মৎস্য, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ অধীনত স্থানীয় পৰ্যায়ত পশু স্বাস্থ্যৰ বিষয়ত অভিযান আৰম্ভ হ'ব: প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী
উত্তৰ-পূবে লাভ কৰিছে প্ৰথম লাইভষ্টক আইভিএফ লেব; অন্ধ্ৰ প্ৰদেশত আধাৰশিলা স্থাপন কৰা হৈছে সংহত দুগ্ধ আৰু পশু খাদ্য উদ্যোগৰ
Posted On:
12 OCT 2025 12:26PM by PIB Guwahati
ভাৰতৰ পশুধন আৰু দুগ্ধ খণ্ডক গতি প্ৰদান কৰি ৯৪৭ কোটি টকাৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু ২০২৫ চনৰ ১১ অক্টোবৰত নতুন দিল্লীত ২১৯ কোটি টকাৰ অতিৰিক্ত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে । কৃষি আৰু ইয়াৰ সৈতে জড়িত খণ্ডৰ বিনিয়োগৰ বৃহত্তৰ পেকেজৰ অংশ হিচাপে গ্ৰহণ কৰা এই পদক্ষেপসমূহ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰে।
এই প্ৰকল্পসমূহ দুখন প্ৰধান কৃষি আঁচনি — প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি আঁচনি (পিএম-ডিডিকেৱাই) আৰু মাহজাতীয় শস্যত আত্মনিৰ্ভৰ অভিযান ( মিছন ফৰ আত্মনিৰ্ভৰ ইন পালছেছ) ৰ দৰে পদক্ষেপ আৰম্ভ কৰাৰ সমান্তৰালভাৱে গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি তথা কৃষি সংযুক্ত খণ্ডসমূহত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ লক্ষ্যক আগুৱাই নিয়াৰ কথাক প্ৰতিফলিত কৰিছে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী ধন-ধান্য কৃষি যোজনাৰ (পিএম-ডিডিকেৱাই)ৰ অধীনত গ্ৰাম্য জীৱিকা শক্তিশালী কৰাৰ ক্ষেত্ৰত পশুধন, মীন আৰু সংশ্লিষ্ট কাৰ্য্যকলাপৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয়, ‘পিএম ধন-ধান্য কৃষি যোজনাত আমাৰ পশুধনৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।আপোনালোকে জানে ১২৫ কোটিৰো অধিক ভেকচিন বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে, যাতে জীৱ-জন্তুক ভৰি আৰু মুখত হোৱা ৰোগৰ দৰে ৰোগসমূহৰ পৰা ৰক্ষা কৰিব পাৰি। ইয়াৰ বাবে জীৱ-জন্তুবোৰ সুস্থ হৈ উঠিছে আৰু কৃষকসকলৰ চিন্তাও কমিছে।পিএম ধন-ধান্য কৃষি যোজনাৰ অধীনত পশু স্বাস্থ্যৰ সৈতে জড়িত অভিযানো স্থানীয় পৰ্যায়ত আৰম্ভ কৰা হ’ব।” প্ৰধানমন্ত্ৰীয়ে গ্ৰাম্য সমৃদ্ধিৰ বাবে বৈচিত্ৰ্যৰ গুৰুত্বৰ বিষয়ত আলোকপাত কৰি কয়, "য'ত কৃষি সম্ভৱ নহয়, তাত পশুপালন আৰু মীনপালনক প্ৰসাৰিত কৰিব লাগিব।কৃষকসকলৰ আয় বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে তেওঁলোকক পৰম্পৰাগত কৃষিৰ বাহিৰেও বিকল্প প্ৰদান কৰিছে।সেয়েহে অতিৰিক্ত আয়ৰ বাবে পশুপালন, মীন পালন আৰু মৌপালনৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।এনে পদক্ষেপেও ক্ষুদ্ৰ কৃষক আৰু ভূমিহীন পৰিয়ালক শক্তিশালী কৰিছে।”
