গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

গান্ধী জয়ন্তী উপলক্ষ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে নতুন দিল্লীৰ কন’থ প্লেচত থকা খাদী ইণ্ডিয়া শ্ব’ৰুম পৰিদৰ্শন কৰে; শ্ৰী শ্বাহে খাদী সামগ্ৰী ক্ৰয় কৰি অনলাইন পেমেণ্ট কৰে

মহাত্মা গান্ধীয়ে ভাৰতৰ আত্মাক চিনি পাই সাধাৰণ মানুহক ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিবলৈ জাগ্ৰত কৰিছিল

গান্ধীজীয়ে স্বাধীনতা আন্দোলনত বহু উপাদান সৃষ্টি কৰিছিল, যিয়ে ভাৰতৰ ভৱিষ্যতৰ মানচিত্ৰ গঢ়ি তুলিছে, সেইবোৰৰ পৰাই দুটা উল্লেখযোগ্য ধাৰণা —খাদী আৰু স্বদেশীৰ ধাৰণাৰ উন্মেষ ঘটিছিল

দেশক স্বদেশী আৰু খাদীৰ ধাৰণা দি মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনক ত্বৰান্বিত কৰাই নহয় দেশৰ বহু দৰিদ্ৰ লোকৰ জীৱনলৈও পোহৰ আনিছিল

২০০৩ চনত যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ খাদীক পুনৰুজ্জীৱিত কৰাৰ বাবে এক উল্লেখযোগ্য অভিযান আৰম্ভ কৰিছিল, যাৰ ফলত এই আন্দোলনৰ আৰম্ভণি হৈছিল

মোদী জীৰ কাৰ্যকালৰ ১১ বছৰত খাদী আৰু গ্ৰাম উদ্যোগৰ সামগ্ৰীৰ বিক্ৰী ৩৩ হাজাৰ কোটি টকাৰ পৰা পাঁচগুণ বৃদ্ধি পাই ১.৭ লাখ কোটি টকা হৈছে

গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিটো পৰিয়ালক বছৰি কমেও ৫ হাজাৰ টকাৰ খাদী সামগ্ৰী ক্ৰয় কৰিবলৈ আহ্বান জনায়, যাৰ ফলত লাখ লাখ লোকে কৰ্মসংস্থাপন লাভ কৰিব আৰু তেওঁলোকৰ জীৱনলৈ পোহৰ আহিব

Posted On: 02 OCT 2025 4:47PM by PIB Guwahati

গান্ধী জয়ন্তী উপলক্ষ্যে  কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি নতুন দিল্লীৰ কন’থ প্লেচত থকা খাদী ইণ্ডিয়া শ্ব’ৰুম  পৰিদৰ্শন কৰে। শ্ৰী শ্বাহে খাদী সামগ্ৰী ক্ৰয় কৰি অনলাইন পেমেণ্ট কৰে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে এই উপলক্ষ্যে  কয় যে মহাত্মা গান্ধীয়ে ভাৰতৰ আত্মাক স্বীকৃতি দি সাধাৰণ জনতাক ব্ৰিটিছৰ বিৰুদ্ধে থিয় দিবলৈ জাগ্ৰত কৰিছিল। তেওঁ কয় যে গান্ধীজীয়ে স্বাধীনতা আন্দোলনত বহু উপাদান সৃষ্টি কৰিছিল, যিয়ে ভাৰতৰ ভৱিষ্যতৰ মানচিত্ৰ গঢ়ি তুলিছে। শ্ৰী শ্বাহে কয় যে  সেইবোৰৰ পৰাই দুটা  উল্লেখযোগ্য ধাৰণা —খাদী আৰু স্বদেশীৰ ধাৰণাৰ উন্মেষ ঘটিছিল ।

