প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বায়ু সেনা দিৱসত বায়ু সেনা আৰু তেওঁলোকৰ পৰিয়াললৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

পোষ্ট কৰা হৈছে: 08 OCT 2025 9:58AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বায়ু সেনা দিৱসত সাহসী বায়ু সেনা জোৱান আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছে।
এক্সত দিয়া এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

"বায়ু সেনা দিৱসত সকলো সাহসী বায়ু সেনা আৰু তেওঁলোকৰ পৰিয়াললৈ শুভেচ্ছা জনাইছো। ভাৰতীয় বায়ুসেনা হৈছে সাহসিকতা, অনুশাসন আৰু পৰিপূৰ্ণতাৰ প্ৰতীক। তেওঁলোকে আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ পৰিস্থিতিকে ধৰি আমাৰ আকাশ সুৰক্ষিত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তেওঁলোকৰ ভূমিকাও অতি প্ৰশংসনীয়। তেওঁলোকৰ প্ৰতিশ্ৰুতি, পেছাদাৰী মনোভাৱ আৰু অদম্য নিষ্ঠাই প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰি আহিছে।

@IAF_MCC”

***********

MJPS/ST/DD


(ৰিলিজ আই ডি : 2176242) অতিথি কক্ষ : 26