প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
05 OCT 2025 4:20PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেপালত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰাণ হেৰুওৱাসকলৰ লগতে ব্যাপক ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰে। তেওঁ এই কঠিন সময়ত নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ প্ৰতি থকা ভাৰতৰ অটল সমৰ্থনৰ কথা পুনৰবাৰ উল্লেখ কৰে। শ্ৰী মোদীয়ে সংকটৰ সময়ত বন্ধুত্বপূৰ্ণ প্ৰতিবেশী আৰু প্ৰথম সঁহাৰিদাতা হিচাপে দেশ খনৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি সকলো প্ৰয়োজনীয় সাহায্য প্ৰদানৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতিৰ কথা দৃঢ়তাৰে প্ৰকাশ কৰে।
এক্সৰ এটা পোষ্টত তেওঁ কয় যে-
“নেপালত হোৱা প্ৰচণ্ড বৰষুণৰ ফলত হোৱা প্ৰাণ হানি আৰু ক্ষয়-ক্ষতি দুখজনক।এই কঠিন সময়ত আমি নেপালৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে থিয় দিছো।এখন বন্ধুত্বপূৰ্ণ প্ৰতিবেশী আৰু প্ৰথম সঁহাৰিদাতা হিচাপে ভাৰতে প্ৰয়োজনীয় যিকোনো সহায়ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”
MJPS/SR/DM
(ৰিলিজ আই ডি : 2175176)
অতিথি কক্ষ : 33
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam