শক্তিৰ প্ৰতীক। আজি তেওঁৰ ব্যক্তিত্ব চৰকাৰৰ বহু সিদ্ধান্তত প্ৰতিফলিত হৈছে। তেওঁৰ প্ৰেৰণাত চৰকাৰে ক্ৰীড়া মহিলা সবলীকৰণৰ বাবে অহৰহ কাম কৰি আছে। তেওঁ ২০টা ক্ৰীড়াৰ ওপৰত মহিলা লীগ আৰু ‘দচ কা ডাম’ৰ দৰে পদক্ষেপক মহিলা খেলুৱৈৰ ক্ৰীড়া দক্ষতা প্ৰদৰ্শনৰ সুযোগ হিচাপে উল্লেখ কৰে।

২০১৪ চনৰ পিছৰ ক্ৰীড়াত ভাৰতৰ শেহতীয়া সফলতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক গেমছত ভাৰতৰ সৰ্বোত্তম প্ৰদৰ্শন, এছিয়ান গেমছ আৰু পেৰা গেমছত ঐতিহাসিক প্ৰদৰ্শন, বিশ্ববিদ্যালয় গেমছত পদক লাভৰ নতুন অভিলেখৰ কথা উল্লেখ কৰে। এয়া এক নিশাৰ ভিতৰতে লাভ কৰা সফলতা নহয় আৰু পূৰ্বতেও খেলুৱৈসকল আবেগিক আছিল বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০ বছৰত তেওঁলোকে চৰকাৰৰ পৰা উৎসাহ আৰু সমৰ্থন লাভ কৰিছে। “বিগত ১০ বছৰত ভাৰতত চৰকাৰে সংস্কাৰ কৰিলে, খেলুৱৈসকলে প্ৰদৰ্শন কৰিলে আৰু সমগ্ৰ ক্ৰীড়া ব্যৱস্থাৰ ৰূপান্তৰ ঘটিল”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ দেশৰ হাজাৰ হাজাৰ খেলুৱৈক মাহিলী ৫০,০০০ টকাৰ সহায় আগবঢ়োৱা খেলো ইণ্ডিয়া অভিযান আৰু ২০১৪ চনত আৰম্ভ হোৱা টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনি (TOPS) পদক্ষেপৰ কথা উল্লেখ কৰে যিয়ে শীৰ্ষ খেলুৱৈসকলৰ বাবে প্ৰশিক্ষণ, আন্তঃৰাষ্ট্ৰীয় পৰিচয় আৰু বৃহৎ ক্ৰীড়া অনুষ্ঠানত অংশগ্ৰহণ নিশ্চিত কৰে। তেওঁ কয়, ‘এই বছৰ অনুষ্ঠিত হ’বলগীয়া পেৰিছ অলিম্পিক আৰু ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকৰ ওপৰত ভাৰতৰ দৃষ্টি ৰাখি ট’পছৰ পদক্ষেপৰ অধীনত খেলুৱৈসকলক সকলো ধৰণৰ সাহায্য প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় “আজি আমি যুৱক-যুৱতীসকল ক্ৰীড়ালৈ অহাৰ বাবে অপেক্ষা কৰা নাই, আমি ক্ৰীড়াক যুৱক-যুৱতীৰ ওচৰলৈ লৈ গৈছো”। তেওঁ আলোকপাত কৰে যে খেলো ইণ্ডিয়াৰ দৰে অভিযানে গ্ৰাম্য, দৰিদ্ৰ, জনজাতীয় আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ যুৱক-যুৱতীসকলৰ সপোন বাস্তৱায়িত কৰিছে। লোকেল ফৰ ভ’কেল মন্ত্ৰৰ অংশ হিচাপে স্থানীয় প্ৰতিভা প্ৰদৰ্শনকে ধৰি প্ৰধানমন্ত্ৰীয়ে স্থানীয় প্ৰতিভাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰকাশৰ বাবে কৰা প্ৰচেষ্টা পুনৰবাৰ উল্লেখ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে বিগত ১০ বছৰত ভাৰতত বহু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আয়োজন কৰা হৈছে। শেহতীয়াকৈ দিউত অনুষ্ঠিত হোৱা বীচ গেমছৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে য’ত ৮টা পৰম্পৰাগত ভাৰতীয় ক্ৰীড়া প্ৰদৰ্শন কৰা হৈছিল তাত ১৬০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল, সেই খেলসমূহে উপকূলীয় চহৰসমূহক যথেষ্ট উপকৃত কৰিব কাৰণ এই খেলসমূহে বীচ গেমছ আৰু ক্ৰীড়া পৰ্যটনৰ এক নতুন যুগ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ যুৱ খেলুৱৈ আৰু দেশখনক বিশ্ব ক্ৰীড়া পৰিস্থিতিতন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰিচয় প্ৰদানৰ চৰকাৰৰ সংকল্পৰ ওপৰত আলোকপাত কৰে। সেয়েহে প্ৰধানমন্ত্ৰীয়ে কয়, “আমি ২০২৯ চনত যুৱ অলিম্পিক আৰু ২০৩৬ চনত ভাৰতত অলিম্পিক গেমছ আয়োজন কৰাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছো।” ক্ৰীড়া কেৱল খেলপথাৰতে সীমাবদ্ধ নহয় বৰঞ্চ ই নিজৰ বাবেই এক বিশাল অৰ্থনীতি যিয়ে যুৱক-যুৱতীসকলৰ বাবে বহু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰা বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ নিশ্চয়তা পুনৰবাৰ উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে বিগত ১০ বছৰত ক্ৰীড়া অৰ্থনীতিৰ অংশ বৃদ্ধি আৰু ক্ৰীড়া সম্পৰ্কীয় খণ্ডসমূহৰ উন্নয়নৰ বাবে চৰকাৰে সকলো প্ৰচেষ্টা চলাই আহিছে। তেওঁ ক্ৰীড়া পেছাদাৰীসকলক লালন-পালন কৰিবলৈ দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে দেশত ক্ৰীড়া সঁজুলি নিৰ্মাণ আৰু সেৱাৰ পৰিস্থিতিতন্ত্ৰৰ গঢ় দিয়াৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ক্ৰীড়া বিজ্ঞান, উদ্ভাৱন, উৎপাদন, ক্ৰীড়া প্ৰশিক্ষক, ক্ৰীড়া মনোবিজ্ঞান, ক্ৰীড়া পুষ্টিৰ সৈতে জড়িত পেছাদাৰীসকলক চৰকাৰে এখন মঞ্চ প্ৰদান কৰি আছে। তেওঁ বিগত বছৰবোৰত ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ৰ সৃষ্টি, খেলো ইণ্ডিয়া অভিযানৰ অধীনত দেশত ৩০০ৰো অধিক প্ৰতিষ্ঠিত একাডেমী, ১০০০ খেলো ইণ্ডিয়া কেন্দ্ৰ আৰু ৩০টাতকৈও অধিক উৎকৃষ্টতাৰ কেন্দ্ৰৰ কথা উল্লেখ কৰে। দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিত প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ক্ৰীড়াক মূল পাঠ্যক্ৰমৰ অংশ হিচাপে গঢ়ি তোলা হৈছে যিয়ে ক্ৰীড়াক শৈশৱতে কেৰিয়াৰ হিচাপে বাছনি কৰাৰ সজাগতা সৃষ্টি কৰাত সহায় কৰে।

