বিত্ত মন্ত্ৰালয়
কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি গান্ধীনগৰত ৰাষ্ট্ৰজোৰা বিত্তীয় সজাগতা অভিযান “আপোনাৰ পুঁজি, আপোনাৰ অধিকাৰ”-ৰ শুভাৰম্ভ কৰে
“আনক্লেইমড ডিপ’জিট কেৱল পেপাৰ এন্ট্ৰি নহয়; বৰঞ্চ ই সাধাৰণ পৰিয়ালৰ কষ্টোপাৰ্জিত সঞ্চয়ক সূচিত কৰে”- কেন্দ্ৰীয় বিত্তমন্ত্ৰী
“এই অভিযানৰ পথ-প্ৰদৰ্শক নীতি হ’ব সজাগতা (Awareness), সুগমতা (Accessibility) আৰু কাৰ্য্যৰ (Action) ৩এ কৌশল”- শ্ৰীমতী নিৰ্মলা সীতাৰমন
কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে এক বাৰ্তাযোগে এই পদক্ষেপক জনবিশ্বাস, মৰ্য্যাদা আৰু সবলীকৰণৰ দিশত এক সামূহিক প্ৰচেষ্টা ৰূপে প্ৰশংসা কৰে
“শিক্ষা, সবলীকৰণ আৰু হিতাধিকাৰীসকলৰ আন-আন আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে আনক্লেইমড ডিপ’জিট উপযোগী”- ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী কানুভাই দেশাই
“নাগৰিকসকলৰ দাবীসমূহ দ্ৰুত আৰু ন্যায্যভাৱে নিষ্পত্তি কৰিব লাগিব, ইয়াত তেওঁলোকে স্পষ্টতা প্ৰত্যক্ষ আৰু বিশ্বাস অনুভৱ কৰিব লাগিব”- সচিব, ডিএফএছ
এই অভিযানে ২০২৫-ৰ অক্টোবৰৰ পৰা ডিচেম্বৰলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সকলো জিলাকে সামৰি ল’ব
Posted On:
04 OCT 2025 5:13PM by PIB Guwahati
কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে আজি গুজৰাটৰ গান্ধীনগৰত ৰাষ্ট্ৰজোৰা সজাগতা অভিযান “আপোনাৰ পুঁজি, আপোনাৰ অধিকাৰ”-ৰ শুভাৰম্ভ কৰে। ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী কানুভাই দেশাইৰ উপস্থিতিত এই অভিযানৰ শুভাৰম্ভ কৰা হয়।

এই কাৰ্য্যসূচীত ডিএফএছৰ সচিব শ্ৰী এম. নাগাৰাজু, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্য্যবাহী সঞ্চালক, ইআৰডিএআই, ছেবি, পিএফআৰডিএৰ পূৰ্ণ-কালীন সদস্যসকলকে প্ৰমুখ্য কৰি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয় যে এই অভিযানে এক সহজ অথচ শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। সেয়া হৈছে নাগৰিকে সঞ্চয় কৰা প্ৰতিটো টকা তেওঁলোকলৈ বা তেওঁলোকৰ পৰিয়াললৈ ঘূৰাই দিব লাগিব।

বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয়, “আনক্লেইমড ডিপ’জিট, বীমাৰ ধন, লভ্যাংশ, মিউচুৱেল ফাণ্ডৰ বেলেঞ্চ আৰু পেঞ্চন কেৱল পেপাৰ এন্টি নহয়, বৰঞ্চ ই সাধাৰণ পৰিয়ালৰ কষ্টোপাৰ্জিত সঞ্চয়ক সূচিত কৰে — সঞ্চয় যিয়ে শিক্ষা, স্বাস্থ্যসেৱা আৰু আৰ্থিক সুৰক্ষাক সহায় কৰিব পাৰে।”