ইয়াৰে এটা মূল আলোকপাতৰ বিষয় হৈছে উত্তৰ-পূব অঞ্চলৰ প্ৰথমটো আই ভি এফ লেবৰেটৰী, যিটো ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত অসমৰ গুৱাহাটীত ২৮.৯৩ কোটি টকা বিনিয়োগেৰে প্ৰতিষ্ঠা কৰা হৈছে। এই অত্যাধুনিক সুবিধাই উত্তৰ-পূবৰ ৰাজ্যসমূহত দুগ্ধ উন্নয়ন আৰু গো-জাতৰ উন্নতিৰ ক্ষেত্ৰত এক লক্ষ্যণীয় গতি প্ৰদান কৰিব।
ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী (এনপিডিডি)ৰ অধীনত একাধিক বৃহৎ পৰিসৰৰ দুগ্ধ আন্তঃগাঁথনি প্ৰকল্পও উদ্বোধন কৰা হৈছে । ইয়াৰ ভিতৰত আছে মেহছানা মিল্ক ইউনিয়ন প্ৰকল্প, য’ত প্ৰতিদিনে ১২০ মেট্ৰিক টন গুড়ি গাখীৰৰ প্ৰকল্প আৰু ৪৬০ কোটি টকা ব্যয়েৰে বিকশিত কৰা তথা প্ৰতিদিনে ৩.৫ লাখ লিটাৰ গাখীৰ উৎপাদন কৰা ইউ এইচ টি প্ৰকল্প ; ইন্দোৰ মিল্ক ইউনিয়নে ৭৬.৫০ কোটি টকা ব্যয় সাপেক্ষে প্ৰতিদিনে ৩০ টন উৎপাদন কৰা গুড়ি গাখীৰ উৎপাদন কৰা প্ৰকল্প ; ভিলৱাৰা মিল্ক ইউনিয়নে ৪৬.৮২ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা তথা প্ৰতিদিনে ২৫,০০০ লিটাৰ গাখীৰ উৎপাদন কৰা ইউ এইচ টি প্ৰকল্প ; তেলেংগানাৰ কৰিমনগৰৰ নুষ্টুলাপুৰত ২৫.৪৫ কোটি টকা ব্যয়ৰে গঢ়ি তোলা গ্ৰীণফিল্ড ডেইৰী প্ৰকল্প । দুগ্ধ নেটৱৰ্কক আৰু অধিক সম্প্ৰসাৰিত কৰিবলৈ এনপিডিডিৰ অধীনত মুঠ ২১৯ কোটি টকা বিনিয়োগেৰে অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাৰ কুপ্পম মণ্ডলত এটা সংহত দুগ্ধ উদ্যোগ আৰু ২০০ টিপিডি পশু খাদ্য উদ্যোগৰ আধাৰশিলা স্থাপন কৰা হৈছে।
পশুপালন আন্তঃগাঁথনি উন্নয়ন পুঁজি (এএইচআইডিএফ)ৰ অধীনত একাধিক ৰাজ্যত ৩০৩.৮১ কোটি টকাৰ ১০টা প্ৰকল্প উদ্বোধন কৰা হৈছে, যাৰ ফলত দেশৰ পশুখাদ্য, গাখীৰ আৰু পশুজাত সামগ্ৰী প্ৰক্ৰিয়াকৰণৰ ক্ষমতা শক্তিশালী হৈছে। প্ৰজনন সেৱাক শেষ মাইল পৰ্যন্ত শক্তিশালী কৰিবলৈ উত্তৰ প্ৰদেশৰ সকলো জিলাৰ পৰা ২০০০ নতুনকৈ প্ৰশিক্ষিত আৰু সজ্জিত মৈত্ৰী (MAITRI- Multipurpose Artificial Insemination Technicians in Rural India)ক ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ পত্ৰ প্ৰদান কৰিছে। এই অনুষ্ঠানত সমগ্ৰ ভাৰততে ৩৮,০০০ৰো অধিক মৈত্ৰী অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে দেশজুৰি পশুধনৰ কৃত্ৰিম প্ৰজনন কভাৰেজ তথা জিনীয় প্ৰক্ৰিয়াৰ উন্নীতকৰণৰ ক্ষেত্ৰত এক ডাঙৰ মাইলৰ খুঁটিক প্ৰতিনিধিত্ব কৰিছে।
এই পদক্ষেপসমূহে কৃষিৰ সৈতে জড়িত সংশ্লিষ্ট খণ্ডসমূহৰ সংহত আৰু বহনক্ষম উন্নয়নৰ জৰিয়তে কৃষকৰ বাবে সুযোগৰ সম্প্ৰসাৰণ ঘটাবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। এনে পদক্ষেপে সকলোৰে বাবে অৰ্থনৈতিক সুৰক্ষা আৰু পুষ্টিৰ দিশত কল্যাণ সাধন দুয়োটা বিষয়কেই নিশ্চিত কৰিছে।
পশুপালন আৰু দুগ্ধপালনৰ বাবে স্থাপন কৰা প্ৰকল্প/আধাৰশিলা স্থাপনৰ বিষয়ে বিশদ তথ্য লাভ কৰিবলৈ ইয়াত ক্লিক কৰক
***
Aditi Agrawal/DM
(Release ID: 2178101)
Visitor Counter : 5