ভাৰতৰ ক্ৰীড়া উদ্যোগ এক লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ আশা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ক্ৰীড়া সম্পৰ্কে নতুন সজাগতা আৰু সম্প্ৰচাৰ, ক্ৰীড়া সামগ্ৰী, ক্ৰীড়া পৰ্যটন আৰু ক্ৰীড়া পোছাক ব্যৱসায়ৰ বৃদ্ধিৰ কথা উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে দেশৰ বিভিন্ন প্ৰান্তত ক্ৰীড়া সঁজুলিৰ বাবে উৎপাদন ক্লাষ্টাৰ গঢ় দিয়াটো চৰকাৰৰ প্ৰচেষ্টা।

প্ৰধানমন্ত্ৰীয়ে কয় যে খেলো ইণ্ডিয়াৰ অধীনত যি ক্ৰীড়া আন্তঃগাঁথনি সৃষ্টি হৈছে সেয়া কৰ্মসংস্থাপনৰ এক বৃহৎ উৎস হৈ পৰিছে। তেওঁ কয় যে বিভিন্ন ক্ৰীড়া লীগেও নতুন চাকৰিৰ সৃষ্টি কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, ‘আজি আমাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ যুৱক-যুৱতীসকলৰ বাবে যিসকলে ক্ৰীড়া সম্পৰ্কীয় খণ্ডত নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে, তেওঁলোকৰ উন্নত ভৱিষ্যতো মোদীৰ গেৰাণ্টী।