ইয়াৰ উপৰিও কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে এই অভিযানৰ পথ-প্ৰদৰ্শক নীতি হিচাপে “৩এ” — সজাগতা (Awareness), সুগমতা (Accessibility) আৰু কাৰ্য্যৰ (Action) — ৰ গুৰুত্বত আলোকপাত কৰে। সজাগতাৰ লক্ষ্য হৈছে প্ৰতিজন নাগৰিক আৰু প্ৰতিখন সমাজক আনক্লেইমড সম্পত্তিৰ অনুসৰণ কেনেকৈ কৰিব পাৰি, সেই সম্পৰ্কে অৱগত কৰা। সুগমতাই সৰলীকৃত ডিজিটেল সঁজুলি আৰু জিলা-পৰ্য্যায়ৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। কাৰ্য্যই সময়সীমাবদ্ধ আৰু স্বচ্ছ দাবী নিষ্পত্তিত গুৰুত্ব আৰোপ কৰে।
“এই তিনিটা স্তম্ভই একেলগে নাগৰিক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ মাজৰ ব্যৱধান দূৰ কৰাত সহায় কৰিব, সমাজৰ সজাগতাক প্ৰসাৰিত কৰিব আৰু প্ৰতিজন ব্যক্তিক নিজৰ সঞ্চয় সহজে পুনৰ উদ্ধাৰ কৰিবলৈ সক্ষম কৰিব”, শ্ৰীমতী নিৰ্মলা সীতাৰমনে কয়।
বিত্তমন্ত্ৰীগৰাকীয়ে শেহতীয়া কেৱাইচি আৰু পুনৰ-কেৱাইচি অভিযানত আঞ্চলিক গ্ৰামীণ বেংক বিশেষকৈ গুজৰাট গ্ৰামীণ বেংক আৰু আন-আন বিত্তীয় প্ৰতিষ্ঠানসমূহে পালন কৰা সক্ৰিয় ভূমিকাকো স্বীকাৰ কৰে। এই প্ৰচেষ্টাসমূহে নাগৰিক আৰু আনুষ্ঠানিক বিত্তীয় ব্যৱস্থাৰ মাজৰ সংযোগক শক্তিশালী কৰিছে বুলি তেওঁ উল্লেখ কৰে। “গাঁও আৰু চহৰত গ্ৰহণ কৰা এনে পদক্ষেপে হিতাধিকাৰীসকল তেওঁলোকৰ সঞ্চয় আৰু প্ৰাপ্যতাৰ সৈতে সংযুক্ত হৈ থকাটো নিশ্চিত কৰিছে, যিয়ে বৰ্তমানৰ অভিযানৰ সফলতাৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে”, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়।
শ্ৰীমতী সীতাৰমনে সকলো প্ৰতিষ্ঠানকে আনক্লেইমড আৰ্থিক সম্পত্তিৰ ক্ষেত্ৰত উক্ত ৰাষ্ট্ৰজোৰা পদক্ষেপক একেই নিষ্ঠাৰে আগবঢ়াই নিবলৈ আহ্বান জনায়, যাতে সকলো নাগৰিকে নিজৰ প্ৰাপ্য ধন লাভ কৰে।
শ্ৰীমতী নিৰ্মলা সীতাৰমনে ভিন্ন প্ৰতিষ্ঠানৰ পৰা আনক্লেইমড ডিপ’জিট সফলতাৰে উদ্ধাৰ কৰা হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদানেৰে গুজৰাটৰ ৰাজ্যিক বিত্তমন্ত্ৰী শ্ৰী কানুভাই দেশাইয়ে গুজৰাটৰ পৰা এই দেশজোৰা অভিযান আৰম্ভ হোৱাটো ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখেৰে সক্ৰিয় অংশগ্ৰহণ আৰু প্ৰচাৰৰ জৰিয়তে ইয়াৰ সফল ৰূপায়ণৰ বাবে পূৰ্ণ সমৰ্থনৰ আশ্বাস প্ৰদান কৰে। “শিক্ষা, সবলীকৰণ আৰু হিতাধিকাৰীসকলৰ আন-আন আৰ্থিক প্ৰয়োজনীয়তাৰ বাবে আনক্লেইমড ডিপ’জিট উপযোগী”, শ্ৰী কানুভাই দেশাইয়ে কয়।
এই কাৰ্য্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা গান্ধীনগৰ লোকসভা সমষ্টিৰ সাংসদ শ্ৰী অমিত শ্বাহৰ বাৰ্তাও শুনোৱা হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নাগৰিকসকলক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। বাৰ্তাটোত তেখেতে কয় যে এই পদক্ষেপ আনক্লেইমড বিত্তীয় সম্পত্তি ঘূৰাই দিয়াতে সীমাবদ্ধ নহয়, বৰঞ্চ উক্ত অভিযানে জনসাধাৰণৰ আস্থা, মৰ্য্যাদা আৰু সবলীকৰণৰ দিশত এক সামূহিক প্ৰচেষ্টাক সামৰি লৈছে।