স্বাধীনতা আন্দোলনক খাদী আৰু স্বদেশীৰ পৰা পৃথকে চাব নোৱাৰি বুলি তেওঁ উল্লেখ কৰে । শ্ৰী শ্বাহে লগতে কয় যে দেশক স্বদেশী আৰু খাদীৰ ধাৰণা দি মহাত্মা গান্ধীয়ে স্বাধীনতা আন্দোলনক ত্বৰান্বিত কৰাই নহয় দেশৰ বহু দৰিদ্ৰ লোকৰ জীৱনলৈও পোহৰ আনিছিল।

শ্ৰী অমিত শ্বাহে কয় যে বহুদিন ধৰি খাদী আৰু স্বদেশী দুয়োটা ধাৰণাই পাহৰণিৰ মাজত আছিল।  ২০০৩ চনত যেতিয়া শ্ৰী নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ খাদীক পুনৰুজ্জীৱিত কৰাৰ বাবে এক উল্লেখযোগ্য অভিযান আৰম্ভ কৰিছিল, আৰু তাৰ পৰাই এই আন্দোলনৰ আৰম্ভণি হৈছিল। গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে খাদী পুনৰবাৰ মানুহৰ মাজত সাধাৰণ ব্যৱহাৰৰ বস্তু হৈ পৰিছে। তেওঁ লগতে কয় যে মোদী জীৰ কাৰ্যকালৰ ১১ বছৰত খাদী আৰু গ্ৰাম  উদ্যোগৰ সামগ্ৰীৰ বিক্ৰী ৩৩ হাজাৰ কোটি টকাৰ পৰা পাঁচগুণ বৃদ্ধি পাই ১.৭ লাখ কোটি টকা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীৰ জৰিয়তে স্বদেশীৰ ধাৰণাক প্ৰচাৰ কৰি দেশৰ জনসাধাৰণক অৰ্থনৈতিক উন্নয়ন আৰু মেক ইন ইণ্ডিয়া অভিযানৰ সৈতে সংযোগ স্থাপনৰ বাবে অনুপ্ৰাণিত কৰিছে। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালে নিজৰ ঘৰত কোনো বিদেশী সামগ্ৰী ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে। তেওঁ লগতে কয় যে একেদৰে লাখ লাখ দোকানীয়ে নিজৰ দোকানত কোনো বিদেশী সামগ্ৰী বিক্ৰী নকৰাৰ সংকল্প লৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ  মন্ত্ৰীগৰাকীয়ে দেশবাসীক খাদী আৰু স্বদেশী  অভিযান সফল কৰি তুলিবলৈ আহ্বান জনোৱাৰ লগতে দেশৰ প্ৰতিটো পৰিয়ালে বছৰি কমেও ৫ হাজাৰ টকাৰ খাদী সামগ্ৰী ক্ৰয় কৰাৰ সংকল্প  গ্ৰহণ কৰিব  লাগে বুলি কয়। ইয়াৰ দ্বাৰা লাখ লাখ লোকে  কৰ্মসংস্থাপন লাভ কৰাৰ লগতে তেওঁলোকৰ জীৱনলৈ পোহৰ আহিব।

শ্ৰী শ্বাহে উল্লেখ কৰে যে যেতিয়া আমি স্বদেশীৰ  ব্ৰত গ্ৰহণ কৰোঁ তেতিয়া ২০৪৭ চনৰ ভিতৰত ভাৰতক বিশ্বৰ শীৰ্ষ স্থানলৈ লৈ যোৱাৰ অভিলাষী অভিযানৰ সৈতেও নিজকে সংযুক্ত কৰো। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে আৰম্ভ কৰা দুয়োটা অভিযানেই—খাদীৰ ব্যৱহাৰক প্ৰসাৰিত কৰা আৰু স্বদেশীক আঁকোৱালি লোৱাই আমাক শক্তিশালী কৰা উচিত। আমি এই অভিযানবোৰক আমাৰ জীৱনৰ  অংগ কৰি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়াই নিব লাগে।

 

 

RK/VV/PS/PR/DM


(Release ID: 2174512) Visitor Counter : 3