“ভাৰত কেৱল ক্ৰীড়াতে নহয়, প্ৰতিটো খণ্ডতে আগবাঢ়ি গৈছে৷”, নতুন ভাৰতে পুৰণি অভিলেখ ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিবলৈ আৰম্ভ কৰা বুলি গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ভাৰতৰ যুৱক-যুৱতীসকলৰ সম্ভাৱনা, ইয়াৰ বিশ্বাস, দৃঢ়তা, মানসিক শক্তি আৰু জয়ৰ ইচ্ছাৰ ওপৰত বিশ্বাস প্ৰকাশ কৰে। তেওঁ কয় যে আজিৰ ভাৰতে বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি সেই লক্ষ্যত উপনীত হ’ব পাৰে। তেওঁ আস্থা প্ৰকাশ কৰে যে এই বছৰত নতুন অভিলেখ সৃষ্টি আৰু দেশ আৰু বিশ্বৰ বাবে নতুন কৃতিত্বৰ চিন স্বৰূপ হ’ব। ‘আপোনালোক আগবাঢ়িব লাগিব কাৰণ ভাৰত আপোনালোকৰ লগত আগবাঢ়ি যাব। একত্ৰিত হওক, জয়ী হওক আৰু দেশক জয়ী কৰক। খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৩ মুকলি ঘোষণা কৰিছো”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

এই উপলক্ষে অনুষ্ঠানত তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, মুখ্যমন্ত্ৰী  শ্ৰী এম কে ষ্টেলিন, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ এল মুৰুগান আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী নিশিথ প্ৰামানিকৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

তৃণমূল পৰ্যায়ৰ ক্ৰীড়া বিকাশ আৰু উদীয়মান ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য দায়বদ্ধতাৰ ফলত খেলো ইণ্ডিয়া যুৱ গেমছৰ আৰম্ভণি হয়। চেন্নাইৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ষষ্ঠ খেলো ইণ্ডিয়া য়ুথ গেমছ ২০২৩ৰ মুকলি সভাত মুখ্য অতিথি হিচাপে প্ৰধানমন্ত্ৰী উপস্থিত থাকে। এইবাৰ দক্ষিণ ভাৰতত অনুষ্ঠিত হৈছে খেলো ইণ্ডিয়া য়ুথ গেমছ। ২০২৪ চনৰ ১৯ৰ পৰা ৩১ জানুৱাৰীলৈ তামিলনাডুৰ চাৰিখন চহৰ ক্ৰমে চেন্নাই, মাদুৰাই, ত্ৰিচি আৰু কইম্বাটুৰত অনুষ্ঠিত হ’ব এই গেমছ।

এই খেলৰ শুভংকৰ হৈছে বীৰা মংগাই। মৰমৰে বীৰা মংগাই নামেৰে নামকৰণ কৰা ৰাণী ভেলু নাচিয়াৰ আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে যুদ্ধ চলোৱা ভাৰতীয় ৰাণী। এই শুভংকৰ ভাৰতীয় নাৰীৰ শৌৰ্য্য আৰু মনোভাৱৰ প্ৰতীক। ইয়াৰ জৰিয়তে নাৰী শক্তিৰ শক্তিক মূৰ্ত কৰি তোলা। খেলসমূহৰ বাবে ল’গ’ত কবি থিৰুভাল্লুভাৰৰ আকৃতি সন্নিবিষ্ট কৰা হৈছে।

২৬টা ক্ৰীড়া শাখা, ২৭৫টাতকৈও অধিক প্ৰতিযোগিতামূলক ইভেণ্ট আৰু এটা প্ৰদৰ্শনীমূলক ক্ৰীড়াৰ সৈতে ১৫টা স্থানত ১৩ দিনত বিস্তৃত খেলো ইণ্ডিয়া য়ুথ গেমছৰ এই সংস্কৰণত ৫৬০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ২৬টা ক্ৰীড়া শাখাত গতানুগতিক ক্ৰীড়া যেনে-ফুটবল, ভলীবল, বেডমিণ্টন ইত্যাদি আৰু পৰম্পৰাগত ক্ৰীড়া যেনে কলাৰিপায়াট্টু, গাটকা, থাং টা, কাবাডী আৰু যোগাসন আদি অন্তৰ্ভূক্ত কৰা হৈছে। খেলো ইণ্ডিয়া য়ুথ গেমছৰ ইতিহাসত প্ৰথমবাৰৰ বাবে তামিলনাডুৰ পৰম্পৰাগত ক্ৰীড়া চিলাম্বামক প্ৰদৰ্শনী ক্ৰী়ড়া হিচাপে প্ৰৱৰ্তন কৰা হৈছে।

উদ্বোধনী অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সম্প্ৰচাৰ খণ্ডৰ সৈতে জড়িত প্ৰায় ২৫০ কোটি টকাৰ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ ভিতৰত ডিডি তামিল হিচাপে নতুনকৈ নিৰ্মাণ কৰা ডিডি পধিগাই চেনেল শুভাৰম্ভ; ৮ খন ৰাজ্যত ১২টা আকাশবাণী এফএম প্ৰকল্প; আৰু জম্মু-কাশ্মীৰত ৪টা ডিডি ট্ৰেন্সমিটাৰ প্ৰকল্প আছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ১২খন ৰাজ্যত ২৬টা নতুন এফএম ট্ৰেন্সমিটাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব।

***

DS/TS/DB


(Release ID: 2178138) Visitor Counter : 8