ইয়াত ভাষণ প্ৰদানেৰে ডিএফএছৰ সচিব শ্ৰী শ্ৰী এম. নাগাৰাজুয়ে কয় যে ২০২৫-ৰ আগষ্টলৈকে ৭৫,০০০ কোটি টকাৰো অধিক আনক্লেইমড ডিপ’জিট আৰবিআইৰ জমাকাৰী শিক্ষা আৰু সজাগতা পুঁজিলৈ হস্তান্তৰিত হৈছে। তেওঁ লগতে কয় যে আনক্লেইমড বীমাৰ ধন ১৩,৮০০ কোটি টকাৰো অধিক হৈছে, মিউচুৱেল ফাণ্ডত আনক্লেইমড বেলেঞ্চৰ পৰিমাণ প্ৰায় ৩,০০০ কোটি টকা আৰু ৯,০০০ কোটি টকাৰো অধিক মূল্যৰ অনাদায় লভ্যাংশ আছে।
“নাগৰিকসকলৰ দাবীসমূহ দ্ৰুত আৰু ন্যায্যভাৱে নিষ্পত্তি কৰিব লাগিব, ইয়াত তেওঁলোকে স্পষ্টতা প্ৰত্যক্ষ আৰু বিশ্বাস অনুভৱ কৰিব লাগিব”, ডিএফএছৰ সচিবজনে লগতে কয়। তেওঁ আৰু কয় যে এই অভিযানৰ লক্ষ্য হৈছে বিভাগটোৰ দীৰ্ঘদিনীয়া লক্ষ্য প্ৰতিজন নাগৰিকৰ আৰ্থিক সবলীকৰণ নিশ্চিত কৰা।
এই পৰ্য্যন্ত প্ৰায় ১৭২ কোটি শ্বেয়াৰ বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজিলৈ হস্তান্তৰ কৰা হৈছে। এই আৰম্ভণিৰ জৰিয়তে ভাৰতৰ বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিশাল কৃতিত্ব প্ৰতিফলিত হৈছে। জন ধন আঁচনি আৰু ইউপিআইৰ পৰা প্ৰত্যক্ষ লাভ হস্তান্তৰলৈকে - নাগৰিকসকলে কেৱল বিত্তীয় সেৱাৰ সুবিধা লাভ কৰাই নহয়, বৰঞ্চ তেওঁলোকৰ সঠিকভাৱে থকা সম্পদো পুনৰ লাভ কৰাটো নিশ্চিত কৰা হৈছে।
গুজৰাটত “আপোনাৰ পুঁজি, আপোনাৰ অধিকাৰ” অভিযানৰ আৰম্ভণিৰে চৰকাৰে আৰ্থিক অন্তৰ্ভুক্তিক অৰ্থপূৰ্ণ, স্বচ্ছ আৰু প্ৰতিঘৰ গৃহস্থীতে সুলভ কৰি তোলাৰ অংগীকাৰক পুনৰ দৃঢ় কৰে।
ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ এই অভিযান অক্টোবৰৰ পৰা ডিচেম্বৰলৈ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে অব্যাহত থাকিব। ডিজিটেল প্ৰদৰ্শন আৰু হেল্পডেস্কে নাগৰিকসকলক তেওঁলোকৰ আনক্লেইমড বিত্তীয় সম্পত্তিৰ সন্ধান আৰু দাবী কৰাত সহায় কৰিব, যিয়ে নাগৰিককেন্দ্ৰিক শাসনৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা আৰু জীৱন-যাপনৰ সহজতা বৃদ্ধিৰ বহল দৃষ্টিভংগীক প্ৰতিফলিত কৰিব।
বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগ (DFS)-ৰ সমন্বয়ত এই অভিযানে ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI), ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (SEBI), ভাৰতীয় বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ (IRDAI), পেঞ্চন পুঁজি নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ (PFRDA) আৰু বিনিয়োগকাৰী শিক্ষা আৰু সুৰক্ষা পুঁজি কৰ্তৃপক্ষ (IEPFA)-ৰ লগতে বেংক, বীমা কোম্পানী, মিউচুৱেল ফাণ্ড আৰু পেঞ্চন প্ৰতিষ্ঠানসমূহক এখন উমৈহতীয়া মঞ্চত একত্ৰিত কৰিছে।
……..
NB/AD/SB
(Release ID: 2174927)
Visitor Counter : 4