ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ইউআইডিএআই-এ ৭–১৫ বছৰ বয়সৰ শিশুৰ বাবে আধাৰ বাঅ’মেট্ৰিক আপডেটৰ ক্ষেত্ৰত মাচুল ৰেহাই দিছে, যিয়ে প্ৰায় ৬ কোটি শিশুক উপকৃত কৰিব

এমবিইউ মাচুল ৰেহাই ২০২৫-ৰ ১ অক্টোবৰৰ পৰা কাৰ্য্যকৰী হৈছে আৰু এবছৰৰ বাবে বলবৎ থাকিব

আধাৰৰ বিনামূলীয়া বাঅ’মেট্ৰিক আপডেটে শিশুৰ শিক্ষা, বৃত্তি আৰু ডিবিটি আঁচনি লাভ কাৰ্য্য সহজ কৰি তুলিব

Posted On: 04 OCT 2025 7:03PM by PIB Guwahati

এটি জনসাধাৰণৰ-অনুকূল পদক্ষেপ হিচাপে ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (UIDAI) বাধ্যতামূলক বাঅ’মেট্ৰিক আপডেট (MBU-1)-ৰ ক্ষেত্ৰত সকলো মাচুল ৰেহাই দিছে। এই পদক্ষেপে প্ৰায় ৬ কোটি শিশুক উপকৃত কৰিব বুলি আশা কৰা হৈছে।

উক্ত বয়সৰ গোটটোৰ বাবে এমবিইউৰ মাচুল ৰেহাই ব্যৱস্থা ইতিমধ্যে ২০২৫-ৰ ১ অক্টোবৰৰ পৰা কাৰ্য্যকৰী হৈছে আৰু এবছৰৰ বাবে বলবৎ হ’ব।

পাঁচ বছৰৰ তলৰ শিশুৱে ফটোগ্ৰাফ, নাম, জন্মৰ তাৰিখ, লিংগ, ঠিকনা আৰু জন্মৰ প্ৰমাণ পত্ৰ প্ৰদানেৰে আধাৰৰ বাবে নামভৰ্তি কৰে। পাঁচ বছৰৰ তলৰ শিশুৰ আধাৰৰ নামভৰ্তিৰ ক্ষেত্ৰত আঙুলিৰ ছাপ আৰু আইৰিছ বাঅ’মেট্ৰিক ল’ব নোৱাৰি, কাৰণ তেওঁলোক পৰিপক্ক হৈ নুঠে।

বৰ্তমানৰ নিয়ম অনুসৰি, শিশুৰ পাঁচ বছৰ হ’লে তেওঁৰ আধাৰত আঙুলিৰ ছাপ, আইৰিছ আৰু ফটো আপডেট কৰাটো বাধ্যতামূলক। ইয়াক প্ৰথম বাধ্যতামূলক বাঅ’মেট্ৰিক আপডেট (MBU) বুলি কোৱা হয়। একেদৰে এটি শিশুৰ ১৫ বছৰ বয়সত বাঅ’মেট্ৰিক আকৌ এবাৰ আপডেট কৰিব লাগিব, যাক দ্বিতীয় এমবিইউ বুলি কোৱা হয়।

প্ৰথম আৰু দ্বিতীয় এমবিইউ, যদি ক্ৰমে ৫-৭ আৰু ১৫-১৭ বছৰৰ ভিতৰত কৰা হয়, তেন্তে এয়া বিনামূলীয়া। ইয়াৰ পিছত নিৰ্ধাৰিত মাচুল হৈছে প্ৰতি এমবিইউত ১২৫/- টকা। কিন্তু এই সিদ্ধান্তৰ জৰিয়তে এতিয়া ৫-১৭ বছৰ বয়সৰ সকলো শিশুৰ বাবে এমবিইউ একেবাৰে বিনামূলীয়া।

উন্নীতকৃত বাঅ’মেট্ৰিক সম্পন্ন আধাৰে জীৱন-যাপনৰ সুবিধা প্ৰদান কৰে আৰু যি ক্ষেত্ৰতেই প্ৰযোজ্য হয়, তাতেই যেনেঃ বিদ্যালয়ত নামভৰ্তি, প্ৰৱেশ পৰীক্ষাৰ বাবে পঞ্জীয়ন, বৃত্তি, ডিবিটি (প্ৰত্যক্ষ লাভ হস্তান্তৰ) আঁচনি আদিৰ সুবিধা লাভত আধাৰৰ নিৰৱচ্ছিন্ন ব্যৱহাৰ নিশ্চিত কৰে। সেয়ে পিতৃ-মাতৃ/ অভিভাৱকসকলক আধাৰত সন্তানৰ বাঅ’মেট্ৰিক আপডেট কৰিবলৈ পৰামৰ্শ জনোৱা হৈছে।

****

Dharmendra Tewari/SB
 


(Release ID: 2174926) Visitor Counter : 4