যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
azadi ka amrit mahotsav

ক্ৰীড়া বঁটাৰ বাবে আবেদন আহ্বান যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ

Posted On: 30 SEP 2025 11:17AM by PIB Guwahati

ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্টতাক স্বীকৃতি জনোৱা আৰু পুৰস্কৃত কৰিবলৈ প্ৰতি বছৰে ক্ৰীড়া বঁটা প্ৰদান কৰা হয়। মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ক্ৰীড়াক্ষেত্ৰত এগৰাকী ক্ৰীড়াবিদৰ দৰ্শনীয় আৰু অতি উল্লেখযোগ্য প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয়; অৰ্জুন বঁটা ক্ৰীড়াবিদৰ ধাৰাবাহিক অসাধাৰণ প্ৰদৰ্শনৰ বাবে প্ৰদান কৰা হয়; অৰ্জুন বঁটা (জীৱনজোৰা) ক্ৰীড়াৰ বিকাশৰ ক্ষেত্ৰত জীৱনজোৰা বৰঙণিৰ বাবে প্ৰদান কৰা হয়। একেদৰে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক লাভ কৰা খেলুৱৈৰ প্ৰশিক্ষকসকলক দ্ৰোণাচাৰ্য্য বঁটা প্ৰদান কৰা হয়। দেশত ক্ৰীড়াৰ প্ৰসাৰ আৰু বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা কৰ্পৰেট প্ৰতিষ্ঠান (ৰাজহুৱা/ব্যক্তিগত), বেচৰকাৰী সংস্থা (NGO)-ক ৰাষ্ট্ৰীয় খেল প্ৰোৎসাহন পুৰস্কাৰ (RKPP) প্ৰদান কৰা হয়। আঁচনিৰ প্ৰতিলিপি মন্ত্ৰালয়ৰ ৱেবছাইট www.yas.nic.in-ত চাব পাৰিব।

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰতি বছৰে ক্ৰীড়া বঁটাৰ বাবে আবেদন আহ্বান কৰি আহিছে। ২০২৫-ৰ এই ক্ৰীড়া বঁটাৰ বাবে আবেদন আহ্বানৰ অধিসূচনাসমূহ www.yas.nic.in-ৱেবছাইটত আপল’ড কৰা হৈছে।

সেয়েহে সংশ্লিষ্ট বঁটাসমূহৰ বাবে যোগ্য খেলুৱৈ/ প্ৰশিক্ষক/ প্ৰতিষ্ঠানসমূহৰ পৰা আবেদন আহ্বান কৰা হৈছে। এটা নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে কেৱল অনলাইন ম’ডত আবেদন দাখিল কৰিব পাৰিব।

বঁটাৰ নীতি-নিৰ্দেশনা অনুসৰি যোগ্য আবেদনকাৰীসকলে কেৱল www.dbtyas-sports.gov.in পৰ্টেলত অনলাইন মাধ্যমেৰে নিজেই আবেদন কৰিব লাগিব। অনলাইন আবেদন প্ৰ-পত্ৰ দাখিলৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’লে আবেদনকাৰীয়ে ক্ৰীড়া বিভাগৰ সৈতে ইমেইল sportsawards-moyas[at]gov[dot]in-ত যোগাযোগ কৰিব পাৰিব। ঠিক সেইদৰে টেলিফোন নং ০১১-২৩৩-৮৭৪৩২-ত যিকোনো কৰ্মদিনৰে পুৱা ৯.০০ বজাৰ পৰা বিয়লি ৫.৩০ বজালৈ বা ট’ল ফ্ৰী নং ১৮০০-২০২-৫১৫৫, ১৮০০-২৫৮-৫১৫৫-ত (যিকোনো কৰ্মদিনৰে পুৱা ৮.০০ বজাৰ পৰা নিশা ৮.০০ বজালৈ) যোগাযোগ কৰিব পাৰিব। বঁটাসমূহৰ বাবে যোগ্য খেলুৱৈ/ প্ৰশিক্ষক/ প্ৰতিষ্ঠানসমূহে ২০২৫-ৰ ২৮ অক্টোবৰৰ (অৰ্থাৎ মঙলবাৰ) নিশা ১১:৫৯ বজাৰ ভিতৰত অনলাইন পৰ্টেল www.dbtyas-sports.gov.in-ত আবেদনসমূহ দাখিল কৰিব লাগিব।

*****

Rini Choudhary/SB


(Release ID: 2173407) Visitor Counter : 5