গৃহ মন্ত্ৰালয়
প্ৰাক্তন সংসদ সদস্য তথা জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে
নতুন দিল্লীত প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰিলে শ্ৰী অমিত শ্বাহে
সংগঠনক গঢ় দিয়া আৰু ইয়াৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰা জীৰ মৃত্যুত গভীৰভাৱে মৰ্মাহত হৈছো
দলৰ ৰাজ্যিক সভাপতি হিচাপেই হওক, দিল্লী বিধানসভাৰ বিৰোধী দলৰ নেতা হিচাপেই হওক বা জনপ্ৰতিনিধি হিচাপেই হওক, বিজয় কুমাৰ মালহোত্ৰাজীয়ে প্ৰতিটো ক্ষেত্ৰতে দেশ আৰু দিল্লীৰ জনসাধাৰণৰ বাবে সেৱা কৰিছিল।
বিজয় কুমাৰ মালহোত্ৰাজীয়ে দিল্লীত দলৰ সংগঠনক শক্তিশালী কৰাই নহয়, বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে ৰজহুৱা সমস্যা সমাধানৰ বিষয়তো সদায় অগ্ৰাধিকাৰ দিছিল
এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতেদলৰ সমগ্ৰ পৰিয়ালে থিয় দিছে
Posted On:
30 SEP 2025 5:04PM by PIB Guwahati
প্ৰাক্তন সংসদ সদস্য তথা জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে। নতুন দিল্লীত শ্ৰী অমিত শ্বাহে প্ৰয়াত নেতাগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা জ্ঞাপন কৰে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে ‘এক্স’ত এই সন্দৰ্ভত পোষ্ট দিয়া পোষ্টত কয় যে সংগঠনক গঢ় দিয়া আৰু ইয়াৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা জ্যেষ্ঠ নেতা বিজয় কুমাৰ মালহোত্ৰা জীৰ মৃত্যুত তেওঁ গভীৰভাৱে মৰ্মাহত হৈছে।
দলৰ দিল্লীৰ ৰাজ্যিক সভাপতি হিচাপেই হওক, দিল্লী বিধানসভাত বিৰোধী দলৰ নেতা হিচাপেই হওক বা জনপ্ৰতিনিধি হিচাপেই হওক, বিজয় কুমাৰ মালহোত্ৰাজীয়ে প্ৰতিটো ক্ষেত্ৰতে দেশ আৰু দিল্লীৰ জনসাধাৰণৰ বাবে সেৱা কৰিছিল।

শ্ৰী শ্বাহে লগতে কয় যে তেওঁৰ সৈতে হোৱা প্ৰতিখন বৈঠকতে তেওঁ সাংগঠনিক বিষয়ৰ সৈতে জড়িত বহুতো মূল্যৱান অন্তৰ্দৃষ্টিৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল । এই শোকৰ মুহূৰ্তত তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে দলৰ সমগ্ৰ পৰিয়ালে থিয় দিছে। ঈশ্বৰে বিদেহ আত্মাক তেওঁৰ ঐশ্বৰিক চৰণত স্থান প্ৰদান কৰক। ওম শান্তি শান্তি শান্তি।
শ্ৰী অমিত শ্বাহে কয় যে বিজয় কুমাৰ মালহোত্ৰা জীয়ে কেৱল দিল্লীত দলৰ সংগঠন শক্তিশালী কৰাই নহয়, বিভিন্ন দায়িত্ব পালন কৰাৰ লগতে ৰাজহুৱা সমস্যা সমাধানৰ বিষয়তো সদায় অগ্ৰাধিকাৰ দিছিল। আজি তেওঁৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।
issues. Today, paid tribute to his mortal remains and expressed condolences to his family members.
RK/VV/PR/PS/DM
(Release ID: 2173410)
Visitor Counter : 6